হেকাৰৰ ভাৰতৰ তথ্য, সম্প্ৰচাৰমন্ত্ৰ্যালয়ৰ তথ্য ডাৰ্ক ৱেবত বিক্ৰীৰ চেষ্টা

0
147

এজন হেকাৰে গুগ্‌লৰ চি ই অ’ সুন্দৰ পিচাই আৰু বলিউডৰ অভিনেতা ছলমান খানকে ধৰি প্ৰায় ৪০ কোটি টুইটাৰ ব্যৱহাৰকাৰীৰ ব্যক্তিগত তথ্য চুৰ কৰে আৰু সেইবোৰ ডাৰ্ক ৱেবত বিক্ৰী কৰিবলৈ বিচাৰিছে৷ হেকাৰে তথ্য চুৰ কৰা ব্যক্তি-সংগঠনসমূহৰ ভিতৰত ভাৰতৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়, ড’নাল্ড ট্ৰাম্প জুনিয়ৰ, বিশ্ব স্বাস্থ্য সংগঠনৰ ছ’চিয়েল মিডিয়া, স্পেচ এক্স আৰু চি বি এছ মিডিয়াও আছে৷ ইজৰাইলী চাইবাৰ ইণ্টেলিজেন্স কোম্পানী হাডছন ৰকে প্ৰকাশ কৰে যে টুইটাৰ ব্যৱহাৰকাৰীসকলৰ ই-মেইল, ইউজাৰনে’ম, ফল’ৱাৰ আৰু কিছুমানৰ ফ’ন নম্বৰ ডাৰ্ক ৱেবত বিক্ৰী কৰিবলৈ বিচৰা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here