Home Daily news অসমৰ বানাক্ৰান্তক সাহায্যৰ বাবে গুগ্‌লৰ বৃহৎ পদক্ষেপ

অসমৰ বানাক্ৰান্তক সাহায্যৰ বাবে গুগ্‌লৰ বৃহৎ পদক্ষেপ

অসমৰ প্ৰলয়ংকৰী বানৰ বাবে ৰাজ্যৰ বিভিন্ন ব্যক্তি-সংস্থাৰ উপৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজনে সাহায্য আগবঢ়াইছে৷ কিন্তু এইবাৰ বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ ছফ্‌টৱেৰ প্ৰতিষ্ঠান গুগ্‌ল আগবাঢ়ি আহিছে অসমৰ বানাক্ৰান্তৰ সহায়ৰ বাবে৷ গুগ্‌লে অসমৰ বান পৰিস্থিতিত অসমবাসীক সহায় কৰিবৰ বাবে বৃহৎ পুঁজি সংগ্ৰহৰ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে৷ 
বিশ্বৰ সৰ্ববৃহৎ ছফ্‌টৱেৰ প্ৰতিষ্ঠানটোৱে অসমৰ বানাক্ৰান্তৰ বাবে প্ৰায় চাৰি কোটি টকা সংগ্ৰহ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰি এটা দুৰ্যোগ দানকেন্দ্ৰ আৰম্ভ কৰিছে৷ সকলোৰে পৰা অসমৰ বানাক্ৰান্তৰ বাবে সহায় আহবান কৰি গুগ্‌লে ইতিমধ্যে এটা এছ অ’ এছ এলাৰ্ট জাৰিও কৰিছে৷ 
উল্লেখ্য যে অসমৰ বানত সৰ্বস্বান্ত হোৱা জনসাধাৰণলৈ গৃহ পুনৰ নিৰ্মাণ কৰা, ঘৰুৱা সামগ্ৰী যোগান ধৰা, খাদ্য সামগ্ৰী যোগান ধৰা, পোনপটীয়াকৈ ধন প্ৰেৰণ কৰা আৰু হাইজিন কিট আগবঢ়াবৰ বাবে পুঁজি সংগ্ৰহ অভিযানত নামিছে গুগ্‌ল৷ অসমৰ প্ৰলয়ংকৰী বানৰ খবৰ দেশ-বিদেশত বিয়পি পৰাৰ পাছতে গুগ্‌লে এই পদক্ষেপ গ্ৰহণ কৰিছে৷
বিশ্বৰ ছফ্‌টৱেৰ আৰু টেক্‌নিকেল জায়েণ্ট হিচাপে জনাজাত গুগলে অসমৰ বানাক্ৰান্তৰ বাবে দীৰ্ঘকালীন পদক্ষেপেৰে সাহায্য আগবঢ়োৱাৰ পৰিকল্পনা কৰিছে৷ আনকি বানত বাসগৃহ উটি যোৱা বা ধবংস হোৱা ঘৰ পুনৰ নিৰ্মাণ কৰিবৰ বাবেও সহায় আগবঢ়াব৷
আনহাতে গুগ্‌লে অসমত সাহায্য আগবঢ়াবৰ বাবে সহজ কৰিবলৈ কিছুমান নিৰ্দিষ্ট স্থান চিনাক্ত কৰাৰ চেষ্টাও কৰি আছে৷ আনহাতে গুগ্‌লে সাহায্য সংগ্ৰহ কৰাৰ বাবে স্মাইল ফাউণ্ডেশ্যন আৰু গুঞ্জ নামৰ দুটা নিৰ্দিষ্ট সংস্থাও নিৰ্ধাৰণ কৰি দিছে৷ গুগ্‌ল পে’ৰ জৰিয়তে দুয়োটা স্থানত সহায় আগবঢ়াব পাৰে৷

Most Popular

বিস্কুটৰ গাত অসংখ্য ছিদ্ৰ থকাৰ আঁৰৰ কথা জানেনে ?

বিস্কুট খোৱাটো আমি সকলোৱে পচন্দ কৰোঁ৷ পুৱাৰ ফিকা চাহকাপৰ সৈতে এখন বিস্কুট খোৱাৰ আমেজেই সুকীয়া৷ চাহ-বিস্কুটৰ জুতি নল’লে দিনটো যেন অসম্পূৰ্ণ হৈয়ে...

বিজ্ঞানীৰ উদ্ভাৱন : বিশ্বৰ ৰূপ সলনি কৰিব Red matter-এ

আধুনিক বিজ্ঞান-প্ৰযুক্তিৰ দিশত বিজ্ঞানীসকলে ন ন কৌশল উদ্ভাৱন ব্ৰতী হৈ আছে৷ ইয়াৰে ফচল হিচাপে এইবাৰ বিজ্ঞানীসকলে নতুন পদাৰ্থ...

নিমিষতে ম’বাইল ডাটা শেষনহ’বলৈ এই পদ্ধতি অৱলম্বন কৰক

আপুনি গোটেই দিনটোত ফে’চবুক, ৱাটছএপ কোনোটোৱে ব্যৱহাৰ কৰা নাই, অথচ আপোনাৰ স্মাৰ্টফোনটোৰ ডাটা ৫০ শতাংশ শেষ হৈ গৈছে৷ তাৰ বাবে আপুনি কাষ্টমাৰ...

বেচনৰ হেয়াৰ মাস্ক : চুলিৰ যত্নত কিদৰে ব্যৱহাৰ কৰিব ?

বহু যুগ ধৰি সৌন্দৰ্য বজাই ৰখাৰ বাবে বেচন ব্যৱহাৰ হৈ আহিছে৷ ছালৰ উজ্জ্বলতা, ব্ৰুন বা মুখৰ দাগ, পিগমেণ্টটেশ্যন আদি ছালৰ যিকোনো সমস্যা...