ডিমৰু ফল চিনি পায়নে ? ইয়াৰ আছে আচৰিত গুণ

0
1406

ডিমৰু গছ বহুতৰে বাবে হয়তো চিনাকি নহয়৷ বহুতৰ বাবে অপৰিচিত এই ডিমৰু গছজোপা৷ ঘৰৰ একেবাৰে পিছফালে জয়াল ঠাইত, জংঘল আদিত এই গছবিধ দেখিবলৈ পোৱা যায়৷ জোপোহা, ডাঙৰ গছজোপাৰ লগা ফলবিধতৰ সৈতেও ববহুতেই পৰিচিত নহয়৷ আমাৰ পৰিৱেশত সহজে উপলব্ধ ডিমৰু গছৰ ফলৰ কিমান আচৰিত গুণ আছে, সেয়া হয়তো আমাৰ জ্ঞাত নহয়৷ সাধাৰণতে ইয়াৰ পাত-ফল আদি গৰু-ছাগলীৰ খাদ্য হিচাপেহে গণ্য কৰা হয়৷ কিন্তু ডিমৰুৰ ফলৰ গুণৰ বিষয়ে জানিলে হয়তো আপুনি অবাক হৈ পৰিব৷ ইয়াৰ আছে স্বাস্থ্য উপযোগী গুণ৷ বিদেশত ডিমৰু ফলৰ যথেষ্ট সমাদৰ আছে আৰু ই অত্যন্ত ব্যয়বহুল ফলৰ ভিতৰত পৰে৷ জানো আহক ডিমৰু ফলৰ এনে কি গুণাগুণ আছে৷
বয়সৰ চাপ নিয়ন্ত্ৰণৰ বাবে ডিমৰু ফল যথেষ্ট উপকাৰী৷ এণ্টি এজিং ৰোধ কৰিব পাৰে এই ফলবিধে৷ ছাল. চুলি আদিৰ প্ৰাকৃতিকভাৱে নষ্ট হোৱা কোষ পুনৰগঠন কৰাত সহায় কৰে ডিমৰু ফলে৷
কোষ্ঠকাঠিন্যৰ সমস্যা ৰোধ কৰাত ডিমৰু ফলে মুখ্য ভূমিকা গ্ৰহণ কৰে৷ ফাইবাৰেৰে ভৰপূৰ এইবিধ ফলে হজম শক্তি বৃদ্ধি কৰিব পাৰে৷
ডিমৰু ফলে তেজত ছুগাৰৰ লেভেল কমাই ৰাখে৷ সেয়েহে ডায়েবেটিছ ৰোগীৰ বাবে এইবিধ ফল অত্যন্ত উপকাৰী৷
শৰীৰত কলেষ্টৰেলৰ মাত্ৰা কমাই ৰখাই ডিমৰু ফলে সহায় কৰে৷ হাৰ্টৰ সমস্যাত ভোগাসকলে এইবিধ ফল খালে সুফল পোৱা যায়৷
ডিমৰু ফলত যথেষ্ট পৰিমাণে কেলচিয়াম পোৱা যায়৷ হাড় মজবুত তথা হাড়ৰ বিভিন্ন সমস্যাৰ বাবে এইবিধ ফল খালে এই সমস্যাবোৰ নাইকিয়া হয়৷
বতাহ, প্ৰদূষণ আদিৰ বাবে ছালৰ এলাৰ্জিৰ সৃষ্টি হয়৷ ছালৰ এলাৰ্জিৰ সমস্যাৰ পৰা বাচিবলৈ ডিমৰু ফল খাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here