Home Daily news অসমত কৰ্কট ৰোগ বৃদ্ধিৰ কাৰণ সম্পৰ্কে গৱেষণাৰ কোনে পোষকতা কৰিলে ?

অসমত কৰ্কট ৰোগ বৃদ্ধিৰ কাৰণ সম্পৰ্কে গৱেষণাৰ কোনে পোষকতা কৰিলে ?

অসমত  কৰ্কট ৰোগৰ বৰ্ধিত প্ৰাদুৰ্ভাৱৰ কাৰণ বিশ্লেষণ কৰাৰ বাবে ৰাজ্য ভিত্তিক গৱেষণা আৰম্ভ কৰাৰ পোষকতা কৰিছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ গুৱাহাটীৰ হেলথ্‌ চিটি হস্পিটেলত ৰেডিঅ’ থেৰাপিৰ দ্বিতীয়টো গোট মুকলি কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত কৰ্কট ৰোগৰ প্ৰাদুৰ্ভাৱ দ্ৰুত গতিত বৃদ্ধি পাইছে৷ কি কাৰণত কৰ্কট ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে, সেয়া জানিবৰ বাবে চিকিৎসক, বিজ্ঞানীসকলক গৱেষণা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়৷ মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত কৰ্কট ৰোগৰ বৰ্ধিত প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি হেলথ্‌ চিটি হস্পিটেলত সংযোজন কৰা ৰেডিঅ’ থেৰাপিৰ নতুন তথা দ্বিতীয় গোটটোৱে কৰ্কট ৰোগীসকলক চিকিৎসাত বিশেষভাৱে উপকৃত কৰিব৷ সৰ্বভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ ২০২০ চনৰ প্ৰতিবেদন অনুসৰি মিজোৰাম, মেঘালয়, অসম আৰু অৰুণাচল প্ৰদেশত কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে চৰকাৰে ৰাজ্যত কেইবাখনো কৰ্কট ৰোগৰ চিকিৎসালয় স্থাপন কৰিছে৷ তাৰ উপৰি ৰাজ্য চৰকাৰৰ লগতে ব্যক্তিগত খণ্ডত পেট চিটি স্কেন ব্যৱস্থা গঢ়ি উঠাৰ কথা উল্লেখ কৰি কয় যে কৰ্কট ৰোগৰ চিকিৎসাৰ ব্যয়বহুলতাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ সুলভ আৰু সহজলভ্য চিকিৎসা সেৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে৷ ক’ৰ’নেৰী হৃদৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত অসমে ১০ হাজাৰ ৰোগীক চিকিৎসা প্ৰদানৰ সীমাৰেখা অতিক্ৰম কৰাৰ পথত অগ্ৰসৰ হৈছে বুলি উল্লেখ কৰি ব’ন মেৰু সংৰোপণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ৰাজ্যত এটা বৃহৎ কেন্দ্ৰ গঢ়ি তোলাৰ প্ৰয়োজনীয়তা থকাৰ কথাও সদৰী কৰে৷

Most Popular

বেদতে আছিল বিজ্ঞানৰ সমস্ত সূত্ৰতোলপাৰ লগাইছে এই দাবীয়ে

বিজ্ঞানৰ সমস্ত সূত্ৰ বেদতে আছিল৷ এই দাবী কৰিছে ইছৰ’ৰ অধ্যক্ষ এছ সোমনাথে৷ ভাৰতৰ মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰ’ৰ অধ্যক্ষ সোমনাথে কোৱা মতে...

প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰপৰাপৃথিৱীলৈ এলিয়েন ছিগ্‌নেল প্ৰেৰণ

পৃথিৱীৰ বাহিৰতো আন জীৱৰ সন্ধান অব্যাহত থকা অৱস্থাত প্ৰথমবাৰৰ বাবে মঙল গ্ৰহৰ পৰা পৃথিৱীলৈ মহাবিশ্বৰ এটা সংকেত প্ৰেৰণ কৰা হৈছে৷ আন...

সুখবৰ : ডায়েবেটিছৰ বাবে বিশ্বৰ প্ৰথম অৰেল ইনছুলিন উদ্ভাৱন

বৰ্তমান বিশ্বত ডায়েবেটিছ ৰোগে ভয়াৱহভাৱে দেখা দিছে৷ অনিয়মীয়া খাদ্য গ্ৰহণ, দৈনন্দিন জীৱন প্ৰণালীৰ সালসলনি, আৰামপ্ৰিয় জীৱন, পৰিশ্ৰমহীন কৰ্ম, খাদ্য সামগ্ৰী ভেজালকৰণ ইয়াৰ...

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,