Home Daily news অশনি সংকেত : বৰিঙৰ বাবে শুকাই গৈছে দমকল, কুঁৱাৰ পানী

অশনি সংকেত : বৰিঙৰ বাবে শুকাই গৈছে দমকল, কুঁৱাৰ পানী

গুৱাহাটী মহানগৰত সম্প্ৰতি খোৱাপানীৰ তীব্ৰ নাটনিৰ বাবে অধিকাংশ লোকে চৰম দুৰ্ভোগ ভুগিবলগীয়া হোৱাৰ সময়তে এচাম অসাধু লোকে গুৱাহাটী পৌৰ নিগম আৰু আৰক্ষীক মেনেজ কৰি বৰিঙৰ পানীৰ অবৈধ বেহাৰে লাখ লাখ টকা উপাৰ্জন কৰি আহিছে৷ গুৱাহাটী পৌৰ নিগমৰ নীতি-নিৰ্দেশনা উলংঘা কৰি একাংশ লোকে নিজ ইচ্ছামতে অবৈধভাৱে পানীৰ বৰিং কৰি পানীৰ ৰমৰমীয়া ব্যৱয়ায় চলাই আহিছে৷ গুৰুত্বপূৰ্ণভাৱে সুগভীৰ বৰিঙৰ জৰিয়তে অত্যাধুনিক মেচিন লগাই এনেদৰে পানী উলিয়াই বিক্ৰী কৰাৰ পৰিণতিত সমীপৱৰ্তী অঞ্চলসমূহত পানীৰ মহা সংকটে দেখা দিছে আৰু সাধাৰণ নাগৰিকৰ ঘৰুৱা সৰু সৰু বৰিঙত পানী উঠোৱাটো দূৰৰে কথা, কুঁৱাসমূহো শুকাই গৈছে৷ ভূগৰ্ভৰ পানী শুকাই যোৱাত সাধাৰণ দমকল আৰু কুঁৱাতো পানী নোহোৱা হৈ পৰিছে৷  
অতি গুৰুত্বপূৰ্ণ কথা যে এই পানী মাফিয়া চক্ৰটোৰ লগত একাংশ প্ৰভাৱশালী লোকো জড়িত হৈ থকাৰ বাবেই এনে বৰিঙৰ পৰ্যবেক্ষণ, নিৰীক্ষণৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই৷ আনহাতে বৰিং নিৰ্মাণৰ ক্ষেত্ৰত কেন্দ্ৰীয় জল আয়োগৰ কাৰ্যালয়ৰ প্ৰাথমিক অনুমোদন লোৱাটো বাধ্যতামূলক যদিও সেয়া ১০ শতাংশ বৰিঙৰ ক্ষেত্ৰতো পালন কৰা নহয়৷ মুঠৰ ওপৰত, এতিয়া পানীৰ নাটনিৰ সময়ত একাংশ পানী মাফিয়া চক্ৰই লুটপাত চলোৱাৰ অভিযোগ উঠিছে৷ কিন্তু ইয়াৰ মাজতে শেহতীয়াকৈ গুৱাহাটীৰ ৬০টা ৱাৰ্ডত গভীৰ নলী-নাদ, অৰ্থাৎ বৰিং বহুৱাৰ নামত ৩৬ কোটি টকা খৰচ কৰিবলৈ লোৱাৰ সিদ্ধান্তই সকলোৰে চকু কপালত তুলিছে৷ ইতিমধ্যে মন্ত্ৰী অশোক সিংঘাল আৰু মেয়ৰ মৃগেন শৰণীয়াই এই কথা স্পষ্ট কৰিছে৷  পাৰিষদসকলক বৰিং বহুৱাৰ বাবে স্থান নিৰ্ধাৰণ কৰিবলৈ আনুষ্ঠানিকভাৱে নিৰ্দেশ দিয়া বুলিও জানিব পৰা গৈছে৷ একোটা সাধাৰণ বৰিঙৰ জৰিয়তে ঘৰে ঘৰে পানী যোগান ধৰাৰ নামত ৬০ লাখ টকা খৰচ কৰাৰ পাছতো যে বৰিঙৰ পৰা পানী ওলাব তাতো সন্দেহৰ অৱকাশ আছে৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...