ছাল-চুলিৰ যতনত গুৰ কিদৰে ব্যৱহাৰ কৰিব

0
1125

গুৰ আমাৰ শৰীৰৰ বাবে উপকাৰী৷ গুৰৰ দ্বাৰা পিঠা-পনা, সন্দেশ, ৰসগোল্লা আদি বনোৱা হয়৷ কেতিয়াবা মুৰি অথবা ৰুটীৰ সৈতে গুৰৰ জুতিও লোৱা হয়৷ এইদৰে বিভিন্ন ধৰণে গুৰৰ সোৱাদ লওঁ৷ কিন্তু তাৰ বাহিৰেও গুৰক আৰু বিভিন্ন কামত ব্যৱহাৰ কৰা হয়৷ ৰূপচৰ্চাৰ ক্ষেত্ৰতো যে গুৰ ব্যৱহাৰ কৰিব পাৰি, সেই কথা হয়তো বহুতেই নাজানে৷ বিশেষকৈ ছালৰ যতনৰ ক্ষেত্ৰত গুৰ ব্যৱহাৰ কৰা হয়৷ জানো আহক ছাল আৰু চুলিৰ যত্নত কিদৰে গুৰ ব্যৱহাৰ কৰিব৷
গুৰত বিভিন্ন প্ৰকাৰৰ ভিটামিন পোৱা যায়৷ লগতে বিভিন্ন খনিজ পদাৰ্থও থাকে৷ এই সকলোবোৰৰ প্ৰভাৱত ছালৰ উজ্জ্বলতা বাঢ়ে৷
ভিটামিন আৰু খনিজ পদাৰ্থৰ উপস্থিতিৰ কাৰণে সহজে ছালৰ বিভিন্ন সমস্যা সমাধান হোৱাৰ লগতে ব্ৰুন কমোৱাত ই উল্লেখযোগ্য ভূমিকা পালন কৰে৷
তিলৰ সৈতে গুৰ মিহলাই মুখত সানিলে মুখত পৰা বলিৰেখা নোহোৱা হয়৷
গুৰ ছালৰ সমান্তৰালভাৱে চুলিৰ যতনতো ব্যৱহাৰ কৰিব পাৰি৷ ইয়াৰ বাবে এটা পেক তৈয়াৰ কৰিব ল’ব লাগে৷ মুলতানি মাটি, গুৰ আৰু দৈ মিহলি কৰি এটা পেষ্ট প্ৰস্তুত কৰক৷ এই মিশ্ৰণটো চুলিত আঙুলিৰে ভালদৰে লগাই ১০ মিনিটমান ৰাখি ধুই দিয়ক৷ নিয়মিতভাৱে এই পেষ্টটো লগালে চুলি ঘন-ক’লা আৰু দীঘল হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here