Home Health Naturally অমৃততুল্য ডাব নাৰিকলৰ পানী

অমৃততুল্য ডাব নাৰিকলৰ পানী

বছৰৰ সকলো সময়তে ডাব নাৰিকলৰ পানী বজাৰত উপলব্ধ৷ বিশেষকৈ গৰমৰ দিনত ই সকলোৰে মাজত জনপ্ৰিয় হৈ পৰে৷ যিহেতু গৰমৰ দিনত আমাৰ অধিক পিয়াহ লাগে, সেয়েহে খালী পানী এগিলাচ গ্ৰহণ কৰাৰ পৰিৱৰ্তে আমি যদি দিনটোত এবাৰ ডাব নাৰিকলৰ পানী গ্ৰহণ কৰোঁ, ই আমাৰ শৰীৰটোক সতেজ কৰি ৰখাৰ লগতে শৰীৰৰ কাৰণে যথেষ্ট উপকাৰী৷

[১] ডাবৰ পানী খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে, লগতে মেটাবলিজমৰ গতি বৃদ্ধি হয়৷ ফলত কেলৰি বাৰ্ন হোৱাত সহায়ক হয়৷
[২] ডাব নাৰিকলৰ পানীয়ে প্ৰস্ৰাৱৰ সমস্যা নিৰাময় কৰে৷ ফলত কিডনীজনিত সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি৷
[৩] প্ৰতিদিনে এগিলাচ ডাব নাৰিকলৰ পানী সেৱন কৰিলে বুকু জ্বলা-পোৰা কৰা, এচিডিটি নোহোৱা হোৱাৰ লগতে হজম শক্তি বৃদ্ধি হয়৷


[৪] ডাব নাৰিকলৰ পানীত প্ৰচুৰ পৰিমাণে এণ্টিঅক্সিডেণ্ট থাকে৷ যিয়ে শৰীৰৰ বিষাক্ত পদাৰ্থ বাহিৰ কৰাৰ লগতে ইনফ্লেমেশ্যন হোৱাটো বাধা দিয়ে৷
[৫] দৈনিক ডাব নাৰিকলৰ পানী সেৱন কৰিলে ছালখন সজীৱ হৈ থকাৰ লগতে মুখৰ দাগ,ব্ৰোন, ৰিংকল আদি সমস্যা দূৰ কৰে৷
[৬] ডিহাইড্ৰেশ্যনত ডাব নাৰিকলৰ পানী অতি উত্তম৷
[৭] প্ৰসূতি মাতৃৰ বাবে ডাব নাৰিকলৰ পানী অতি উপকাৰী৷
[৮] ডায়েবেটিছ ৰোগী, কলেষ্টৰেলৰ সমস্যা থকা ৰোগী, উচ্ছ ৰক্তচাপৰ ৰোগীসকলে ডাব নাৰিকলৰ পানী খোৱাটো অতি জৰুৰী৷
[৯] ডায়েৰিয়া, টাইফয়েড, বসন্ত, ডিচেণ্ট্ৰি আদিত ডাব নাৰিকলৰ পানী খাব লাগে৷

Strong information on health

5.0 rating
March 12, 2021

From this website anyone can get good information on health. As health is wealth, so, following this website let’s take care for our health.

Again Kumar Nath

Most Popular

শোৱাৰ আগতে এইবোৰ ভুলতো নকৰিব! পৰিব পাৰে বয়সৰ চাপ (Never do these before sleeping to avoid signs of ageing)

আমি আমাৰ ছালখন ভালে ৰাখিবলৈ কত কি যে কৰোঁ হিচাপ নাই৷ কিন্তু ইয়াৰ মাজতে আমাৰ নিজৰ কিছুমান ভুল থাকে, যাৰ বাবে আমাৰ...

NCRB-ৰ প্ৰতিবেদন ! নাৰীজনিত অপৰাধত দেশৰ ভিতৰতে অসমৰ স্থান ১ (Assam tops list in crime against women in the country : NCRB)

নিৰাপত্তাহীন হৈ পৰিছে ৰাজ্যৰ নাৰী সমাজ৷ নাৰীজনিত অপৰাধৰ ক্ষেত্ৰত দেশৰ ভিতৰতে একেৰাহে চতুৰ্থ বৰ্ষৰ বাবে শীৰ্ষত আছে অসম৷ National Crime Records Bureau...

বগা নে বাদামী ! কোনবিধ ৰঙৰ কণী খোৱাটো ভাল (Which egg is more nutritious, white or brown coloured ?)

প্ৰ’টিনযুক্ত খাদ্যৰ ভিতৰত কণী অন্যতম৷ কণীয়ে আমাৰ শৰীৰত প্ৰ’টিনৰ অভাৱ দূৰ কৰে লগতে পুষ্টিৰ যোগান ধৰে৷ কণীৰ বহুতো উপকাৰী গুণ আছে৷ আমি...

আগন্তুক সকলো পূজাক লৈ চৰকাৰৰ নতুন SOP (Govt’s new SOP for all forthcoming puja celebrations)

শাৰদীয় দুৰ্গা পূজাৰ লগতে কালী পূজা, দীপাৱলীলৈকে সকলো পূজাৰ SOP জাৰি কৰিছে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই৷ যোৱা ১৫ ছেপ্টেম্বৰৰ সন্ধিয়া নতুন...

Recent Comments