ঘৰৰ পৰা পঁইতাচোৰা কিদৰে খেদিব?

0
1303


ঘৰত পঁইতাচোৰাই কেনেদৰে আমনি দিয়ে তাক হয়তো কোৱাৰ প্ৰয়োজন নাই৷ কেতিয়াবা পাকঘৰত থোৱা খোৱাবস্তুত উঠি নাইবা গডৰেজ, বাকচ আদিত থোৱা কাপোৰত বিষ্টা এৰি নতুন কাপোৰবোৰে নষ্ট কৰি পেলায়৷ ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আমি হাবাথুৰি খাবলগা হয়৷

সেয়েহে আহক আজি আপোনালোকক পঁইতাচোৰাৰ পৰা বাচিবলৈ কেইটামান ঘৰুৱা বিধান জনাব বিচাৰিছোঁ৷ এইকেইটা ঘৰুৱা বিধান পালন কৰক আৰু পঁইতাচোৰাৰ পৰা মুক্তি পাওক৷

12 Natural Ways to Get Rid of Cockroaches Permanently - YouTube


[১] সহজতে পোৱা পদিনা পাতৰ ১০ টোপালমান ৰস উলিয়াই ২৫০ মিলিলিটাৰ পানীত মিহলাই পঁইতাচোৰা অহা-যোৱা কৰা চুকত ছটিয়াই দিয়ক৷ এসপ্তাহতে আপোনাৰ ঘৰৰ পৰা পঁইতাচোৰা নোহোৱা হ’ব৷


[২] এটা নহৰু আৰু এটা পিঁয়াজৰ বাকলি এৰুৱাই লওক৷ তাত ১০টামান জালুক লৈ ভালদৰে মিহিকৈ গুৰি কৰক৷ এইখিনি এক লিটাৰ পানীৰ সৈতে মিহলাই এটা মিশ্ৰণ তৈয়াৰ কৰি লওক৷ এই মিশ্ৰণটো সন্ধিয়া বা ৰাতি ঘৰৰ চুক, পঁইতাচোৰা অহা ঠাইত ছটিয়াই দিয়ক৷ দেখিব পঁইতাচোৰা আপোনাৰ ঘৰৰ পৰা পলাই-পত্ৰং দিছে৷


[৩] কেইটামান কপূৰ্ৰৰ গুটি গুৰি কৰি লওক৷ ইয়াৰ লগত তিনিডালমান ধূপকাঠীৰ পদাৰ্থখিনি মিহলাই লওক৷ একাপ পানীৰ সৈতে এই মিশ্ৰণটো ভালদৰে মিহলাই ঘৰত পঁইতাচোৰাই লুকাই থকা ঠাইত ছটিয়াই দিয়ক৷ এই মিশ্ৰণটোৰে ঘৰৰ ফ্ল’ৰো মচিব পাৰে৷ কপূৰ্ৰৰ গোন্ধত পঁইতাচোৰা নিমিষতে নোহোৱা হৈ যাব৷

How To Get Rid Of Cockroaches: 11 Home Remedies That Really Work


[৪] আপুনি ফাৰ্মাচীৰ পৰা এপেকেট বৰিক পাউডাৰ কিনি আনক৷ অলপ বৰিক পাউডাৰ লৈ সমপৰিমাণৰ চেনি আৰু আটা লৈ এটা মিশ্ৰণ তৈয়াৰ কৰক৷ এই মিশ্ৰণটো পঁইতাচোৰা অহা-যোৱা কৰা ঠাইত এটা পাত্ৰত থৈ দিয়ক৷ পঁইতাচোৰাই চেনি খাই যিহেতু ভাল পায়, সেয়ে বৰিক পাউডাৰ মিহলোৱা চেনি খাই পঁইতাচোৰা মৰিবলৈ ধৰে৷ নমৰাবিলাকে ঘৰৰ পৰা বাহিৰলৈ ওলাই যায়৷

এইধৰণৰ কিছুমান ঘৰুৱাভাৱে লোৱা বিধানৰ দ্বাৰা আমি পঁইতাচোৰাৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here