Home Health Naturally অতিৰিক্ত ধূমপান কৰে নেকি ? এইবোৰ খাদ্য খাওক

অতিৰিক্ত ধূমপান কৰে নেকি ? এইবোৰ খাদ্য খাওক

অত্যধিক মাত্ৰাত ধূমপান কৰাটো স্বাস্থ্যৰ বাবে কিমান বিপজ্জনক হ’ব পাৰে সেয়া হয়তো আপুনি অনুমান কৰিব নোৱাৰিব৷ অতিৰিক্ত ধূমপানে শৰীৰৰ নিঃশব্দে শৰীৰৰ অভ্যন্তৰত যথেষ্ট ক্ষতি কৰে৷ সেয়েহে ধূমপানৰ অভ্যাস ততালিকে এৰাটো আমাৰ স্বাস্থ্যৰ পক্ষেই উপকাৰী৷ তথাপি যদি আপুনি ধূমপান সেৱনৰ অভ্যাস এৰিব পৰা নাই, তেতিয়াহ’লে এইবোৰ খাদ্য নিয়মীয়াভাৱে নিজৰ খাদ্য তালিকাত ৰখাটো খুব জৰুৰী৷ জানো আহক অতিৰিক্তভাৱে ধূমপান কৰিলে আপুনি কিবোৰ খাদ্য সদায় খাব লাগে৷
নেমু, কমলা, মৌচুম্বী আদি টেঙাজাতীয় ফল প্ৰতিদিনে খাদ্য তালিকাত ৰখাটো অত্যন্ত জৰুৰী৷ ধূমপান কৰাৰ ফলত শৰীৰৰ নিকোটিন জমা হয় আৰু শৰীৰৰ কেইবাদিনপৰ্যন্ত থাকি যায়৷ ফলত ইয়ে ছালৰ কোষ, ৰোমকূপৰ ক্ষতি কৰে৷ ইয়াৰ বাহিৰেও নিয়মিতৰূপে ধূমপান কৰাৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যায়৷ সেয়েহে ভিটামিন-চিযুক্ত খাদ্য যেনে– নেমু, কমলা আদি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়৷ এইবোৰ খাদ্যই ছালৰ কোষৰ ক্ষতিপূৰণতো সহায় কৰে৷
ধূমপান কৰাৰ ফলত শৰীৰত নিকোটিন জমা হয়৷ যাৰ ফলস্বৰূপে ৰক্ত সঞ্চালনত ব্যাঘাত জন্মে৷ তেজত নিকোটিনৰ মাত্ৰা কমোৱাত আদাই সহায় কৰে৷ দৈনিক আদা সেৱন কৰিলে হঁাওফাঁওৰ নিকোটিনৰ স্তৰ পৰিষ্কাৰ হয়৷ আনহাতে আদাই ধূমপানৰ আসক্তিও কমাব পাৰে৷
ধূমপান কৰাৰ ফলত হূদস্পন্দন বাঢ়ি যায়৷ ৰক্তচাপ বাঢ়ি গ’লে অক্সিজেনৰ মাত্ৰা কমে৷ সেয়েহে বেদনা খালে শৰীৰত তেজৰ পৰিমাণ বৃদ্ধি পায়৷ ইয়াৰ লগতে তেজৰ সঞ্চালন উন্নত কৰে বেদনাই৷
ধূমপান কৰাত ফলত ৰক্তনলী সংকুচিত হৈ যায়৷ বাদামত থকা ভিটামিন-ই-এ ৰক্ত সঞ্চালন স্বাভাৱিক কৰি হূদৰোগৰ সম্ভাৱনা কমাই দিয়ে৷
ধূমপান কৰাৰ ফলত শৰীৰৰ ভিটামিন-এ, ভিটামিন-চি আদিৰ মাত্ৰা কমি যায়৷ নিয়মিতভাৱে গাজৰ খালে দেহত ভিটামিন-এ, ভিটামিন-চি আদি সঠিক পৰিমাণ যোগান ধৰি শক্তি প্ৰদান কৰে৷

Most Popular

জিভাখন চাফা নকৰিলেকি কি ৰোগ হ’ব পাৰে

আমাৰ শৰীৰৰ অত্যন্ত প্ৰয়োজনীয় অংগৰ ভিতৰত জিভাখন অন্যতম৷ কিন্তু শৰীৰৰ আন অংগৰ সমান্তৰালভাৱে জিভাখনৰ যত্নত আওকাণ কৰা দেখা...

সাৱধান ! বিশ্বজুৰি ভয়ংকৰভাৱে বৃদ্ধি পাইছে বায়ু প্ৰদূষণ

বিশ্বজুৰি ভয়াৱহভাৱে বৃদ্ধি পাইছে বায়ু প্ৰদূষণৰ মাত্ৰা৷ এই বায়ু প্ৰদূষণৰ ফলতে বছৰি লাখ লাখ লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে৷ আনহাতে গোলকীয় উষ্ণতা বৃদ্ধিৰ...

ভাৰতীয় কফ ছিৰাপৰ বিৰুদ্ধেWHO-ৰ সতৰ্কীকৰণ

বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ ডব্লিউ এইচ অ’-ই পৰামৰ্শ দিছে যে নয়দা-ভিত্তিক মেৰিয়ন বায়’টেক কোম্পানীয়ে প্ৰস্তুত কৰা দুটা কফ ছিৰাপ উজবেকিস্তানত শিশুসকলৰ বাবে...

প্ৰস্ৰাৱৰ এইধৰণৰ সমস্যাবোৰে বুজাই দিয়েকিডনীজনিত বিকাৰৰ কথা

শৰীৰক সুস্থ ৰখাত কিডনীৰ ভূমিকা গুৰুত্বপূৰ্ণ৷ সেয়ে কিডনীৰ সুস্থতা অতি জৰুৰী৷ কিডনীৰ সমস্যা হ’লে প্ৰথমে ধৰা নপৰে৷ প্ৰায় ৮০-৯০ শতাংশ কিডনী ক্ষতিগ্ৰস্ত...