প্ৰথম নেজেল স্প্ৰে ফেবিস্প্ৰেৰে ক’ভিডৰ চিকিৎসা

0
269

দেশত নেজেল স্প্ৰেৰে ক’ভিড-১৯১ চিকিৎসা আৰম্ভ হৈছে৷ ফেবিস্প্ৰেৰ প্ৰস্তুতকৰ্তা আন্তৰ্জাতিক কোম্পানী গ্লেনমাৰ্কে ক’ভিড-১৯ত আক্ৰান্ত প্ৰাপ্তবয়স্ক লোকক প্ৰথম নেডেল স্প্ৰেৰে চিকিৎসা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে৷ দেশৰ ঔষধ নিয়ন্ত্ৰক ড্ৰাগ্‌ছ কণ্ট্ৰলাৰ জেনেৰেল অব্‌ ইণ্ডিয়া বা ডি জি আই এ-এ ভাৰতত কভিড ৰোগীৰ চিকিৎসাৰ বাবে ফেবিস্প্ৰেৰ অনুমতি দিয়াৰ পাছতে কোম্পানীটোৱে এই পদক্ষেপ গ্ৰহণ কৰে৷ কোম্পানীটোৱে প্ৰকাশ কৰা মতে ফেবিস্প্ৰে’ৰ জৰিয়তে ক’ভিড ৰোগীৰ শাৰীৰিক আৰু ৰাসায়নিক ক্ষমতাৰে ভাইৰাছটোৰ সংক্ৰমণৰ ক্ষমতা হ্ৰাস কৰিব পাৰে৷ কোম্পানীটোৱে এটা বিবৃতিত কয় যে আন্তৰ্জাতিক ফাৰ্মা কোম্পানীত গ্লেনমাৰ্কে ছেনোটাইজৰ অংশীদাৰিত্বত ভাৰতত প্ৰাপ্তবয়স্ক ক’ভিড ৰোগীৰ চিকিৎসা আৰম্ভ কৰিছে নাইট্ৰিক অক্সাইড নেজেল স্প্ৰে ফেবিস্প্ৰেৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here