সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ মুকলি কৰিলে স্বাস্থ্য মন্ত্ৰীয়ে

0
505

‘সাধাৰণ টিকাকৰণৰ উপৰি সৰ্বাত্মক মিছন ইন্দ্ৰধনুষৰ যোগেদি ৰাজ্যখনৰ সৰ্বস্তৰৰ নৱজাতক আৰু গৰ্ভৱতী মহিলাক সামৰি লোৱা হ’ব আৰু এনেদৰে অসমত বছৰি ৬ লাখৰ লক্ষ্যত আমি উপনীত হ’ব পাৰিম৷’ ‘সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ’ৰ উদ্বোধনী অনুষ্ঠানত কামৰূপৰ আজাৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ পৰা ভাগ লৈ যোৱা ৭ ফেব্ৰুৱাৰীত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই এইদৰে কয়৷ তেওঁ আৰু কয় যে নিয়মীয়া প্ৰতিষেধক প্ৰদান কাৰ্য চলি থকাৰ উপৰি এই বিশেষ অভিযানেৰে প্ৰতিষেধক ল’বলৈ বাকী ৰৈ যোৱা শিশু তথা গৰ্ভৱতী মহিলাসকলক সামৰি লোৱাৰ বাবে তিনিটা মাহৰ নিৰ্দিষ্ট দিন নিৰ্ধাৰণ কৰা হৈছে৷ সেই অনুসৰি চলিত মাহত যোৱা ৭ ফেব্ৰুৱাৰীত পৰা অহা ১৫ ফেব্ৰুৱাৰীলৈ, মাৰ্চ মাহত ৭ৰপৰা ১৫ মাৰ্চলৈ আৰু এপ্ৰিল মাহত ৪১ পৰা ১২ এপ্ৰিললৈ তিনিটা পৰ্যায়ত এই অভিযান চলোৱা হ’ব৷  এই অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ মিছন সঞ্চালক ডাঃ এছ লক্ষ্মণন, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সঞ্চালককে ধৰি বিভাগৰ অন্যান্য বিষয়াসকল, কামৰূপ জিলাৰ উপায়ুক্ত কৈলাস কাৰ্তিক এনৰ উপৰি আজাৰা অঞ্চলৰ হিতাধিকাৰীসকল উপস্থিত থাকে৷ উল্লেখ্য যে বিশেষভাৱে সাতটা ৰোগ যেনে ডিপথেৰিয়া, টিটেনাছ, হুপিংকাহ, টিবি, হেপাটাইটিছ বি, পলিঅ’ আৰু বসন্ত আদি ৰোগৰ পৰা পৰিত্ৰাণ লাভ কৰি সাতোৰঙী ৰামধেনুৰ দৰে সুৰক্ষিত ৰঙীন জীৱন শিশুক উপহাৰ দিয়াৰ বাবে প্ৰাথমিকভাৱে এই মিছন ২০১৪ চনৰ ২৫ ডিচেম্বৰত আৰম্ভ কৰা হৈছিল৷ পাছলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশ মৰ্মে ২০১৭ চনৰ ৮ অক্টোবৰত সৰ্বাত্মক ৰূপত এই মিছন আৰম্ভ কৰা হয় আৰু  যোৱা ৭  ফেব্ৰুৱাৰীত চতুৰ্থবাৰৰ বাবে এই সৰ্বাত্মক অভিযান মুকলি কৰা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here