Home Daily news অচিৰেই বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতিৰ দেশ হ’ব ভাৰত

অচিৰেই বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতিৰ দেশ হ’ব ভাৰত

ইউনাইটেড কিংডমক চেৰ পেলাই ভাৰত বিশ্বৰ পঞ্চম বৃহৎ অৰ্থনীতিৰ দেশ হোৱাৰ পাছত অৰ্থনৈতিক বিশেষজ্ঞই আশা কৰিছে যে ২০৩০ চনৰ ভিতৰত ভাৰত বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতিৰ দেশ হ’ব৷ অৰ্থনীতিবিদ, ভাৰতৰ প্ৰাক্তন মুখ্য অৰ্থনৈতিক উপদেষ্টা অৰবিন্দ বিৰমানীয়ে কয়, ‘ভাৰত ক্ষমতাৰ স্কেলত উধাইছে আৰু মোৰ আগৰ পূবৰ্ানুমান মতে, ২০২৮-২০৩০ চনৰ ভিতৰত আমি বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতিৰ দেশ হ’ম৷’ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি [আই এম এফ]ৰ ভাৰতৰ প্ৰাক্তন প্ৰতিনিধি বিৰমানীয়ে আৰু কয়, ‘গুৰুত্বপূৰ্ণ কথাটো হৈছে এই প্ৰৱণতা, যিয়ে ধাৰণাত প্ৰভাৱ পেলাব, ই আমাৰ বিদেশ নীতিত প্ৰভাৱ পেলাব৷ 
বিগত ২০-৩০ বছৰত মানুহে দেখিছে যে আমি চীনৰ বহু পিছত আছোঁ৷ কিন্তু এতিয়া মানুহৰ ধাৰণা সলনি হোৱাৰ আশা আছে৷’ উল্লেখযোগ্য যে ভাৰতে এই দ্বিতীয়বাৰ ইউ কেক চেৰ পেলালে৷ ইয়াৰ আগতে ২০১৯ চনত ভাৰতে ইউ কেক পিছ পেলাইছিল৷ আনহাতে, প্ৰখ্যাত অৰ্থনীতিবিদ চৰণ সিঙে কয়, ‘এইটো ভাৰতৰ বাবে গৌৰৱৰ মুহূৰ্ত৷ বিকাশ আৰু অৰ্থনীতিৰ ক্ষেত্ৰত আমি সফলতা লাভ কৰিছোঁ৷ আই এম এফে বহুদিনৰ পৰাই কৈ আছে যে ভাৰত বিশ্বত দ্ৰুতভাৱে বিকশিত অৰ্থনীতিৰ দেশ৷ মুদ্ৰা¦£ীতি প্ৰায় নিয়ন্ত্ৰণলৈ আহিছে৷ আনহাতে ইউ কেৰ অৰ্থনীতিয়ে বেয়াকৈ খুন্দা খাইছে৷’ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ তথ্য মতে অৰ্থনীতিৰ ক্ষেত্ৰত ভাৰত এতিয়া ক্ৰমে আমেৰিকা, চীন, জাপান আৰু জাৰ্মানিৰ পাছতে আছে৷ এটা দশকৰ আগতে ভাৰত আছিল একাদশ স্থানত আৰু ইউ কে পঞ্চম স্থানত৷

Most Popular

শীতকালত আপোনাৰচকুযুৰিৰ যতন কিদৰে ল’ব

আমি সকলোৱে শৰীৰৰ বিভিন্ন অংগৰ যতনৰ ওপৰত গুৰুত্ব দিওঁ৷ কিন্তু চকুৰ যতন ল’বলৈ পাহৰি যাওঁ৷ চকুযুৰিৰ জৰিয়তে আমি ধুনীয়া পৃথিৱীখনৰ সৌন্দৰ্যৰ দেখিবলৈ...

চলিত সপ্তাহত পৃথিৱীৰ একেবাৰেকাষেৰে পাৰ হ’ব এটা গ্ৰহাণু

ন্ডপৃথিৱীৰ কাষেৰে গ্ৰহাণু বা গ্ৰহাণুপুঞ্জ পাৰ হোৱাৰ ঘটনাটো নতুন নহয় যদিও পৃথিৱীৰ একেবাৰে কাষেৰে গ্ৰহাণু পাৰ হোৱাৰ ঘটনা এইবাৰ সংঘটিত হ’ব৷ চলিত...

বাহন চলিব গোবৰ গেছৰ ইন্ধনেৰে ! ক’ত, কেতিয়া?

দেশৰ বাহন নিৰ্মাণ প্ৰতিষ্ঠান মাৰুতি ছুজুকি মটৰ কৰ্প’ৰেশ্যনে ২০৩০ চনলৈকে শেহতীয়াকৈ এক দীৰ্ঘকালীন পৰিকল্পনা হাতত লৈছে৷ বাহন নিৰ্মাণ কৰা প্ৰতিষ্ঠানটোৱে আগন্তুক সময়ত...

জনসংখ্যা বৃদ্ধিৰ পদক্ষেপ : অবিবাহিত হৈও জন্ম দিব পাৰিব সন্তান ! ক’ত?

জনসংখ্যাৰ বৃদ্ধিৰ হাৰ পৃথিৱীয়ে সহিব নোৱৰাৰ সময়তে বিভিন্ন দেশে কিদৰে জনসংখ্যা ৰোধ কৰিব পাৰি তাৰ জনসংখ্যা ৰোধৰ ফলপ্ৰসূ আঁচনি ৰূপায়ণৰ চিন্তা-চৰ্চা অব্যাহত...