৮১ শতাংশ ছাত্ৰ-ছাত্ৰীৰ উদ্বেগৰ প্ৰধান কাৰণ কি জানেনে ?

0
181

এন চি ই আৰ টিয়ে ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক স্বাস্থ্য আৰু সুস্থতাৰ বিষয়ে চলোৱা এটা জৰীপৰ ফল প্ৰকাশ কৰা হয়৷ জৰীপৰ মতে অধ্যয়ন, পৰীক্ষা আৰু পৰীক্ষাৰ ফল স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মাজত উদ্বেগৰ প্ৰধান কাৰণ, আনহাতে ৩৩ শতাংশৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অধিকাংশ সময়তে সহপাঠীৰ হেঁচা মানে৷ জৰীপটোত কোৱা হৈছে যে কমেও ৭৩ শতাংশ ছাত্ৰ-ছাত্ৰী তেওঁলোকৰ স্কুলীয়া জীৱনক লৈ সন্তুষ্ট৷ আনহাতে ৪৫ শতাংশৰো অধিক ছাত্ৰ-ছাত্ৰী তেওঁলোকৰ চেহেৰাক [বডী ইমেজ] লৈ সন্তুষ্ট নহয়৷ এন চি ই আৰ টিয়ে ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৩.৭৯ লাখৰো অধিক ছাত্ৰ-ছাত্ৰীৰ মাজত জৰীপ চলাইছিল৷ স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক স্বাস্থ্য আৰু সুস্থতা সম্পৰ্কীয় দিশবোৰৰ বিষয়ত স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ ধাৰণা বুজি পোৱাত সহায় কৰিবলৈ এন চি ই আৰ টিৰ মনোদৰ্পণ চে’লে এই জৰীপ চলাইছিল৷ 
এই বছৰৰ জানুৱাৰীৰ পৰা মাৰ্চলৈ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত দুটা ভাগত– মিডল্‌ ষ্টেজ [৬-৮] আৰু ছেকেণ্ডেৰী ষ্টেজ [৯-১২] জৰীপ চলোৱা হৈছিল৷ ৮১ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে কয় যে তেওঁলোকৰ উদ্বেগৰ প্ৰধান কাৰণবোৰ হ’ল– অধ্যয়ন, পৰীক্ষা আৰু পৰীক্ষাৰ ফল৷ জৰীপত সোধা প্ৰশ্নবোৰৰ উত্তৰ দিয়া ৪৩ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে স্বীকাৰ কৰে যে তেওঁলোক পৰিৱৰ্তনৰ সৈতে তৎক্ষণাৎ খাপ খাই পৰিব পাৰে৷ ছেকেণ্ডেৰী ষ্টেজতকৈ [৪১ শতাংশ] মিডল্‌ ষ্টেজৰ ছাত্ৰ-ছাত্ৰীসকল পৰিৱৰ্তনত বেছি সোনকালে খাপ খাই পৰিব পৰে [৪৬ শতাংশ]৷ মুঠ ৫১ শতাংশ ছাত্ৰ-ছাত্ৰী অনলাইনত শিক্ষা গ্ৰহণত অসুবিধাৰ সন্মুখীন হয়৷ জৰীপটোৰ মতে ২৮ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে প্ৰশ্ন সুধিবলৈ সংকোচ কৰে৷ চাপ চম্ভালিবলৈ ছাত্ৰ-ছাত্ৰীসকলে যোগাভ্যাস আৰু ধ্যান কৰে, চিন্তাৰ ধৰণ সলনি কৰিবলৈ চেষ্টা চলায় আৰু আলোচনীত লিখে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here