অচিৰেই বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতিৰ দেশ হ’ব ভাৰত

0
171

ইউনাইটেড কিংডমক চেৰ পেলাই ভাৰত বিশ্বৰ পঞ্চম বৃহৎ অৰ্থনীতিৰ দেশ হোৱাৰ পাছত অৰ্থনৈতিক বিশেষজ্ঞই আশা কৰিছে যে ২০৩০ চনৰ ভিতৰত ভাৰত বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতিৰ দেশ হ’ব৷ অৰ্থনীতিবিদ, ভাৰতৰ প্ৰাক্তন মুখ্য অৰ্থনৈতিক উপদেষ্টা অৰবিন্দ বিৰমানীয়ে কয়, ‘ভাৰত ক্ষমতাৰ স্কেলত উধাইছে আৰু মোৰ আগৰ পূবৰ্ানুমান মতে, ২০২৮-২০৩০ চনৰ ভিতৰত আমি বিশ্বৰ তৃতীয় বৃহৎ অৰ্থনীতিৰ দেশ হ’ম৷’ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি [আই এম এফ]ৰ ভাৰতৰ প্ৰাক্তন প্ৰতিনিধি বিৰমানীয়ে আৰু কয়, ‘গুৰুত্বপূৰ্ণ কথাটো হৈছে এই প্ৰৱণতা, যিয়ে ধাৰণাত প্ৰভাৱ পেলাব, ই আমাৰ বিদেশ নীতিত প্ৰভাৱ পেলাব৷ 
বিগত ২০-৩০ বছৰত মানুহে দেখিছে যে আমি চীনৰ বহু পিছত আছোঁ৷ কিন্তু এতিয়া মানুহৰ ধাৰণা সলনি হোৱাৰ আশা আছে৷’ উল্লেখযোগ্য যে ভাৰতে এই দ্বিতীয়বাৰ ইউ কেক চেৰ পেলালে৷ ইয়াৰ আগতে ২০১৯ চনত ভাৰতে ইউ কেক পিছ পেলাইছিল৷ আনহাতে, প্ৰখ্যাত অৰ্থনীতিবিদ চৰণ সিঙে কয়, ‘এইটো ভাৰতৰ বাবে গৌৰৱৰ মুহূৰ্ত৷ বিকাশ আৰু অৰ্থনীতিৰ ক্ষেত্ৰত আমি সফলতা লাভ কৰিছোঁ৷ আই এম এফে বহুদিনৰ পৰাই কৈ আছে যে ভাৰত বিশ্বত দ্ৰুতভাৱে বিকশিত অৰ্থনীতিৰ দেশ৷ মুদ্ৰাস্ফীতি প্ৰায় নিয়ন্ত্ৰণলৈ আহিছে৷ আনহাতে ইউ কেৰ অৰ্থনীতিয়ে বেয়াকৈ খুন্দা খাইছে৷’ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ তথ্য মতে অৰ্থনীতিৰ ক্ষেত্ৰত ভাৰত এতিয়া ক্ৰমে আমেৰিকা, চীন, জাপান আৰু জাৰ্মানিৰ পাছতে আছে৷ এটা দশকৰ আগতে ভাৰত আছিল একাদশ স্থানত আৰু ইউ কে পঞ্চম স্থানত৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here