Home Daily news অচিৰেই দেশত বলৱৎ হ’ব কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন

অচিৰেই দেশত বলৱৎ হ’ব কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন

অচিৰেই দেশত বলৱৎ হ’ব কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে দেশত জনসংখ্যা নিয়ন্ত্ৰণ  আইন প্ৰযোজ্য কৰাৰ বাবে প্ৰস্তুতি চলাইছে৷ যি সময়ত দ্ৰুত গতিত জনসংখ্যা বৃদ্ধি পোৱাৰ ফলত অসমৰ বিভিন্ন অঞ্চলৰ জনগাঁথনি সলনি হৈ পৰিছে, সেই সময়তে কেন্দ্ৰীয় চৰকাৰে শীঘ্ৰেই কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইন এখন প্ৰণয়ন কৰিব বুলি জানিবলৈ দিছে কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ পেটেলে৷ 
কেন্দ্ৰীয় মন্ত্ৰীজনে প্ৰকাশ কৰা মতে, আজিৰ তাৰিখত জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে আইন প্ৰণয়ন কৰাটো অতি প্ৰয়োজনীয় হৈ পৰিছে৷ জনসংখ্যা নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে দেশৰ বিকাশত বাধা আহি পৰিব৷ পেটেলে কয় যে জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে অচিৰেই আইন প্ৰণয়ন কৰা হ’ব৷ আজিৰ প্ৰেক্ষাপটত অসমত কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ  আইন এখনৰ প্ৰয়োজন হৈ পৰিছে৷ 
কিয়নো ৰাজ্যখনৰ বিভিন্ন অঞ্চলত জনবিস্ফোৰণ ঘটিছে৷ তথ্য অনুসৰি ২০১১ চনত অসমৰ মুঠ জনসংখ্যা আছিল ৩ কোটি ১২ লাখ৷ কিন্তু দেশৰ মহাপঞ্জীয়কে  চলিত বৰ্ষৰ ৩০ এপ্ৰিললৈকে দাঙি ধৰা  তথ্য অনুসৰি সম্প্ৰতি অসমৰ জনসংখ্যা বৃদ্ধি পাই হৈছেগৈ ৩ কোটি ৫৩ লাখ ৭৮ হাজাৰ৷ 
ইফালে জনসংখ্যা বৃদ্ধিৰ ফলত ৰাজ্যত অনাগত দিনত খিলঞ্জীয়াসকল সংখ্যালঘুত পৰিণত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ ফলত অনাগত দিনত ৰাজনৈতিক আৰু অৰ্থনৈতিক অধিকাৰ হেৰুৱাবলগীয়া হ’ব ৰাজ্যৰ খিলঞ্জীয়া ৰাইজে৷ এনে পৰিস্থিতিত কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰিব লগীয়া জনসংখ্যা নিয়ন্ত্ৰণ আইনখন অসমৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে৷  কিয়নো এখন কঠোৰ জনসংখ্যা আইনেহে আহি থকা বিপদৰ পৰা ৰাজ্যৰ খিলঞ্জীয়া লোকসকলক কিছু পৰিমাণে হ’লেও সকাহ দিবলৈ সক্ষম হ’ব৷

Most Popular

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ঘণ্টা ঘণ্টা ধৰি কাণত হেডফোনথাকিলে হ’ব পাৰে এই মহা বিপদ

নিয়মিতভাৱে হেডফোন ব্যৱহাৰ কৰিলে বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ এই তালিকাত কিছু ভয়াৱহ ৰোগৰ নামো সন্নিৱিষ্ট হৈছে৷ সময় থাকোঁতে সেয়ে এই বিষয়ে...

তিতাকেৰেলা এইবোৰৰসৈতে ভুলতো নাখাব

খাবলৈ তিতা হ’লেও তিতাকেৰেলা যে আমাৰ শৰীৰৰ বাবে ভীষণ উপকাৰী সেই কথা সকলোৱে জানে৷ তিতাকেৰেলা এনে এবিধ পাচলি, যাৰ আছে হাজাৰটা ঔষধি...