নিৰ্মাণৰত বিজ্ঞান নগৰীক লৈ পৰ্যালোচনা বিজ্ঞান-প্ৰযুক্তি মন্ত্ৰীৰ

0
355

গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰৰ টেপেচিয়াত নিৰ্মাণ কৰি থকা বিজ্ঞান নগৰী [ছায়েন্স চিটি] ৩ জুনত পৰিদৰ্শন কৰি নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ লয় বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই৷ 
বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ অধীনত নিৰ্মীয়মাণ বিজ্ঞান নগৰীখন পৰিদৰ্শন কালত বিভাগীয় মন্ত্ৰী মহন্তৰ সৈতে উপস্থিত থাকে ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় পৰিষদৰ সঞ্চালক প্ৰধান অৰিজিত দত্ত চৌধুৰীও৷ 
মন্ত্ৰী মহন্ত আৰু এন চি এছ এমৰ সঞ্চালক প্ৰধানে সোণাপুৰৰ নিৰ্মীয়মাণ বিজ্ঞান নগৰীত ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় পৰিষদৰ উত্তৰ-পূব ক্ষেত্ৰৰ সঞ্চালক ইন্দ্ৰনীল সান্ন্যাল, ৰাজ্য চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি তথা জলবায়ু পৰিৱৰ্তন বিভাগৰ বিশেষ সচিব, অসম ৰাজ্যিক মহাকাশ প্ৰায়োগিক কেন্দ্ৰৰ সঞ্চালক তথা বিজ্ঞান নগৰীৰ মুখ্য কাৰ্যবাহী বিষয়া পি এল এন ৰাজু, অসম বিজ্ঞান, প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদ [এছটেক]ৰ পৰিৱেশ বিজ্ঞান শাখাৰ মুখ্য তত্ত্বাৱধায়ক জয়দীপ বৰুৱাৰ লগতে লোকনিৰ্মাণ [গৃহ] বিভাগৰ অভিযন্তা আৰু নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ কাৰ্যবাহীৰ সৈতে এখন বৈঠকতো মিলিত হৈ এই প্ৰকল্পটোৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতি পৰ্যালোচনা কৰে৷ 
উল্লেখ্য যে উত্তৰ-পূৰ্বাঞ্চলৰ এই প্ৰথমখন বিজ্ঞান নগৰীক কাল্পনিক মহাকাশ পৰিভ্ৰমণ, তাৰকাগৃহ, সমাৱৰ্তন ভৱন, আৱিষ্কাৰমূলক ভৱন, বিজ্ঞান আৰু উদ্ভাৱন কেন্দ্ৰ, সংগ্ৰহালয়, পৰীক্ষণ গৃহ, পুথিভঁৰাল আদিৰ সমাহাৰেৰে ২০২৪ চনৰ প্ৰথম ভাগতে মুকলি কৰিবলৈ ৰাজ্যৰ বিজ্ঞান, প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগে পৰিকল্পনা কৰিছে৷ এই নিৰ্মীয়মাণ বিজ্ঞান নগৰী প্ৰকল্পটো সম্পূৰ্ণ হৈ উঠিলে ই অসমৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিজ্ঞান আৰু প্ৰযুক্তি ক্ষেত্ৰখনলৈ নতুন উদ্দীপনা কঢ়িয়াই আনিবলৈ সক্ষম হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here