Home Daily news অংগুষ্ঠ ! বজাৰত মুকলিকৈ বিক্ৰী প্লাষ্টিকৰ বেগ

অংগুষ্ঠ ! বজাৰত মুকলিকৈ বিক্ৰী প্লাষ্টিকৰ বেগ

অসম চৰকাৰৰ প্লাষ্টিক বৰ্জনৰ আইনৰ অধীনত ৰাজ্যত বিভিন্ন সময়ত  প্লাষ্টিক ব্যৱহাৰ নিষিদ্ধ কৰাৰ বাবে নিৰ্দেশনা প্ৰদান কৰা হৈ আহিছে যদিও কোনো সফলতা লাভ কৰা নাই৷ শেহতীয়াকৈ সমগ্ৰ দেশতে একক ব্যৱহাৰযোগ্য প্লাষ্টিক সামগ্ৰীৰ বিক্ৰী আৰু ব্যৱহাৰ বন্ধ কৰাৰ নিৰ্দেশ দিয়াৰ পাছতো গুৱাহাটী মহানগৰৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কিন্তু ইয়াৰ এখন বিপৰীত ছবিহে দেখিবলৈ পোৱা গৈছে৷ 
প্লাষ্টিক বেগ সহজে নপচে আৰু এই অপচনীয় আৱৰ্জনাই সমগ্ৰ বিশ্বকে ব্যাপক ধৰণে প্ৰদূষিত কৰি তুলিছে৷ দেশত প্লাষ্টিকৰ বিৰুদ্ধে যিমানেই সজাগতা চলিছে, তাৰ বিপৰীতে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ লগতে খোদ মহানগৰীতো এতিয়াও মুকলিকৈ একক ব্যৱহাৰযোগ্য প্লাষ্টিক সামগ্ৰীৰ বিক্ৰী আৰু ব্যৱহাৰ হৈ আছে৷ চৰকাৰ, স্বেচ্ছাসেৱী সংগঠন, সংবাদ মাধ্যমে প্লাষ্টিকৰ ব্যৱহাৰ ৰোধ কৰাৰ বাবে উঠিপৰি লাগিলেও বজাৰত, ব্যাৱসায়িক প্ৰতিষ্ঠানসমূহত ব্যৱসায়ীসকলে গ্ৰাহকক দি আছে প্লাষ্টিকৰ বেগ৷ 
ৰাজ্যত এতিয়াও নিৰ্বিবাদে-নিঃসংকোচে ব্যৱহাৰ কৰি আছে প্লাষ্টিকৰ বেগ৷ অকল যে ব্যৱসায়ীসকলেই এনে নহয়, গ্ৰাহকসকলেও এইক্ষেত্ৰত আগবঢ়াইছে সহযোগিতা৷  হাতত কোনোধৰণৰ মোনা বা বেগ অবিহনে বজাৰলৈ আহি দোকানীৰ পৰা প্লাষ্টিকৰ বেগ দাবী কৰাও পৰিলক্ষিত হয়৷ 
সকলোৱে জানে কিন্তু পলিথিন বা প্লাষ্টিকৰ বিকল্প সহজলব্ধ ব্যয়সাধ্য নোহোৱাৰ বাবে মানুহে জানি-বুজিও এই অপকাৰী বস্তুবিধ ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছে৷ বিক্ৰেতাৰ সমান্তৰালভাৱে গ্ৰাহকসকল যদি এইক্ষেত্ৰত সচেতন নহয়, তেনেহ’লে প্লাষ্টিকৰ এবাৰ ব্যৱহৃত মোনাৰ ব্যৱহাৰ ৰোধ কৰাটো সম্ভৱ নহয়৷ উল্লেখ্য যে বিভিন্ন সময়ত প্ৰশাসনৰ ফালৰ পৰা সকলোকে প্লাষ্টিকৰ পলিথিন ব্যৱহাৰ নকৰিবলৈ প্ৰচাৰ চলোৱা হয় যদিও সময়ত সকলো ফুটুকাৰ ফেন হয়৷

Most Popular

চাহৰ সৈতে বিস্কুট কিমান স্বাস্থ্যকৰ ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

চাহৰ সৈতে বিস্কুটকিমান স্বাস্থ্যকৰ?

পুৱা শুই উঠিয়েই দাঁত ব্ৰাছ কৰি আমি সকলোৱে চাহকাপত চুমুক দিওঁ৷ পুৱা ব্ৰেকফাষ্টৰ সৈতে চাহকাপ সেৱন নকৰিলে গোটেই দিনটোৱে এলাহ ভাব অথবা...

স্বৰ্গ-মৰ্ত্যৰ মাজৰ এই উপত্যকা!য’ত সময়ো থমকি ৰৈছে

ছাংগ্ৰিলা উপত্যকা– সঁচাকৈয়ে কি আছে এই ৰহস্যময় উপত্যকাত৷ ইয়াক লৈ বিভিন্ন সময়ত নানা প্ৰশ্নৰ উদয় হৈছে৷ ইয়াৰ ৰহস্য...

ভূপৃষ্ঠত সূৰ্যৰ উৎপত্তিৰ আগতেই পানী আছিল : কোনে ক’লে?

বিশ্বব্ৰহ্মাণ্ডত নক্ষত্ৰ সৃষ্টি হোৱাৰ আগৰে পৰাই পানী আছিল৷ বিজ্ঞানীসকলে ইয়াৰ তথ্য লাভ কৰিছে৷ উল্লেখ্য যে বিজ্ঞানীসকলে বিশ্বব্ৰহ্মাণ্ডত প্ৰথমে নক্ষত্ৰ, পানী, পৃথিৱী নে...