আত্মহত্যাক বাধা দিব পৰা কথাবোৰ

0
802

আত্মহত্যা বা আত্মহননৰ ঘটনা আমাৰ সমাজত লাহে লাহে বৃদ্ধি পাবলৈ ধৰিছে। এয়া অত্যন্ত দুৰ্ভাগ্যজনক। ম‌ই প্ৰবল আত্মবিশ্বাসেৰে ক'ব পাৰোঁ-- যিসকলৰ মনলৈ আত্মহত্যাৰ দুৰ্ভাৱনাবোৰ আহে, তেওঁলোকে তলৰ এই কথাখিনি পঢ়াৰ পাছত আত্মহত্যাৰ সিদ্ধান্ত সলনি কৰিবলৈ মনত শক্তি পাব। আচলতে কি জানে-- এই পৃথিৱীৰ প্ৰতিগৰাকী মানুহৰ ক্ষেত্ৰতেই জীৱনৰ কোনোবা নহয় কোনোবা এদিন, কোনো এক মুহূৰ্তত আত্মহত্যাৰ কথা মনলৈ আহে। কিন্তু সুখৰ কথাটো হ'ল-- আমি প্ৰত্যেকেই নিজৰ বিৰুদ্ধে যুদ্ধ কৰি সেই দুৰ্বল অৱস্থাৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হ‌ওঁ। প্ৰথিতযশা সাহিত্যিক-সাংবাদিক প্ৰয়াত হোমেন বৰগোহাঞিদেৱে এষাৰ বৰ সাৰুৱা কথা কৈছিল-- "পদে পদে নিজৰ বিৰুদ্ধে যুদ্ধ নকৰাকৈ আপুনি এটা সুখী, সফল আৰু আদৰ্শ জীৱন গঢ়াৰ কথা কল্পনাই কৰিব নোৱাৰে।" 

 কি এই নিজৰ বিৰুদ্ধে যুদ্ধ ?

বৰগোহাঞিদেৱৰ কথাৰেই ইয়াৰ ব্যাখ্যা এনেকুৱা : "নিজৰ বিৰুদ্ধে যুদ্ধ! অলপ ভাবি চালেই যিকোনো মানুহেই নিজেই বুজিব পাৰিব যে নিজৰ বিৰুদ্ধে অবিৰাম যদ্ধ কৰাটোৱেই হ'ল মানুহৰ আটাইতকৈ ডাঙৰ নৈতিক কৰ্তব্য। মানৱ-জীৱনৰ সাৰ্থকতা নিৰ্ভৰ কৰে এই যুদ্ধৰ জয়-পৰাজয়ৰ ওপৰত। মানুহৰ নৈতিক চৰিত্ৰ‌ও গঢ়ি উঠে এইখন যুদ্ধক্ষেত্ৰতহে। কিন্তু বেছিভাগ মানুহেই নিজৰ বিৰুদ্ধে কেতিয়াও যুদ্ধ আৰম্ভ‌ই নকৰে বা বিনাযুদ্ধে আত্ম-সমৰ্পন কৰে; বহুতে যুদ্ধখন আধা কৰিয়েই পৃষ্ঠ-ভংগ দিয়ে; খুব কম মানুহেহে এই যুদ্ধত অবিৰাম লিপ্ত হৈ থাকে।"

এইখিনিতে মহাত্মা গান্ধীৰ এটি কালজয়ী উক্তি দোহাৰিব খুজিছোঁ : “ম‌ই একেটা সময়তে তিনিটা শক্তিৰ বিৰুদ্ধে যুঁজ কৰিবলগা হৈছে : বৃটিছসকলৰ বিৰুদ্ধে, মোৰ দেশবাসীৰ বিৰুদ্ধে আৰু মোৰ নিজৰ বিৰুদ্ধে।”
এতিয়া নিশ্চয় আপুনি বুজিব পাৰিছে– নিজৰ বিৰুদ্ধে অবিৰামভাৱে যুদ্ধ এখন চলাই যোৱাটো আমাৰ কাৰণে আচলতে কিমান দৰকাৰী।

 কেইটামান এনে কালজয়ী উক্তি, যিয়ে জীৱনৰ কোনো দুৰ্বল মুহূৰ্তত আপোনাক সঞ্জীৱনী সুধা প্ৰদান কৰিব পাৰে। আপোনাক পুনৰ শক্তিশালী কৰি তুলিব পাৰে : 

১) এ হাণ্ট : সংগীতেই হৈছে ভগ্ন হৃদয়ৰ ঔষধস্বৰূপ।
২) কৰ্নেল ছেণ্ডাৰ্ছ : কোনোবাই নিজে পৰাজিত হ’ব নিবিচাৰিলে কেতিয়াও তেওঁ পৰাস্ত নহয়।
৩) ডেল কাৰ্নেগী : তুমি জানো জানা তোমাৰ এই অবয়বটো কিমান শক্তি আৰু কিমান ক্ষমতাৰ অধিকাৰী ?
৪) ভলতেয়ৰ : তুমি যদি আত্মহত্যা কৰিব নোখোজা, তেন্তে সকলো সময়তে কিবা নহয় কিবা এটা কামত লাগি থাকিবা।
৫) অম্বিকাগিৰি ৰায়চৌধুৰী : আত্মশক্তিৰে আত্মৰক্ষা নকৰিলে আন কোনেও আপোনাক ৰক্ষা নকৰে।
৬) প্লেটো : নিজক জয় কৰাটোৱেই পৃথিৱীৰ সকলোতকৈ ডাঙৰ বিজয়।
৭)নৰ্মেন ভিনচেণ্ট পীল : যেতিয়া সমস্যা এটাক কঠিন যেন লাগিব, তেতিয়া সমস্যাটোকে সম্পূৰ্ণৰূপে আওকাণ কৰক।
৮) বুদ্ধদেৱ : অতীতৰ কাৰণে অনুশোচনা নকৰিবা। ভৱিষ্যতৰ কাৰণে দুশ্চিন্তা নকৰিবা। বিপদৰ আশংকা কৰি অবাবতে সময় নষ্ট নকৰিবা। কেৱল বৰ্তমানটো যাপন কৰিবলৈ চেষ্টা কৰিবা ভালকৈ, ভাবি-চিন্তি আৰু আশাসুধীয়াভাৱে। ইয়াকে কৰিলেই তুমি দৈহিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিব পাৰিবা।
৯)) নেপোলিয়ন : জীৱন মানেই যন্ত্ৰণা। কিন্তু সাহসী মানুহে অবিৰামভাৱে আত্মসংযম আয়ত্ব কৰিবলৈ চেষ্টা কৰে আৰু শেষপৰ্যন্ত সেই চেষ্টাত তেওঁ কৃতকাৰ্য হয়।
১০) বুলৱাৰ লিটন : পৃথিৱীৰ ভিতৰত আটাইতকৈ সহজে ঠগাব পৰা লোকজন হ’ল নিজেই।
১১) ছেনেকা : যিটো বাটেৰে আমাক ওপৰলৈ উঠিবলৈ কোৱা হৈছে সেই বাটটো বৰ থিয় আৰু ওখোৰা-মোখোৰা। পিছে কি হ’ল ? সমান বাটত খোজ কাঢ়ি কোনোবাই ওপৰলৈ উঠিব পাৰে নেকি ?
১২) হেলেন কেলাৰ : সদায় বিপদৰ মুখামুখি হ’বা। বিপদ পৰিহাৰ কৰি চলাটো বিপদৰ মুখামুখি হোৱাতকৈ কেতিয়াও কম নিৰাপদ নহয়। জীৱন যদি এটা দুঃসাহসিক অভিযান নহয়, তেন্তে সি আন একোৱেই নহয়।
১৩) ছেনে’কা : বিপদ-বিঘিনিবোৰ মানুহৰ ভালৰ কাৰণেই ঘটে। আৰু ডাঙৰ অকৃতকাৰ্যতাই মহৎ গৌৰৱৰ পথ নিৰ্মাণ কৰে।
১৪) কলম্বাচ : ম‌ই সংগ্ৰামহীন জীৱন কল্পনাকে কৰিব নোৱাৰোঁ। সংগ্ৰাম আৰু সংঘাত মোৰ জীৱনৰ শ্বাস-প্ৰশ্বাস।
১৫) হোমেন বৰগোহাঞি : জীৱনত নানা ঘাত-প্ৰতিঘাত, উত্থান-পতন আৰু বাধা-বিঘিনিতো থাকিব‌ই; সেইবোৰৰ লগত যুঁজ কৰি জীয়াই থাকিব পাৰিলেহে জীয়াই থকাৰ আচল আনন্দ অনুভৱ কৰিব পাৰি। যুঁজ কৰিবলৈ য’ত প্ৰতিপক্ষ নাই, জয় কৰিবলৈ নাই নৱ নৱ ৰাজ্যক্ষেত্ৰ, তেনে এটা জীৱন কোনো প্ৰকৃত পুৰুষৰ কাম্য হ’ব নোৱাৰে। বিপদ-বিঘিনিয়ে সপ্তৰথীৰ দৰে চক্ৰবেহু তৈয়াৰ কৰি চাৰিওফালৰ পৰা বেঢ়ি থাকিলেও ম‌ই নিষ্ক্ৰমনৰ কিবা এটা পথ নিশ্চয় বিচাৰি পামেই। যদি নাপাওঁ, তেন্তে ম‌ই নিজে নিৰ্মাণ কৰি ল’ম নতুন এটা পথ।
১৬) মহাত্মা গান্ধী : সত্যৰ মুখামুখি হ’বলৈ ভয় নকৰিবা; সত্য সদায় ভয়ংকৰ। যি কাপুৰুষ তেওঁহে কেতিয়াও সত্যৰ মুখামুখি হ’ব নোৱাৰে।
১৭) উমাছ পেইন : মানুহৰ জীৱনত কিছুমান সংকটপূৰ্ণ সময় আহে। তথাপি আমি এই ভাবি সান্তনা লভিব পাৰোঁ যে সংগ্ৰাম যিমানেই কঠিন হ’ব জয়লাভো সিমানেই গৌৰৱময়।
১৮) পিয়েৰ টেলহাৰ্ডড্য চাৰদিন : বাস্তৱতা যিমানেই ভয়লগা বা প্ৰতিৰোধহীন যেন নালাগক কিয় দৃঢ়তা আৰু আত্মবিশ্বাস অটুট ৰাখিব পাৰিলে জয়লাভ সুনিশ্চিত।
১৯) জুলিয়া ওব্ৰেজ‌উডে : মানুহৰ আটাইবোৰ মানসিক গুণৰ ভিতৰত আটাইতকৈ মূল্যবান গুণটো হ’ল ধৈৰ্য।
২০) এলবাৰ্ট আইনষ্টাইন : জীৱনত তিতা-মিঠা অভিজ্ঞতাবোৰ আহে বাহিৰৰ পৰা। কিন্তু যি কঠিন সি আহে ভিতৰৰ পৰা, মানুহৰ নিজৰ চেষ্টাৰ পৰা।
২১) ভালেৰি : সেইজন মানুহকেই মানসিকভাৱে সুস্থ বুলি কোৱা হয়, যিজনে নিজৰ ভিতৰৰ উন্মাদ মানুহটোক শিকলিৰে বান্ধি তলা মাৰি ৰাখিব পাৰে।
২২) ডাগ্ হেমাৰশ্বল্ড : তোমাৰ যিমানখিনি শক্তি আছে, জীৱনে সিমানখিনিয়েই দাবী কৰে। এটা মাথোঁ বীৰত্ব তোমাৰ পক্ষে সম্ভৱ– যুদ্ধক্ষেত্ৰৰ পৰা কেতিয়াও পলাই নাযাবা।
২৩) ৰিক হানচেন : ম‌ই কেৱল নিশ্চিত হ’ব খুজিছিলোঁ যে ম‌ই এতিয়াও জীৱিত হৈ আছোঁ। প্ৰকৃততে ই আছিল নিজৰ ভাগ্যৰ বিৰুদ্ধে এক সংগ্ৰাম, যি সংগ্ৰামত ম‌ই জয়ী হ’ব বিচাৰিছিলোঁ।

 আমাৰ প্ৰত্যেকৰে এটা ভুল ধাৰণা থাকে যে নিজৰ ভিতৰত কঢ়িয়াই লৈ ফুৰা সমস্যাটোক আমি চূড়ান্ত বুলি ভাবি পেলাওঁ আৰু তাৰ সমাধান নাই বুলি ভাবোঁ। যেন মোতকৈ ডাঙৰ সমস্যা এই পৃথিৱীত আন কাৰোৰে নাই! আচলতে প্ৰতিটো সমস্যাৰে সমাধান থাকে। এই কথাৰ সত্যতা আপুনি নিজৰ জীৱনৰ পৰাই আহৰণ কৰিব পাৰে। আপোনাৰ জীৱনতো পূৰ্বতে এনে কিছুমান ঘটনা ঘটিছিল, যাক আপুনি একেবাৰে চূড়ান্ত বুলি ভাবিছিল। কিন্তু সময়ৰ সোঁতত এদিন সেই সমস্যা নোহোৱা হৈ পৰিল-- নহয়নে ? আজি সেই সমস্যাটোৰ কথা ভাবি হয়তো আপোনাৰ হাঁহিয়েই উঠে! আপুনি নিশ্চয় ভাবে কেতিয়াবা-- এসময়ত পৰ্বতসম ডাঙৰ বুলি ভবা সমস্যাটো আচলতে কোনো সমস্যাই নাছিল! 

 আপোনাৰ জীৱনতো এতিয়াও যদি সাংঘাতিক কিবা সমস্যা চলি আছে, তেন্তে ধৈৰ্যসহকাৰে সমস্যাটোৰ মুখামুখি হ‌ওক। দেখিব-- মুখামুখি হোৱাৰ লগে লগেই সমস্যাৰ চোকটো কমি গৈছে। কিন্তু সমস্যাটোৰ পৰা পলায়নৰ চেষ্টা কৰিলেই সি আপোনাক বেছিকৈহে খেদিবলৈ আৰম্ভ কৰিব। কাৰণ বাৰ্ট্ৰা'ণ্ড ৰাছেলে কৈছিল-- "বহুত ক্ষেত্ৰত অৰ্থহীন ভিৰুতাই অনাৱশ্যকভাৱে সমস্যাক জটিল কৰি তোলে। যিসকলে কুকুৰক দেখি ভয় কৰে কুকুৰে তেওঁলোকক বেছিকৈ ভুকে আৰু খুব সাৱধানে কামোৰে, কিন্তু যিসকলে অৱজ্ঞাপূৰ্ণ ব্যৱহাৰ কৰে, তেওঁলোকক একো কৰিব নোৱাৰে।"

 যদি আপুনি সমস্যাটোক নিজে বলে পাৰা নাই, তেন্তে আপোনাৰ মা-দেউতা বা অভিভাৱক অথবা আপোনাৰ অতি আপোন কোনোবা বন্ধুৰ লগত আলোচনা কৰক। কাৰোবাক কৈ দিয়াৰ লগে লগে আপোনাৰ মনৰ ভিতৰত কঢ়িয়াই লৈ ফুৰা সমস্যাৰ বোজাটোও কমি যাব। বাৰে বাৰে ক'ম--- জীৱনত ধৈৰ্য মহৌষধ। অপেক্ষা অন্তহীন আনন্দৰ উৎস।

 আৰু এটা বৰ দৰকাৰী কথা হ'ল-- 'মানসিক চাপত( mental stress ) ভুগি থাকিলে বহু লোকে ঘৰৰ ভিতৰত সোমাই বিছনাত শুই থাকে। এনে কাম কেতিয়াও নকৰিব। তেনে সময়ত প্ৰকৃতিৰ সান্নিধ্যত থাকিবলৈ যত্ন কৰক। মুকলি আকাশৰ তললৈ যাওক, গছ-লতা, চৰাই-চিৰিকটি, জীৱ-জন্তুৰ ওচৰত সময় কটাবলৈ যত্ন কৰিব। গাত মুক্ত বতাহ লাগি থকাটো অত্যন্ত দৰকাৰ। আমি প্ৰকৃতিৰ সন্তান। দুখ-যন্ত্ৰণাৰ সময়ত প্ৰকৃতিয়ে আমাক নিশ্চয়কৈ নিচুকাব। 

 মানসিক যন্ত্ৰণাৰ সময়ত কেতিয়াও অকলে নাথাকিব-- লগ-বন্ধুৰ কাষত থাকক। বন্ধু-বৰ্গৰ কাষত থাকিলে আপোনাৰ শক্তিহীন মনটো শক্তিশালী হোৱাত সহায় হ'ব। এগৰাকী মানসিক ৰোগৰ চিকিৎসক অথবা মনস্তত্ববিদৰ কাষ চপাটোও অত্যন্ত ভাল কথা। মুঠতে আপোনাৰ এটাই লক্ষ্য হোৱা উচিত-- ভাঙি পৰা মনটোক সুস্থ কৰিব লাগে। শৰীৰৰ কোনোবাখিনিত কাটিলে যেনেকৈ ঘাডোখৰ শুকাওঁতে সময় লাগে, তেনেকৈ মনত সাংঘাতিক আঘাত পালেও একেই সময় লাগিব সেই আঘাত প্ৰশমিত হ'বলৈ। তাৰবাবে লাগিব অসীম ধৈৰ্য, সংযম আৰু ইচ্ছাশক্তি। আপুনি কেৱল এটা কথাই ভাবিব লাগিব-- যি হয় হৈ থাকক, ম‌ই কেৱল জীয়াই থাকিম। জীয়াই থকাৰ পুণ্য কামটোতো অন্ততঃ আমি কৰিব পাৰোঁ। নোৱাৰোঁনে ? যদি এই বিপদৰ সময়খিনি অত্যন্ত ধৈৰ্যৰে পাৰ কৰি দিব পাৰিলে, তেন্তে পুনৰ আপুনি আপোনাৰ শক্তিশালী মনটোক ঘূৰাই পাব। ঈশ্বৰ বা প্ৰকৃতিয়ে যেনেকৈ আমাক আন্ধাৰো দিছে, তেনেকৈ পোহৰো দিছে; দিনো দিছে, ৰাতিও দিছে; ঠিক তেনেকৈ সমস্যা‌ও দিছে আৰু তাৰ সমাধানো দিছে। পুনৰ কৈছোঁ-- আচলতে আমাৰ জীৱনৰ প্ৰতিটো সমস্যাৰেই সমাধান থাকে। আমি কেৱল সমাধানটো উলিয়াই ল'বলৈ নাজানো। ধৈৰ্যৰে অপেক্ষা কৰিলে, যিকোনো সমস্যাৰ সমাধানবোৰ আমাৰ চকুৰ আগত নিজে নিজেই উন্মোচন হৈ গৈ থাকিব।

 এই পৃথিৱীৰ প্ৰতিগৰাকী ব্যক্তিয়ে‌ই আচলতে অদ্বিতীয়, তুলনাবিহীন, প্ৰচুৰ সম্ভাৱনাৰ প্ৰতীক। যদি নিচুকাই নিচুকাই ক্ৰন্দনৰত, শোকে জৰ্জৰিত আপোনাৰ দুৰ্বল হৈ থকা মনটোক সুস্থ কৰি তুলিব পাৰিলে, বুকুত হাত থৈ ক'ব পাৰোঁ ম‌ই--- আপোনাতকৈ শক্তিশালী মানুহ দ্বিতীয়জন আৰু এই পৃথিৱীত নাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here