উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা

0
252

ৰাজ্যত উদ্বেগজনকভাৱে ক’ভিড আৰু জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে৷ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ স্বাস্থ্য িবভাগে বিশেষ সতকৰ্তামূলক ব্যৱস্থা গ্ৰহণ কৰিছে যদিও ইয়াৰ পাছতো নিতৌ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে৷ চৰকাৰী তথ্য অনুসৰি বৰ্তমানলৈকে ৰাজ্যখনত মুঠ ৭০৭ গৰাকী লোক ক’ভিডত নতুনকৈ আক্ৰান্ত হৈছে৷ 
ইয়াকে ধৰি ৰাজ্যখনত  ক’ভিডত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰি থকা লোকৰ সংখ্যা হৈছেগৈ ৩১৫০ গৰাকী৷ আনহাতে ৰাজ্যখনত ক’ভিডৰ সংক্ৰমণৰ হাৰ বৃদ্ধি পাই হৈছেগৈ ১১.৫৫ শতাংশ৷ ৰাজ্যখনৰ ভিতৰতে সৰ্বাধিক লোক আক্ৰান্ত হৈছে কামৰূপ মাহানগৰ জিলাত৷ জিলাখনত যোৱা দহ দিনতে ৭৩৮ গৰাকী আক্ৰান্ত হৈছে৷ 
ইফালে ১৫ জুলাইলৈ যোৰহাট জিলাত ৯৩ গৰাকী, কামৰূপ মহানগৰ জিলাত ৬৯ গৰাকী, ডিব্ৰুগড় জিলাত ৬৭ গৰাকী আক্ৰান্ত হৈছে৷ একেদৰে ৰাজ্যখনত ক’ভিডৰ দৰেই নিতৌ বৃদ্ধি পাবলৈ ধৰিছে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত লোকৰ সংখ্যাও৷ ইতিমধ্যে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰখনে চিকিৎসা মহাবিদ্যালয় হাস্পতালকেইখনৰ উপৰি দহখন জিলা হাস্পতালতো জাপানীজ এনকেফেলাইটিছত আক্ৰান্তসকলক ভৰ্তি কৰি চিকিৎসা প্ৰদানৰ সিদ্ধান্ত লৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here