Home Daily news অংগনৱাড়ী কেন্দ্ৰত শিশুৰ বাবে আধাৰ পঞ্জীয়ন বাধ্যতামূলক

অংগনৱাড়ী কেন্দ্ৰত শিশুৰ বাবে আধাৰ পঞ্জীয়ন বাধ্যতামূলক

চৰকাৰে ‘সক্ষম অংগনৱাড়ী আৰু পোষণ-২’ নীতিৰ নতুন নীতি-নিৰ্দেশ জাৰি কৰিছে৷ নতুন নীতি-নিৰ্দেশ মতে, অংগনৱাড়ী সেৱা আঁচনি সকলো যোগ্য হিতাধিকাৰীৰ বাবে মুকলি আৰু একমাত্ৰ পূৰ্বচৰ্ত হ’ল যে হিতাধিকাৰীয়ে আধাৰ নম্বৰৰ সৈতে নিকটৱৰ্তী অংগনৱাড়ী কেন্দ্ৰত নাম পঞ্জীয়ন কৰিব লাগিব৷ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰ্যালয়ে অৱশ্যে স্পষ্ট কৰি দিয়ে যে অংগনৱাড়ী সেৱা আঁচনিৰ অধীনত সুবিধা লাভৰ বাবে শিশুৰ আধাৰ কাৰ্ড বাধ্যতামূলক নহয় আৰু মাতৃৰ আধাৰ কাৰ্ড ব্যৱহাৰ কৰিয়েই শিশুৱে সুবিধা লাভ পাব৷ 
মন্ত্ৰ্যালয়ে কয় যে জাতি, ধৰ্ম আৰু আয়ৰ মান নিৰ্বিশেষে সকলো যোগ্য হিতাধিকাৰীৰ বাবে অংগনৱাড়ী সেৱা আঁচনি মুকলি থাকিব৷ একমাত্ৰ পূৰ্বচৰ্ত হ’ল যে হিতাধিকাৰীয়ে আধাৰ নম্বৰৰ সৈতে তেওঁৰ নাম নিকটৱৰ্তী অংগনৱাড়ী কেন্দ্ৰত পঞ্জীয়ন কৰিব লাগিব৷ কিশোৰীসকলৰ বাবে থকা আঁচনিৰ অধীনত সুবিধা পাবলৈ হিতাধিকাৰীসকলক আধাৰৰ প্ৰয়োজন হ’ব৷ ১৪-১৮ বছৰ বয়সৰ কিশোৰী হিতাধিকাৰীসকলক চিনাক্ত কৰিব সংশ্লিষ্ট ৰাজ্যসমূহে৷ 
কিশোৰীসকলৰ বাবে ‘পোষণ-২’ আঁচনিৰ সংশোধন ঘটোৱা হৈছে৷ এতিয়া অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহকে ধৰি ৰাজ্যসমূহৰ এস্পিৰেশ্যনেল ডিষ্ট্ৰিক্টবোৰৰ ১৪-১৮ বছৰ বয়সৰ কিশোৰীসকল এই আঁচনিৰ হিতাধিকাৰী হ’ব৷ আগতে বিদ্যালয়লৈ নোযোৱা ১১-১৪ বছৰ বয়সৰ ছোৱালীবোৰক এই আঁচনিত সামৰা হৈছিল৷ পুষ্টিহীনতা দূৰ কৰাৰ লক্ষ্যৰে চৰকাৰে ‘সক্ষম অংগনৱাড়ী আৰু পোষণ-২’ নীতিৰ বাবে নতুন নীতি-নিৰ্দেশ জাৰি কৰে৷ সুস্থতা আৰু পৌষ্টিকতাৰ বাবে পোষণ- ২.০ৰ অধীনত আয়ুষ ব্যৱস্থাও সংলগ্ন কৰা হ’ব৷ সুস্বাস্থ্যৰ বাবে যোগাভ্যাস কৰিবলৈ উৎসাহ যোগোৱা হ’ব৷ আঁচনি ৰূপায়ণৰ বাবে আয়ুষ মন্ত্ৰ্যালয়ে কাৰিকৰী সমৰ্থন আগবঢ়ায়

Most Popular

বিস্কুটৰ গাত অসংখ্য ছিদ্ৰ থকাৰ আঁৰৰ কথা জানেনে ?

বিস্কুট খোৱাটো আমি সকলোৱে পচন্দ কৰোঁ৷ পুৱাৰ ফিকা চাহকাপৰ সৈতে এখন বিস্কুট খোৱাৰ আমেজেই সুকীয়া৷ চাহ-বিস্কুটৰ জুতি নল’লে দিনটো যেন অসম্পূৰ্ণ হৈয়ে...

বিজ্ঞানীৰ উদ্ভাৱন : বিশ্বৰ ৰূপ সলনি কৰিব Red matter-এ

আধুনিক বিজ্ঞান-প্ৰযুক্তিৰ দিশত বিজ্ঞানীসকলে ন ন কৌশল উদ্ভাৱন ব্ৰতী হৈ আছে৷ ইয়াৰে ফচল হিচাপে এইবাৰ বিজ্ঞানীসকলে নতুন পদাৰ্থ...

নিমিষতে ম’বাইল ডাটা শেষনহ’বলৈ এই পদ্ধতি অৱলম্বন কৰক

আপুনি গোটেই দিনটোত ফে’চবুক, ৱাটছএপ কোনোটোৱে ব্যৱহাৰ কৰা নাই, অথচ আপোনাৰ স্মাৰ্টফোনটোৰ ডাটা ৫০ শতাংশ শেষ হৈ গৈছে৷ তাৰ বাবে আপুনি কাষ্টমাৰ...

বেচনৰ হেয়াৰ মাস্ক : চুলিৰ যত্নত কিদৰে ব্যৱহাৰ কৰিব ?

বহু যুগ ধৰি সৌন্দৰ্য বজাই ৰখাৰ বাবে বেচন ব্যৱহাৰ হৈ আহিছে৷ ছালৰ উজ্জ্বলতা, ব্ৰুন বা মুখৰ দাগ, পিগমেণ্টটেশ্যন আদি ছালৰ যিকোনো সমস্যা...