সুখবৰ ! ২১০০ চনত ১০০.৩ কোটি হ্ৰাস পাব পাৰে ভাৰতৰ জনসংখ্যা

0
385

ভাৰত বিশ্বৰ দ্বিতীয় আটাইতকৈ বেছি জনসংখ্যাৰ দেশ৷ কিন্তু আৰু ৭৮ বছৰৰ পাছত ভাৰতৰ জনসংখ্যা ৪১ কোটি হ্ৰাস পাব পাৰে৷ ভাৰতত প্ৰতি বৰ্গকিল’মিটাৰত ৪৭৬ জন লোকে বাস কৰে৷ আনহাতে বিশ্বৰ আটাইতকৈ বেছি জনসংখ্যা থকা চীনত প্ৰতি বৰ্গকিল’মিটাৰত ১৪৮ জন লোকে বাস কৰে৷ ২১০০ চনত ভাৰতৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গকিল’মিটাৰত ৩৩৫ জন লোকলৈ হ্ৰাস পাব৷ বিশ্বৰ জনবসতি ঘনত্ব যিমান হ্ৰাস পাব বুলি প্ৰক্ষেপ কৰা হৈছে, তাতকৈ ভাৰতৰ জনবসতিৰ ঘনত্ব হ্ৰাস অতি বেছি৷ 
শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ জনসংখ্যা বিভাগে প্ৰকাশ কৰা প্ৰতিবেদনত ২০২২ চনত ১৪১.২ কোটি থকা ভাৰতৰ জনসংখ্যা ২১০০ চনত ১০০.৩ কোটিলৈ হ্ৰাস পাব বুলি সম্ভাৱনা প্ৰকাশ কৰা হৈছে৷ আনহাতে চীন আৰু আমেৰিকাৰো জনসংখ্যা হ্ৰাস পাব বুলি প্ৰতিবেদনখনত কোৱা হৈছে৷ প্ৰতিবেদনখনৰ মতে চীনৰ জনসংখ্যা ৯৩.২ কোটি হ্ৰাস পাই ২১০০ চনত ৪৯.৫ কোটি হ’ব৷ এই প্ৰক্ষেপ কৰা হৈছে কম উৰ্বৰতাৰ হাৰৰ ভিত্তিত৷ প্ৰতিবেদনখনৰ মতে ভাৰতত প্ৰতিগৰাকী মহিলাৰ উৰ্বৰতাৰ হাৰ ২০৩২ চনত ১.৭৬ ৰপৰা ১.৩৮ লৈ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে৷ ঠিক তেনেদৰে ২০৫২ চনত ১.২৮ লৈ, ২০৮২ চনত ১.২ লৈ আৰু ২১০০ চনত ১.১৯ লৈ হ্ৰাস পাব

LEAVE A REPLY

Please enter your comment!
Please enter your name here