WHO-ৰ জনস্বাস্থ্য, সামাজিক প্ৰতিব্যৱস্থা বৃদ্ধিত গুৰুত্ব

0
413
দক্ষিণ-পূব এছিয়া অঞ্চলৰ ৭ খন দেশত কভিড-১৯ৰ নতুন ভেৰিয়েণ্ট অ’মিক্ৰনৰ সংক্ৰমণ ধৰা পৰাৰ পাছত অ’মিক্ৰনৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ WHO-ই জনস্বাস্থ্য আৰু সামাজিক প্ৰতিব্যৱস্থা বৃদ্ধি কৰাত গুৰুত্ব দিয়ে৷ বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ-পূব এছিয়া অঞ্চলৰ আঞ্চলিক সঞ্চালক পুনম ক্ষেত্ৰপাল সিঙে কয় যে প্ৰমাণিত স্বাস্থ্য আৰু সামাজিক প্ৰতিব্যৱস্থাৰে দেশবোৰে অ’মিক্ৰনৰ বিস্তাৰ ৰোধ কৰিব পাৰে আৰু পাৰিবই লাগিব৷ এটা বিবৃতিত তেওঁ কয় যে কম সুৰক্ষিত আৰু বিপদৰ আশংকা বেছি থকাসকলৰ সুৰক্ষা দিয়াত আমাৰ মনোযোগ অব্যাহত থাকিব লাগিব৷ অ’মিক্ৰনৰ দ্বাৰা আহিব পৰা সৰ্বাত্মক ভাবুকি তিনিটা প্ৰধান প্ৰশ্নৰ ওপৰত নিৰ্ভৰশীল– ইয়াৰ সংক্ৰমণীয়তা, ভেক্‌চিন আৰু আগৰ SARS-COV-২ সংক্ৰমণে ইয়াৰ বিৰুদ্ধে কিমান ভালদৰে সুৰক্ষা দিব আৰু আন ভেৰিয়েণ্টৰ তুলনাত এই নতুন ভেৰিয়েণ্ট কিমান মাৰাত্মক৷ সিঙে কয় যে এতিয়ালৈকে আমি যি জানিব পাৰিছোঁ, যোৱা কেইবা মাহো বিশ্বত সংক্ৰমণ বৃদ্ধি হোৱাৰ কাৰণ ডেল্টা ভেৰিয়েণ্টতকৈ অ’মিক্ৰনৰ দ্ৰুতবেগত বিস্তাৰ ঘটে যেন লাগিছে৷ দক্ষিণ আফ্ৰিকাৰ পৰা পোৱা তথ্যই কয় অ’মিক্ৰনৰ পুনৰ সংক্ৰমণৰ আশংকা বেছি৷ তেওঁ আৰু কয় যে অ’মিক্ৰনৰ বাবে গুৰুতৰ ৰোগ হোৱা ক্ষেত্ৰত সীমিত তথ্যহে আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here