Polycystic Ovarian Syndrome (পলিচিষ্টিক অভাৰিয়ান ছিন্ড্ৰোম )

0
1121

Polycystic Ovarian Syndrome, চমুকৈ PCOS কেৱল প্ৰজনন তন্ত্ৰৰ বিসংগতিয়ে নহয়, ই হৈছে অন্তঃস্ৰাৱী গ্ৰন্থিৰ বিসংগতি (Endocrinological disorder) , যিয়ে মহিলাক অন্তঃসত্বা হোৱাৰ কালছোৱাত প্ৰভাৱ পেলাই।

‘Polycystic’ শব্দটো দুটা শব্দৰ সংযোজন – ‘Poly’ আৰু ‘Cystic ‘। Poly শব্দৰ অৰ্থ ইয়াত বিশেষকৈ ১২ বা ততোধিক সংখ্যা বুজাইছে আৰু ‘Cyst’ শব্দৰ অৰ্থ হৈছে ‘জলকোষ’। মহিলাৰ ডিম্বাশয়ত ১২ বা তাতোকৈ অধিক জলকোষৰ অৱস্থিতি আৰু লগতে ঋতুচক্ৰৰ বিসংগতিকে PCOS বুলি জনা যায়।

তলত উল্লেখ কৰা তিনিটা লক্ষণৰ ভিতৰত যদি দুটা লক্ষণ দেখা যায়, তাক PCOS বুলি ধৰা হয় – (Rotterdam criteria)
১) কম পৰিমাণে ঋতুস্ৰাৱ হোৱা বা ডিম্বানু নিঃসৰণ নোহোৱা (Oligomenorrhoea and/or Anovulation)
২) পুংহ’ৰমনৰ পৰিমাণ শৰীৰত অধিক হোৱা (Hyperandrogenism )
৩) ডিম্বাশয়ত ১২ বা তাতোকৈ অধিক জলকোষৰ অৱস্থিতি ( ডিম্বাশয়ত ২-৯ মি. মি. ৰ ১২ বা তাতোকৈ অধিক জলকোষৰ সৃষ্টি হয় বা ডিম্বাশয়ৰ আয়তন 10 cc তকৈ বেছি হয়।)

মহিলাৰ প্ৰজনন ক্ষমতা প্ৰায় ১০ – ১২ বছৰ বয়সৰ পৰাই আৰম্ভ হয় আৰু ই প্ৰায় ৪৫-৫০ বছৰলৈ চলি থাকে। প্ৰজনন প্ৰাপ্তিৰ পৰাই ডিম্বাণু গঠন হৈ ক্ৰমান্বয়ে পুৰঠ হ’বলৈ ধৰে।
ঋতুচক্ৰ আৰম্ভ হোৱাৰ লগে লগে ২০ টা মান কোষ ( follicles) পুৰঠ হবলৈ আৰম্ভ কৰে। ইয়াৰ বিকাশ প্ৰাপ্তিৰ হাৰ pituitary gland (মগজুত থকা এটা অন্তঃস্ৰাৱী গ্ৰন্থি) গ্ৰন্থিৰ ওপৰত নিৰ্ভৰশীল। এই সময়ত ডিম্বাশয়ৰ কোষৰ (Ovarian follicles) পৰা ইষ্ট্ৰ’ জেন (Oestrogen) নামৰ হৰমন নিঃসৰণ হয়। এই কোষ সমূহৰ মাজৰ পৰা শৰীৰে এটা কোষ নিৰ্ধাৰণ কৰে, যাক প্ৰভাৱশালী কোষ (Dominant follicle) বুলি কোৱা হয়।
কালক্ৰমত (১৪ দিনৰ মূৰত) প্ৰভাৱশালী কোষ (Dominant follicle) স্ফুটন হয় আৰু ডিম্বাণু (ovum) মুক্তিপ্ৰাপ্ত হয়। অৱশিষ্ট কোষবোৰ লাহে লাহে মৃতপ্ৰায় অৱস্থালৈ গতি কৰে। এই প্ৰভাৱশালী কোষৰ (Dominant follicle) পৰা ডিম্বাণুলৈ হৈ যোৱাৰ পাছত তাক Graafian follicle বুলি কোৱা হয় আৰু ইয়াৰ পৰা প্ৰজেষ্ট্ৰেৰণ নামৰ হৰমন নিঃসৰণ হয়। মহিলা যদি গৰ্ভৱতী নহয়, ১৪ দিনৰ পাছত পুনৰ ঋতুস্ৰাৱ হয়। এনেদৰে ঋতুচক্ৰ সুচাৰুৰূপে চলি থাকে। এই কাৰ্য্যত Hypothalamus, Pituitary gland আৰু Ovarian Hormones য়ে সহায় কৰে। ইয়াক ‘Hypothalamic – pituitary – ovarian – axis’ বুলি জনা যায়। এই axis টোৰ বিসংগতি হ’লে বিভিন্ন ৰোগে দেখা দিয়ে। অৱশ্যে ঋতুচক্ৰত থাইৰয়ড গ্ৰন্থিও বিশেষভাৱে প্ৰভাৱ পেলাই।
এইটো পৰিলক্ষিত হয় যে PCOS ত আক্ৰান্ত ৰোগীৰ শৰীৰে Dominant follicle টো নিৰ্বাচন কৰিব নোৱৰা হয়, ফলস্বৰূপে এই কোষৰ ঠাইত কেইবাটাও কোষ একেলগে বাঢ়ি আহিবলৈ ধৰে আৰু ই পূৰ্ণতাপ্ৰাপ্তি নাপায়। কালক্ৰমত এই কোষবোৰ ‘জলকোষ’ ৰূপে ডিম্বাশয়ত ৰৈ যায়।
গতিকে এনেধৰণৰ ১২ টা বা অধিক ২-৯ mm ৰ কোষ যেতিয়া বাঢ়ি যায়, তাক Polycystic Ovaries বুলি জনা যায়।


পলিচিষ্টিক অভাৰিয়ান ছিন্ড্ৰোমৰ কাৰণ সমূহ :
১) Unknown factors (কিছুমান কাৰণ জনা নাযায়)
২) বংশগতিৰ কাৰণ।
৩) তেজন FSH (ফলিকুল ষ্টিমুলেটিং হৰমন) কমি যোৱা।
৪) মেদবহুলতা।
৫) ইনছুলিন ৰেজিস্টেন্চ (Insulin resistance)
৬) মানসিক চাপ (stress), জীৱন ধাৰণৰ প্ৰক্ৰিয়াৰ পৰিবতৰ্ন (Lifestyle changes) খাদ্য।
৭) বংশানুক্ৰমিক উপাদান সমূহ (Genetic factors, CYP 21 gene mutation)

ই ৪-৫% মহিলাক আক্ৰান্ত কৰে। জীৱন ধাৰণৰ পৰিৱৰ্তন আৰু মানসিক চাপৰ কাৰণত এই ৰোগীৰ সংখ্যা দ্ৰুত হাৰত বৃদ্ধি হৈছে।

পলিচিষ্টিক অভাৰিয়ান ডিজিজৰ লক্ষণ সমূহ :
১) কমকৈ ঋতুস্ৰাৱ হোৱা (Oligomenorrhoea) আৰু কালক্ৰমত অত্যাধিক ঋতুস্ৰাৱ হোৱা ( Heavy menstrual bleeding)
২) সন্তানহীনতা ( Infertility)
৩) গৰ্ভপাত হোৱা (Pregnancy loss)
৪) বুকু, মুখমণ্ডল, হাত ভৰি আদিত অত্যাধিক নোম গজা ( Hirsutism), ডিঙিৰ পিছফালে ডাঠকৈ ক’লা চামনি পৰা (Acanthosis nigricans) ।

আয়ুৰ্বেদিক চিকিৎসা মহাবিদ্যালয়ত স্নাতকোত্তৰ অধ্যয়নৰ কালছোৱাৰ অভিজ্ঞতাৰে মই কওঁ যে আয়ুৰ্বেদিক চিকিৎসাৰ দ্বাৰা এই ৰোগত আক্ৰান্ত ৰোগী সকলে সুফল লাভ কৰিছে। মই আয়ুৰ্বেদিক প্ৰসুতি তন্ত্ৰ আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ হিচাপে মহিলা সকলক আহ্বান জনাও যে তেওঁলোকে আয়ুৰ্বেদিক চিকিৎসাৰ ওপৰত গুৰুত্ব দি, তেওঁলোকৰ জীৱন শৈলী সংশোধনেৰে সুখী, সুস্থ জীৱন লাভ কৰক।
PCOS ৰ চিকিৎসা নগাওঁ ইতিশা মেডিকেল, পানিগাওঁ চাৰিআলি ত উপলব্ধ ।

ডঃ উম্মে বিলকিছ আহমেদ MS(Ay) প্ৰসুতি আৰু স্ত্ৰী ৰোগ বিশেষজ্ঞ ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here