Home Daily news GMCH-ত প্ৰথমটো ব’ন মেৰ’ ট্ৰেন্সপ্লাণ্ট সফলতাৰে সম্পন্ন

GMCH-ত প্ৰথমটো ব’ন মেৰ’ ট্ৰেন্সপ্লাণ্ট সফলতাৰে সম্পন্ন

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্ৰথমটো হাড়ৰ মজ্জা সংৰোপণ [ব’ন মেৰ’ ট্ৰেন্সপ্লাণ্ট] সফলতাৰে সম্পন্ন হোৱাৰ সুখবৰ দিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ জি এম চি এইচত হাড়ৰ মজ্জা সংৰোপণ সফলতাৰে সম্পন্ন হোৱা কাৰ্য ৰাজ্যৰ চিকিৎসা ক্ষেত্ৰখনৰ বাবেই অত্যন্ত সুখবৰ বিবেচিত হৈছে৷ এই চিকিৎসা পদ্ধতি অসমতে সম্ভৱ হোৱাত এতিয়াৰ  পৰা তেজৰ কৰ্কট ৰোগ আৰু থেলাছেমিয়া ৰোগৰ চিকিৎসা জি এম চি এইচতে সম্ভৱ হ’ব৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই হাড়ৰ মজ্জা সংৰোপণৰ প্ৰথমটো প্ৰক্ৰিয়া সফলতাৰে সম্পন্ন কৰা চিকিৎসকৰ দলটোক সাক্ষাৎ কৰি উৎসাহিত কৰে৷ আনহাতে জি এম চি এইচত হাড়ৰ মজ্জা সংৰোপণ কৰিলে মাত্ৰ ২ লাখ টকাহে ব্যয় হ’ব বুলিও তেওঁ সদৰী কৰে৷ জি এম চি এইচত হাড়ৰ মজ্জা সংৰোপণ কৰোৱা ৰোগীজন কামৰূপ জিলাৰ কমলপুৰৰ বুলি সদৰী কৰে মুখ্যমন্ত্ৰীজনে৷ তেওঁৰ চিকিৎসা জি এম চি এইচৰ হেমাট’লজি বিভাগৰ উদ্যোগত আৰু বিভাগটোৰ মুৰব্বী চিকিৎসক ডাঃ জীনা ভট্টাচাৰ্যৰ নেতৃত্বত সম্পন্ন হয়৷ 
উল্লেখ্য যে হাড়ৰ মজ্জা সংৰোপণ তিনি প্ৰকাৰে সম্ভৱ হয়৷ ইয়াৰে প্ৰথম দুটা ভাগৰ চিকিৎসা জি এম চি এইচত ইতিমধ্যে সম্ভৱ হৈছে যদিও তৃতীয়বিধ চিকিৎসাৰ বাবে আৰু কিছু আন্তঃগাঁথনিৰ প্ৰয়োজন হ’ব বুলি মুখ্যমন্ত্ৰীয়ে সদৰী কৰে৷ এতিয়া অট’লগাছ আৰু এল’জেনিক পদ্ধতি সম্ভৱ হোৱা বুলি তেওঁ প্ৰকাশ কৰে৷ অট’লগাছ পদ্ধতিত ৰোগীৰ নিজৰে মজ্জা সংৰোপণ কৰা হয়৷ এই পদ্ধতি তেজৰ কৰ্কট ৰোগৰ চিকিৎসাত কৰা হয়৷ আনহাতে এল’জেনিক ৰোগীৰ আত্মীয়ৰ মজ্জা ১০০ শতাংশ মেট্‌ছ কৰিলে সংৰোপণ কৰা হয়৷ এই পদ্ধতি থেলাছেমিয়া ৰোগৰ চিকিৎসা সম্ভৱ হয়৷ আনহাতে জি এম চি এইচৰ উপৰি শেহতীয়াকৈ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানতো হাড়ৰ মজ্জা সংৰোপণ সম্ভৱ হোৱা বুলি সদৰী কৰি এতিয়া চৰকাৰীভাৱে অসমত জি এম চি এইচ আৰু বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত সমান্তৰালভাৱে হাড়ৰ মজ্জা সংৰোপণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীজনে প্ৰকাশ কৰে৷

Most Popular

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ঘণ্টা ঘণ্টা ধৰি কাণত হেডফোনথাকিলে হ’ব পাৰে এই মহা বিপদ

নিয়মিতভাৱে হেডফোন ব্যৱহাৰ কৰিলে বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ এই তালিকাত কিছু ভয়াৱহ ৰোগৰ নামো সন্নিৱিষ্ট হৈছে৷ সময় থাকোঁতে সেয়ে এই বিষয়ে...

তিতাকেৰেলা এইবোৰৰসৈতে ভুলতো নাখাব

খাবলৈ তিতা হ’লেও তিতাকেৰেলা যে আমাৰ শৰীৰৰ বাবে ভীষণ উপকাৰী সেই কথা সকলোৱে জানে৷ তিতাকেৰেলা এনে এবিধ পাচলি, যাৰ আছে হাজাৰটা ঔষধি...