CEEW-ৰ প্ৰতিবেদন : অসম বিপজ্জনক তালিকাৰ শীৰ্ষত (CEEW report places Assam on top of ‘dangerous’ list)

0
373
অসমত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ তথা প্ৰাকৃতিক পৰিৱেশ ধবংস সৰ্বাধিক হোৱা বাবে সৰ্বাধিক মানেৰে অসমে ক্লাইমেট ভালনাৰেবিলিটি ইনডেক্স তালিকাত শীৰ্ষস্থান অধিকাৰ কৰিছে৷ অসমৰ পাছতে ক্ৰমে অন্ধ্ৰপ্ৰদেশ, মহাৰাষ্ট্ৰ, কৰ্ণাটক, বিহাৰ আদি ৰাজ্যই একাদিক্ৰমে স্থান লাভ কৰিছে৷ এই ৰাজকেইখন বানপানী, খৰাং, ধুমুহা, বা-মাৰলী, আদ্ৰৰ্ভূমি বিলোপ, অবাধ বন ধবংস, আন প্ৰাকৃতিক দুৰ্যোগ, জলবায়ু পৰিৱৰ্তনজনিত দুৰ্যোগ আদিৰ সন্মুখীন হৈছে আৰু ভৱিষ্যতে অধিক এনে দুৰ্যোগৰ মুখামুখি হোৱাৰ উপক্ৰম ঘটিছে৷ গৱেষণা সংস্থাটোৱে দেশৰ মুঠ ২৭খন ৰাজ্য আৰু অঞ্চলত পৰা জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ আৰু আসন্ন দুৰ্যোগৰ বিষয়ে অধ্যয়ন চলাইিছল৷ আৰু ৬৪০খন জিলাৰ ভিতৰত ৪৬৮খন জিলা সৰ্বাধিক বিপন্ন বুলি বিবেচিত হৈছিল৷ ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলনৰ প্ৰাক্‌মুহূৰ্তত গৱেষণা প্ৰতিষ্ঠান CEEW-ৰ এই উদ্বেগজনক প্ৰতিবেদনে সকলোকে ভবাই তুলিছে৷ গৱেষণা সংস্থাটোৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে ভাৰতৰ ভিতৰত অসম বিপজ্জনক তালিকাৰ শীৰ্ষত অৱস্থান কৰিছে৷ আনহাতে জলবায়ু পৰিৱৰ্তনক লৈ প্ৰকাশিত বিভিন্ন ৰাজ্যৰ জিলাসমূহৰ ভিতৰত অসমৰ ধেমাজি আৰু নগাঁও জিলা দুখন সৰ্বাধিক বিপন্ন তালিকাত ধৰা হৈছে৷ অসমৰ এই জিলা দুখন জলবায়ু পৰিৱৰ্তনৰ বাবে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ কবলত পৰি আৰ্থিকভাৱে যথেষ্ট ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ইয়াৰ জনসাধাৰণৰ জীৱন-জীৱিকা বিধবস্ত হৈছে৷ ইয়াৰ বাবে নিজৰ ঠাই এৰি অইন ঠাইলৈ গুচি গৈছে৷ উল্লেখ্য যে CEEW-ৰ মুখ্য কাৰ্যবাহী বিষয়া ড॰ অনুভৱ ঘোষে অহা ৩১ অক্টোববৰ পৰা হ’বলগীয়া ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলন চমুকৈ ‘কপ-২৬’ শীৰ্ষক সন্মিলনত এই সম্পৰ্কে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here