প্ৰাপ্তবয়স্ক পুৰুষ বা মহিলা এগৰাকীৰ যৌনস্পৃহা থকাটো স্বাভাৱিক পৰিঘটনা৷ এটা বয়সৰ পাছত লাহে লাহে যৌনস্পৃহা কমি অহাটোও তথাকথিত নিয়ম৷ কিন্তু বৰ্তমান সময়ত দেখা যায় যে এজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ যৌনস্পৃহা বা যৌন সম্ভোগ কৰাৰ প্ৰৱণতা যেন কমি গৈ আছে৷ ৫০-৬০ বছৰৰ লোক এজনৰ ক্ষেত্ৰত এইটো তেনেই সাধৰণ ঘটনা, কিন্তু ৩০-৪০ বছৰীয়া এজনৰ যৌনস্পৃহা কমি যোৱাটো এটা অস্বাভাৱিক ঘটনা৷ বৰ্তমান সময়ত ইয়াৰ কাৰণ বিচাৰিলে অনেক পোৱা যায়৷
প্ৰথম কাৰণ হিচাপে অত্যধিক ধূমপান কৰাৰ অভ্যাস৷ অত্যধিক ধূমপান বা মদ্যপান কৰাৰ ফলত মানুহৰ যৌনস্পৃহা যথেষ্ট পৰিমাণে হ্ৰাস পায়৷ এই কুঅভ্যাসৰ ফলত ঘৰুৱা অন্তঃকন্দল বৃদ্ধি হৈ সংসাৰ থানবান হোৱাৰ উদাহৰণো বহু আছে৷
মানসিক দুশ্চিন্তাই যৌন সম্পৰ্কত ব্যাঘাত জন্মোৱাত বিশেষ ভূমিকা পালন কৰে৷ বিভিন্ন কাৰণত যদি আপুনি মানসিকভাৱে দুশ্চিন্তাত নিমগ্ন হৈ থাকে, ইয়ে সাংসাৰিক জীৱনতো বেয়া প্ৰভাৱ পেলায়৷ মানসিক চিন্তাই লাহে লাহে আপোনাৰ শৰীৰৰ স্বাভাৱিক কাৰ্যক্ৰম নষ্ট কৰি এটা বিশৃংখলতাৰ সৃষ্টি কৰি আহুকালত ভোগায়৷
শৰীৰৰ ওজন বৃদ্ধিৰ কাৰণেও যৌনস্পৃহা কমোৱাত সহায় কৰে৷ শৰীৰৰ ওজন বৃদ্ধিৰ ফলত যৌন ক্ষমতা কমাই আনে৷ সেয়েহে শৰীৰৰ ওজন স্বাভাৱিক ৰখাটোত ধ্যান দিব লাগে৷
নিয়মিতভাৱে শাৰীৰিক ব্যায়াম, যোগাসন কৰি শৰীৰৰ ওজন স্বাভাৱিক অৱস্থাত ৰাখিবলৈ যত্নপৰ হ’ব লাগে৷ খোৱা খাদ্যৰ ওপৰতো বিশেষ গুৰুত্ব দিয়াটো জৰুৰী৷ যিবোৰ খাদ্যই শৰীৰৰ ওজন বঢ়োৱাত বৰঙনি যোগায়, তেনে খাদ্য পৰিহাৰ কৰাটোৱেই শ্ৰেয়৷
আনহাতে অত্যধিক ঔষধ সেৱনৰ ফলতো আপোনাৰ যৌনস্পৃহা কমিব পাৰে৷ অত্যধিক ঔষধৰ সেৱনে ইয়াত থকা ৰাসায়নিক পদাৰ্থৰ বাবে যৌন ক্ষমতা বা যৌনকাংক্ষা লোপ পাবলৈ ধৰে৷ যাৰ প্ৰভাৱ আপোনাৰ শৰীৰত পৰি যৌনকৰ্মত ব্যাঘাত জন্মে৷