Home Health Naturally এইবোৰ কাৰণত যৌনস্পৃহা কমিব পাৰে

এইবোৰ কাৰণত যৌনস্পৃহা কমিব পাৰে

প্ৰাপ্তবয়স্ক পুৰুষ বা মহিলা এগৰাকীৰ যৌনস্পৃহা থকাটো স্বাভাৱিক পৰিঘটনা৷ এটা বয়সৰ পাছত লাহে লাহে যৌনস্পৃহা কমি অহাটোও তথাকথিত নিয়ম৷ কিন্তু বৰ্তমান সময়ত দেখা যায় যে এজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ যৌনস্পৃহা বা যৌন সম্ভোগ কৰাৰ প্ৰৱণতা যেন কমি গৈ আছে৷ ৫০-৬০ বছৰৰ লোক এজনৰ ক্ষেত্ৰত এইটো তেনেই সাধৰণ ঘটনা, কিন্তু ৩০-৪০ বছৰীয়া এজনৰ যৌনস্পৃহা কমি যোৱাটো এটা অস্বাভাৱিক ঘটনা৷ বৰ্তমান সময়ত ইয়াৰ কাৰণ বিচাৰিলে অনেক পোৱা যায়৷
প্ৰথম কাৰণ হিচাপে অত্যধিক ধূমপান কৰাৰ অভ্যাস৷ অত্যধিক ধূমপান বা মদ্যপান কৰাৰ ফলত মানুহৰ যৌনস্পৃহা যথেষ্ট পৰিমাণে হ্ৰাস পায়৷ এই কুঅভ্যাসৰ ফলত    ঘৰুৱা অন্তঃকন্দল বৃদ্ধি হৈ সংসাৰ থানবান হোৱাৰ উদাহৰণো বহু আছে৷
মানসিক দুশ্চিন্তাই যৌন সম্পৰ্কত ব্যাঘাত জন্মোৱাত বিশেষ ভূমিকা পালন কৰে৷ বিভিন্ন কাৰণত যদি আপুনি মানসিকভাৱে দুশ্চিন্তাত নিমগ্ন হৈ থাকে, ইয়ে সাংসাৰিক জীৱনতো বেয়া প্ৰভাৱ পেলায়৷ মানসিক চিন্তাই লাহে লাহে আপোনাৰ শৰীৰৰ স্বাভাৱিক কাৰ্যক্ৰম নষ্ট কৰি এটা বিশৃংখলতাৰ সৃষ্টি কৰি আহুকালত ভোগায়৷
শৰীৰৰ ওজন বৃদ্ধিৰ কাৰণেও যৌনস্পৃহা কমোৱাত সহায় কৰে৷ শৰীৰৰ ওজন বৃদ্ধিৰ ফলত যৌন ক্ষমতা কমাই আনে৷ সেয়েহে শৰীৰৰ ওজন স্বাভাৱিক ৰখাটোত ধ্যান দিব লাগে৷
নিয়মিতভাৱে শাৰীৰিক ব্যায়াম, যোগাসন কৰি শৰীৰৰ ওজন স্বাভাৱিক অৱস্থাত ৰাখিবলৈ যত্নপৰ হ’ব লাগে৷ খোৱা খাদ্যৰ ওপৰতো বিশেষ গুৰুত্ব দিয়াটো জৰুৰী৷ যিবোৰ খাদ্যই শৰীৰৰ ওজন বঢ়োৱাত বৰঙনি যোগায়, তেনে খাদ্য পৰিহাৰ কৰাটোৱেই শ্ৰেয়৷
আনহাতে অত্যধিক ঔষধ সেৱনৰ ফলতো আপোনাৰ যৌনস্পৃহা কমিব পাৰে৷ অত্যধিক ঔষধৰ সেৱনে ইয়াত থকা ৰাসায়নিক পদাৰ্থৰ বাবে যৌন ক্ষমতা বা যৌনকাংক্ষা লোপ পাবলৈ ধৰে৷ যাৰ প্ৰভাৱ আপোনাৰ শৰীৰত পৰি যৌনকৰ্মত ব্যাঘাত জন্মে৷

Most Popular

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ধুমুহা আহে লাহে লাহে

(৩১ মে' : বিশ্ব ধঁপাত-বিৰোধী দিৱস উপলক্ষে) ডাঃ অৰূপ কুমাৰ নাথঅধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক আৰু মুখ্য ইউৰ'লজি বিশেষজ্ঞ,

ঘণ্টা ঘণ্টা ধৰি কাণত হেডফোনথাকিলে হ’ব পাৰে এই মহা বিপদ

নিয়মিতভাৱে হেডফোন ব্যৱহাৰ কৰিলে বিভিন্ন সমস্যাই দেখা দিব পাৰে৷ এই তালিকাত কিছু ভয়াৱহ ৰোগৰ নামো সন্নিৱিষ্ট হৈছে৷ সময় থাকোঁতে সেয়ে এই বিষয়ে...

তিতাকেৰেলা এইবোৰৰসৈতে ভুলতো নাখাব

খাবলৈ তিতা হ’লেও তিতাকেৰেলা যে আমাৰ শৰীৰৰ বাবে ভীষণ উপকাৰী সেই কথা সকলোৱে জানে৷ তিতাকেৰেলা এনে এবিধ পাচলি, যাৰ আছে হাজাৰটা ঔষধি...