মোজা খোলাৰ পাছত আপোনাৰো ভৰিৰ পৰা দুৰ্গন্ধ ওলায় নেকি ? Do your feet smell bad after you remove the socks?

0
719

আপোনাৰো ভৰিৰ পৰা দুৰ্গন্ধ ওলায় নেকি? এনেকুৱা বহু মানুহ আছে, যাৰ ভৰিৰ দুৰ্গন্ধত মানুহ ওচৰত থাকিব নোৱৰা হয়৷ ভৰিৰ পৰা মোজাযোৰ খুলি দিয়াৰ লগে লগে যি এক উৎকট দুৰ্গন্ধ নাকত লাগে, তাৰ পৰা বেলেগ মানুহে বিৰক্তি পোৱাৰ লগতে আপুনিও নিশ্চয় লাজত পৰিবলগীয়া পৰিস্থিতিৰ সন্মুখীন হয়৷ গতিকে আপোনাৰো যদি এনেকুৱা সমস্যা আছে, তেন্তে অনুসৰণ কৰক এই টিপছ৷

Sweaty Smelly Socks After Gym Stock Photo - Download Image Now - iStock

(১) ভৰিখন সদায় ভালকৈ ধোৱা উচিত৷ মনত ৰাখিব সদায় ভৰিখন ধুই উঠি জোতা বা মোজা পিন্ধাৰ আগত ভৰিখন যাতে ভালকৈ শুকুৱাই লয়, নহ’লে তেনেকৈও ভৰিৰ পৰা দুৰ্গন্ধ ওলাব পাৰে৷


(২) ভিজা মোজা বা জোতা কেতিয়াও পৰিধান নকৰিব৷ কাৰণ প্ৰধানতঃ বেক্টেৰিয়াই সেমেকা ঠাইত বাহৰ পাতে৷ যাৰ ফলত আপোনাৰ ভৰিৰ পৰা দুৰ্গন্ধ ওলোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে৷

Best water shoes: Swim shoes for the whole family | Popular Science


(৩) অলপ গৰম পানীত বেকিং ছ’ডা নাইবা ভিনেগাৰ মিশ্ৰণ কৰি ২০ মিনিটমান ভৰিখন জুবুৰিয়াই ৰাখক৷ এনেদৰে সপ্তাহত এবাৰমান কৰিলে সুফল লাভ কৰিব৷

How to make a vinegar foot soak: Tips, benefits, and risks


(৪) নেমুৰ ৰস এচিডিক হোৱা হেতু ভৰিৰ দুৰ্গন্ধ উৎপন্ন কৰা বেক্টেৰিয়া ধবংস কৰিব পাৰে৷ লগতে ছালৰ ছিদ্ৰসমূহ সৰু কৰি অত্যধিক ঘাম ওলোৱা বন্ধ কৰিব পাৰে৷ ইয়াৰ বাবে কুহুমীয়া গৰম পানীত এটা নেমুৰ ৰস মিশ্ৰণ কৰি ভৰিখন জুবুৰিয়াই ৰাখক৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here