AMCH-ত দুটা ছুপাৰ স্পেচিয়েলিটি পাঠ্যক্ৰমত NMC-ৰ অনুমোদন || NMC’s nod to two super speciality courses at AMCH

0
371
ঐতিহ্যমণ্ডিত অসম চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলে কঢ়িয়াই আনিছে এটা সুখবৰ আৰু ইয়াক লৈ আনন্দ প্ৰকাশ কৰিছে সচেতন মহল৷ নৱবৰ্ষৰ প্ৰাক্‌ মুহূৰ্তত ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে অসম চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেল চমুকৈ এ এম চি এইচত DM (ডক্টৰেট অফ মেডিচিন) আৰু MCH-ৰ (Master of chirurgiae) দৰে দুটাকৈ অতিবিশেষ (ছুপাৰ স্পেচিয়েলিটি) স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ ক্ষেত্ৰত অনুমোদন আগবঢ়াইছে৷ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগে AMCH-ৰ হৃদৰোগ বিভাগত ৩খন আসন ডি এম কাৰ্ডিয়ল’জি স্নাতকোত্তৰ পাঠ্যক্ৰমৰ আৰু শিশুৰোগ বিভাগত এম চি এইচ পেডিয়াট্ৰিক ছাৰ্জাৰীৰ বাবে স্নাতকোত্তৰ পাঠ্যক্ৰমৰ ২খন আসনত অনুমোদন আগবঢ়াইছে৷ এছিয়াৰ ভিতৰতে আধুনিক চিকিৎসা সেৱাৰ বাটকটীয়া ডিব্ৰুগড়ৰ AMCH-ৰ বাবে নিঃসন্দেহে ই এক গৌৰৱৰ বিষয় বুলি গণ্য কৰা হৈছে৷ উল্লেখ্য যে সমগ্ৰ ভাৰতত DM পাঠ্যক্ৰমৰ বাবে মুঠ ১৪৯৯খন আসনহে অনুমোদিত হৈ আছে৷ এতিয়া এই ছুপাৰ স্পেচিয়েলিটি স্নাতকোত্তৰ পাঠ্যক্ৰম এ এম চি এইচত অন্তৰ্ভুক্ত হ’ল৷ AMCH-ৰ অধ্যক্ষ তথ্য মুখ্য অধীক্ষক ডাঃ সঞ্জীৱ কাকতীয়ে জনায় যে ঐতিহ্যমণ্ডিত এই চিকিৎসা মহাবিদ্যালয়খনে নিঃসন্দেহে বিশেষ মৰ্যাদা পোৱাটো জৰুৰী৷ ১৯৬২ চনতেই এ এম চি এইচত স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ হৈছিল যদিও ছুপাৰ স্পেচিয়েলিটি পাঠ্যক্ৰম সংযোজন হোৱা নাছিল৷ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ এই সিদ্ধান্তক তেওঁ আন্তৰিকতাৰে আদৰণি জনোৱাৰ উপৰি চিকিৎসা প্ৰতিষ্ঠানখনক আৰু সুকীয়া মৰ্যাদা প্ৰদানত গুৰুত্ব দিয়াৰ পোষকতা কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here