ওঠৰ বছৰৰ তলৰ কিমানক ভেক্‌চিন প্ৰদানৰ প্ৰস্তুতি স্বাস্থ্য বিভাগৰ ? What is the health department’s vaccination target of people below 18?

0
587
        শাৰদীয় দূর্গা পূজাৰ বতৰত জনসাধাৰণে ক’ভিডৰ সকলো নীতি-নিয়ম ভংগ কৰি পূজা উপভোগ কৰিবলৈ ওলাই অহাৰ পাছতেই ৰাজ্যত কৰ’নাৰ সংক্ৰমণ পুনৰ বৃদ্ধি পাবলৈ ধৰিছে৷ জানিব পৰা মতে, অনাগত এটা সপ্তাহৰ পৰিস্থিতিৰ ওপৰত ৰাজ্য চৰকাৰখনে চোকা দৃষ্টি ৰাখিব৷ ইয়াৰ পাছত অহা সপ্তাহত পুনৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হ’ব৷ যদিহে পৰিস্থিতিৰ অধিক অৱনতি ঘটে তেনেহ’লে অনাগত সময়ত পুনৰ কঠোৰ নীতি-নিয়ম বলৱৎ কৰিব ৰাজ্য চৰকাৰখনে৷
Tips To Do Pandal Hopping This Durga Puja In A Socially Distanced Way

ইফালে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কৰ’নাক সহজভাৱে নল’বলৈ ৰাইজক আহ্বান জনাইছে৷ তেওঁ কয় যে কৰ’নাৰ তৃতীয়টো ঢৌ আহিলে আমাৰ সমাজখন শেষ হৈ যাব৷ বিশেষকৈ সাধাৰণ লোকসকলৰ অভাৱনীয়ভাৱে ক্ষতি হ’ব৷ এনে পৰিস্থিতিত সকলোকে তেওঁ ভেক্‌চিন লোৱাৰ বাবে আহ্বান জনাইছে৷ শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে ১৮ বছৰৰ তলৰ শিশু-কিশোৰসকলক ভেক্‌চিন প্ৰদান কৰিবলৈ লোৱা সিদ্ধান্তৰ পাছতেই ৰাজ্যৰ প্ৰায় ৭০ লাখ শিশু-কিশোৰক ভেক্‌চিন প্ৰদান কৰিবৰ বাবে সাজু হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগ৷ যিহেতু সম্প্ৰতি বিদ্যালয়সমূহত পাঠদান আৰম্ভ হৈছে, সেয়েহে স্বাস্থ্য বিভাগে বিদ্যালয়সমূহতে ভেক্‌চিন দিয়াৰো এক পৰিকল্পনা হাতত লৈছে৷ অৱশ্যে এই ক্ষেত্ৰত এতিয়াও চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here