ভেজাল ঘিউ কিদৰে চিনিব ? How to identify adulterated clarified Ghee?

0
702
ভাৰতীয় মানুহৰ প্ৰায় প্ৰত্যেকৰে ঘৰত ঘিউ ব্যৱহাৰ কৰাটো এটা সাধাৰণ কথা৷ আয়ুৰ্বেদ অনুসৰি ঘিউ-এ আমাৰ স্বাস্থ্যৰ শ্ৰীবৃদ্ধি কৰে৷ কিন্তু আজিকালি বজাৰৰ পৰা ঘিউ কিনাৰ সময়ত সকলোৰে মনত এটা শংকা থাকে যে ঘিউখিনি খাটি নে তাত অন্য দ্ৰব্য মিশ্ৰণ কৰি বিক্ৰী কৰা হৈছে ?

ভেজাল ঘিউ কিনাৰ ফলত পইচা বৰবাদ হোৱাৰ লগতে শৰীৰৰ কাৰণেও ই অপকাৰী৷ সেয়েহে ঘিউ ক্ৰয় কৰাৰ আগতে ঘিউখিনি খাটি নে ভেজাল জনাটো প্ৰয়োজনীয়৷ তেন্তে জানো আহক কেনেকৈ চিনাক্ত কৰিব খাটি আৰু ভেজাল ঘিউ৷


(১) ভেজাল ঘিউ চিনি উলিওৱাৰ সহজ উপায়টো হৈছে এটা পাত্ৰত এচামুচ ঘিউ গৰম কৰি লওক৷ যদি ঘিউ তৎক্ষণাৎ গলি যায় আৰু গাঢ় মাটিয়া ৰঙৰ হয়, তেন্তে জানিব সেই ঘিউখিনি খাটি৷ আৰু যদি ঘিউখিনি গলোঁতে সময় লাগে আৰু পাতল হালধীয়া ৰঙলৈ পৰিৱৰ্তন হয়, তেন্তে জানিব সেই ঘিউত অন্য দ্ৰব্য মিশ্ৰণ কৰা হৈছে৷

Jagadish Traders, Bengaluru - Wholesaler of Ghee and Palm Oil


(২) নাইবা হাতৰ তলুৱাত এচামুচ ঘিউ লৈও প্ৰমাণ চাব পাৰে৷ যদি ঘিউখিনি হাতৰ তলুৱাত ৰখাত শৰীৰৰ উষ্ণতা পাই ঘিউ গলিবলৈ আৰম্ভ কৰে, তেন্তে জানিব ঘিউখিনি খাটি৷ যদি ঘিউখিনি নগলে আৰু তাৰ পৰা ঘিউৰ গোন্ধ ওলোৱা বন্ধ হয়, তেন্তে জানিব সেই ঘিউ ভেজাল৷

How To Make Ghee + Why You Should Be Eating It | HelloGlow.co


(৩) আৰু এটা সহজ পদ্ধতি হৈছে এটা পাত্ৰত গৰম পানী কৰি তাৰ মাজত ঘিউৰ বটলটো ৰাখি দিয়ক৷ যেতিয়া ঘিউখিনি গলি যাব, তেতিয়া বটলটো ফ্ৰিজত ৰাখি দিয়ক৷ ফ্ৰিজত ৰখাৰ পাছত যদি দেখে বটলটোত একে ৰঙৰ ঘিউৱে আকৌ গোট খাইছে, তেন্তে জানিব সেই ঘিউ আচল আৰু যদি দেখে বটলটোত বেলেগে বেলেগে তেলৰ স্তৰ জমা হৈছে, তেন্তে জানিব সেই ঘিউ একেবাৰে খোৱাৰ উপযোগী নহয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here