গোটেই দিনটো ভাগৰ লাগি থকাৰ এইবোৰ হ’ব পাৰে কাৰণ (Feel tired throughout the day? These could be the reasons)

0
541
     আপোনাৰ বাৰু অনৱৰতে ভাগৰ লাগি থাকে নেকি? এনেকুৱা বহুতো মানুহ আছে, যাৰ গোটেই দিনটো ভাগৰ লগা, টোপনি লগা আদিৰ দৰে ভাব হৈ থাকে৷ শুবলৈ যোৱাৰ আগতেও ভাগৰ, শুই উঠাৰ পাছতো ভাগৰ, কাম কৰিলেও ভাগৰ, নকৰিলেও ভাগৰ এনে বিভিন্ন ধৰণৰ লক্ষণ মানুহৰ মাজত দেখা যায়৷ আপোনাৰো যদি তেনেকুৱা সমস্যাই দেখা দিছে, তেন্তে জানক ইয়াৰ কাৰণ কি?

(১) খোৱা-বোৱা ঠিক নহ’লে বা সময়মতে নাখালে শৰীৰে প্ৰয়োজনীয় পুষ্টি লাভ কৰাত অক্ষম হয়৷ যাৰ ফলত কৰ্মশক্তি হ্ৰাস পায় আৰু ভাগৰ লাগি থাকে৷

Mixed Signals: Hungry And Don't Want Food | BetterHelp


(২) ৰাতি পৰ্যাপ্ত টোপনিৰ অভাৱ হ’লেও গোটেই দিনটো ভাগৰ লাগি থাকে৷ ৰাতি সোনকালে শোৱাৰ অভ্যাস কৰক লগতে শোৱাৰ আগতে টিভি, মোবাইল আদি চোৱাৰ পৰা বিৰত থাকক৷


(৩) শৰীৰৰ ওজন বৃদ্ধি হ’লেও অলপতে ভাগৰ লগা আৰম্ভ হয়৷

Healthy obesity challenged by studies that find health risks


(৪) মানসিক চাপ, স্ত্ৰেচ আদিৰ ওপৰতো নিৰ্ভৰ কৰে আপোনাৰ ক্লান্তি বা ভাগৰ লগা৷ যেতিয়া আপোনাৰ ডিপ্ৰেশ্যন হয়, তেতিয়া দেহত শক্তিৰ অভাৱ ঘটিবলৈ ধৰে আৰু আপুনি ভাগৰুৱা অনুভৱ কৰিবলৈ লয়৷

Understanding Depression and Ways to Prevent It - Mental Health Advice


(৫) ডায়েবেটিছ হ’লেও শৰীৰটোৱে অনৱৰতে ভাগৰ অনুভৱ কৰি থাকে৷ যেতিয়া আপোনাৰ ডায়েবেটিছ হয় শৰীৰে প্ৰয়োজনীয় ইনছুলিন বনোৱাত অসমৰ্থ হয়, যাৰ ফলত ৰক্তশৰ্কৰা বৃদ্ধি হৈ আপোনাক ভাগৰুৱা কৰিব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here