কিডনী ৰোগীয়ে কল খোৱা উচিতনে? Is banana safe for kidney patients?

0
362
কিডনীজনিত সমস্যা থকা লোকসকলে কেনেধৰণৰ খাদ্য খোৱা উচিত আৰু কেনেধৰণৰ খাদ্য পৰিহাৰ কৰা উচিত, এই কথা হয়তো বহুতেই নাজানে৷ কিডনীৰ সমস্যা থকা লোকসকলে মনত ৰখা উচিত, যাতে তেওঁলোকৰ শৰীৰত কোনো প্ৰকাৰে অতিৰিক্ত পটেচিয়াম অথবা ফচফৰাছ প্ৰৱেশ কৰিব নোৱাৰে৷ তেজত পটাচিয়ামৰ পৰিমাণ বৃদ্ধি পালে কিডনীজনিত সমস্যা থকা লোকসকলৰ অন্য শাৰীৰিক সমস্যাই দেখা দিব পাৰে৷ যেনে– মাংসপেশীৰ বিষ, দুৰ্বলতা, হৃদস্পন্দন অনিয়মীয়া হোৱা, বুকুৰ বিষ, ভৰিৰ জিনজিননি ইত্যাদি৷

Imagining the Future of the Banana | National Geographic Society

সেয়েহে কিডনী ৰোগত আক্ৰান্ত ৰোগীয়ে উচ্চ পটাচিয়ামযুক্ত খাদ্য নোখোৱাই উচিত৷ তাৰ ভিতৰত হৈছে কল৷ কলত ভিটামিন আৰু মিনাৰেল থাকিলেও ইয়াত পটাচিয়ামৰ পৰিমাণ অধিক৷ সেয়েহে কিডনীৰ ৰোগ থকা লোকে কল নোখোৱাই ভাল৷
কলৰ লগতে বাদাম, আলু, বিলাহী, নিমখীয়া খাদ্য, দুগ্ধজাত সামগ্ৰী আদিতো পটেচিয়ামৰ পৰিমাণ অধিক থাকে৷ সেয়েহে ৰোগীয়ে এনেধৰণৰ খাদ্য বেছিকৈ খোৱা উচিত নহয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here