মাজুলীৰ নিমাতীঘাটত সংঘটিত ভয়াৱহ ফেৰী দুৰ্ঘটনাই আকৌ এবাৰ ৰাজ্য জোকাৰি গ’ল৷ তথ্য মতে উক্ত ঘটনাত এইপৰ্যন্ত তিনিজন লোক নিখোজ হৈ আছে যদিও বাকীবোৰক উদ্ধাৰ কৰা হয়৷ ২০১৮ চনৰ ৫ ছেপ্টেম্বৰত উত্তৰ গুৱাহাটীত সংঘটিত অনুৰূপ নাও দুৰ্ঘটনাৰ পৰা কোনোধৰণৰ শিক্ষা গ্ৰহণ নকৰিলে ৰাজ্যৰ জল পৰিবহণ বিভাগে৷ একেদৰে কেইবছৰমানৰ আগতে ধুবুৰীতো একেই নাও দুৰ্ঘটনা সংঘটিত হৈ কেইবাজনো লোকৰ সলিল সমাধি ঘটিছিল৷ এতিয়া কথা হ’ল–- আৰু কিমান দিনলৈ আমি এইদৰে বছৰ বছৰ ধৰি হৃদয়বিদাৰক ঘটনা দেখি থাকিম ? উপৰিউক্ত দুৰ্ঘটনাবোৰৰ পৰা আমি কি শিক্ষা ল’লোঁ ? নে এনেকৈয়ে হাত সাবটি বহি নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰিম ? এনে বহুবোৰ প্ৰশ্নই হয়তো আমাৰ আটাইৰে মনত খুন্দিয়াইছে, জুমুৰি ধৰিছে৷ ইয়াৰ উত্তৰ এটাই–- আমি আটায়ে সজাগ-সতৰ্ক হ’বৰ হ’ল৷
সজাগ আৰু সাৱধানতাই হ’ল এনে দুৰ্ঘটনা ৰোধ কৰাৰ মূল চালিকা শক্তি৷ নহ’লে এদিন কি ঠিক, আমিও অতি আপোনজন, আত্মীয়জনক হেৰুৱাবলগীয়া হ’ব পাৰে৷ এই ধৰাত জন্ম লোৱাৰ যিহেতু সৌভাগ্য হৈছে, গতিকে অকস্মাৎ-অকালতে এই পৃথিৱীৰ পৰা হেৰাই যোৱাটো কাৰোৰে কাম্য নহয়৷ এনেধৰণৰ দুৰ্ঘটনাবোৰ ৰোধৰ বাবে আমি সকলোৱে সমন্বিত প্ৰচেষ্টাত আগুৱালে নিশ্চয় ইয়াৰ সুফল পাবলৈ সক্ষম হ’ম৷ আনহাতে অসম যিহেতু নদীপ্ৰধান ৰাজ্য, ইয়াত নদীৰ সংখ্যাই সৰহ৷ সেয়েহে পানীক বাদ দি আমাৰ জীৱন-জীৱিকাও সম্ভৱ নহয়৷ তদুপৰি প্ৰতিবছৰে ৰাজ্যখনক বানে বিধবস্ত কৰি পেলায়৷ বানপানীয়ে মানুহ, জীৱ-জন্তু আদি সকলোৰে বিলাই-বিপত্তি নোহোৱা কৰে৷ সেয়ে পানীৰ সৈতে সহাৱস্থান কৰি চলিব লগা হয়৷ আনহাতে নৈপৰীয়া ৰাইজৰ যোগাযোগৰ একমাত্ৰ মাধ্যম হ’ল নাও, ফেৰী আদি৷ সেয়ে নদীকাষৰীয়া জনসাধাৰণে অহা-যোৱাৰ ক্ষেত্ৰত বিশেষ সাৱধানতা লোৱাৰ প্ৰয়োজন৷ কিয়নো এষাৰ কথাই আছে– জুই-পানীৰ সৈতে কেতিয়াও ধেমালি নকৰিব৷ স্থলপথত কিবা দুৰ্ঘটনা ঘটিলে বচাৰ সম্ভাৱনা থাকিলেও পানীত সেই সুবিধা নাথাকে৷ সেয়ে নাও, ফেৰী আদিৰে যাতায়াত কৰোঁতে কেইটামান কথাত মন দিয়াটো খুবেই দৰকাৰ৷
- আপুনি যিখন ফেৰীত উঠি যাত্ৰা কৰিছে সেইখন ব্যৱহাৰৰ উপযোগী হয়নে?
- ফেৰীখনত প্ৰয়োজনীয় অত্যাৱশকীয় সামগ্ৰী মজুত আছেনে?
- প্ৰত্যেকগৰাকী যাত্ৰীৰ কাৰণে লাইফ জেকেট থকাটো বাধ্যতামূলক৷
- ইয়াৰ উপৰি নাও বা ফেৰীৰ গুৰিয়ালজন কিমান অভিজ্ঞতাসম্পন্ন, গুৰিয়ালজনে মাদকদ্ৰব্য সেৱন কৰিছে নেকি আদি কথাবোৰ লক্ষ্য ৰাখিব লাগে৷
- ফেৰীখনে বহন ক্ষমতাতকৈ অধিক যাত্ৰী কঢ়িয়াইছে নেকি আদি কথাত মন দিয়াটো প্ৰথম কাম৷ আকৌ নাও বা ফেৰীখনৰ পৰ্যাপ্ত ইন্ধন মজুত থকাটো অতি দৰকাৰ৷ এটা কথা মনত ৰাখিব– আপোনাৰ যদি খুব বেছি গুৰুত্বপূৰ্ণ তথা নিৰ্দিষ্ট সময়তে গৈ পাব লগা কাম নাথাকে, তেতিয়া ঠেলা-হেঁচা নকৰি, সময়ত পাবলগা মানুহজনক প্ৰথমে ফেৰীত আহিবলৈ অগ্ৰাধিকাৰ দিয়ক৷ খৰখেদা নকৰি আপুনি তাৰ পিছৰ নাওঁ বা জাহাজখনত ধীৰে-সুস্থিৰে আহক৷ কিয়নো অত্যধিক যাত্ৰী কঢ়িওৱাৰ ফলত বহুতো দুৰ্ঘটনা ঘটাৰ উদাহৰণ আছে৷ মনত ৰাখিব,পানীৰে যাত্ৰা কৰিলে প্ৰতিগৰাকী যাত্ৰীৰ জীৱন এটা লাইফ জেকেটেহে বচাব পাৰে ৷ সেয়ে লাইফ জেকেট প্ৰতিগৰাকী যাত্ৰীৰ কাৰণে প্ৰত্যেকখন নাৱতে থকাটো আৱশ্যক৷ এই সকলোবোৰৰ কাৰণে চৰকাৰী নীতি-নিৰ্দেশনা আছে যদিও প্ৰায়সংখ্যক নাও বা ফেৰীয়ে এই নিয়মসমূহ অগ্ৰাহ্য কৰা দেখা যায়৷ প্ৰতিগৰাকী যাত্ৰীয়ে যাত্ৰা কৰা আগমূহুৰ্তত এই ধৰণৰ কথাবোৰত মন দিলে নিশ্চয়কৈ বিগত সময়ত সংঘটিত হোৱা দুৰ্ঘটনা সমূহৰ নিচিনা আৰু কৰুণ ঘটনা ভৱিষ্যতে সংঘটিত নহ’ব। নাৱেৰে যাত্ৰা কৰোঁতে নাওখনত যাতে সকলো পৰ্যাপ্ত সুবিধাই উপলব্ধ হয়, সেইটো তীক্ষ্ণ দৃষ্টিৰে লক্ষ্য ৰাখক৷