পদপথৰ ব্যৱসায়ী আৰু শ্ৰমিকক IIE-ৰ ক’ভিড সাহায্য প্ৰদান

0
567
ক’ভিড মহামাৰীয়ে সমগ্ৰ বিশ্বজুৰি বহু লোকৰ জীৱন কাঢ়ি নিয়াৰ লগতে স্বাস্থ্য, দৈনিক জীৱনশৈলী আৰু মানৱ জাতিৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে৷ সমাজৰ প্ৰতিটো খণ্ডতে ক’ভিড মহামাৰীৰ কু-প্ৰভাৱ পৰিলক্ষিত হৈছে৷ বিশেষকৈ পদপথৰ ব্যৱসায় আৰু দৈনিক হাজিৰা কৰা শ্ৰমিকসকলৰ দৈনিক উপাৰ্জন প্ৰায় বন্ধ হৈ পৰিছে৷ নিম্ন উপাৰ্জন আৰু সমাজৰ সমৰ্থনৰ অভাৱত বহু শ্ৰমিক আৰু পদপথৰ ব্যৱসায়ীসকলে নিজৰ জীৱনকো সংকটত পেলাই ক’ভিডৰ সংক্ৰমণৰ মাজতে নিজৰ কাম অব্যাহত ৰাখিছে৷ লকডাউনৰ সময়ছোৱাত শ্ৰমিক আৰু পদপথৰ ব্যৱসায়ীসকলে নিজৰ জীৱনৰ প্ৰাথমিক প্ৰয়োজনীয়তাসমূহৰ পৰাও বঞ্চিত হৈছিল৷ সেয়েহে এই লোকসকলক সহায়ৰ বাবে আগবাঢ়ি আহিছে ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠান চমুকৈ IIE ৷ ভাৰত চৰকাৰৰ দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰ্যালয়ৰ অধীনৰ IIE-এ ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় পিছপৰা শ্ৰেণীৰ বিত্তীয় আৰু বিকাশ নিগম চমুকৈ NBCFDC-ৰ সহযোগত আৰম্ভ কৰিছে ক’ভিড-১৯ সংকট পদপথৰ ব্যৱসায়ী আৰু শ্ৰমিকক ৰেছন প্ৰদান কাৰ্যসূচী ৷ শেহতীয়াকৈ প্ৰতিষ্ঠানখনৰ চৌহদত IIE-ৰ সঞ্চালক আৰু আন আন জ্যেষ্ঠ বিষয়াসকলৰ উপস্থিতিত এই কাৰ্যসূচীৰ অধীনত ৩০০টা পৰিয়ালক ৰেছন প্ৰদান কৰা হয়৷ এই কাৰ্যসূচীটো সুচাৰুৰূপে ৰূপায়ণ কৰাৰ বাবে IIE-ৰ চৌহদৰ বিভিন্ন স্থানত প্ৰতিষ্ঠানখনৰ স্বেচ্ছাসেৱকসকলক ৰখা হৈছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here