ৰাতি তিয়াই ৰখা কাঠবাদাম খাওক ! পাব কাৰ্যকৰী গুণ

0
1777
বজাৰত সহজে উপলব্ধ কাঠবাদাম বহুতো গুণেৰে ভৰপূৰ৷ ভিটামিন আৰু এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ এই বাদামে বিভিন্ন ধৰণৰ বেমাৰ প্ৰতিহত কৰাত উল্লেখনীয় ভূমিকা পালন কৰে৷ বহুতেই এই কাঠবাদাম তিয়াই খোৱা দেখিবলৈ পোৱা যায়৷ কাঠবাদাম গোটেই ৰাতি পানীত তিয়াই পুৱা খালী পেটত খালে অতিৰিক্ত উপকাৰ পোৱা যায়৷ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ পুষ্টিবিদ্যা বিভাগেও এটা গৱেষণাত এই কথা প্ৰমাণ কৰিছে৷

(১) দেখা গৈছে যে কেঁচা কাঠবাদামৰ পৰিৱৰ্তে তিয়াই থোৱা কাঠবাদাম খালে সহজে হজম হয়৷ তিয়াই থোৱা কাঠবাদাম খোৱাৰ ফলত হজমত সহায়ক হোৱা উৎসেচকবোৰৰ কাম উজু কৰে৷


(২) কাঠবাদাম তিয়াই ৰখাৰ ফলত শৰীৰৰ এণ্টিঅক্সিডেণ্টৰ কৰ্মক্ষমতা বঢ়াই তোলে৷

Soaked Almonds Are Great For Your Health! Start Adding Them To Your Diet Now


(৩) কাঠবাদাম ভিজাই ৰখাৰ ফলত লাইপেচ নামৰ এটা উপাদান নিৰ্গত হয়৷ এই উপাদানবিধে মেটাবলিজম বা হজম ক্ষমতা বঢ়াই তোলাত সহায় কৰে৷ ফলস্বৰূপে শৰীৰত চৰ্বি জমা হ’ব নোৱাৰে৷ সেয়েহে তিয়াই ৰখা কাঠবাদাম খালে ওজন নিয়ন্ত্ৰণত সহায়ক হয়৷


(8) কাঠবাদামত ফাইটিক এচিড নামৰ এবিধ উপাদান থাকে, যিয়ে শৰীৰৰ জিংক আৰু আইৰন হজম হোৱাত বাধাৰ সৃষ্টি কৰে৷ ফলত শৰীৰৰ দুয়োটা উপাদান কাৰ্যকৰী হিচাপে ব্যৱহাৰ নহয়৷ কিন্তু কাঠবাদাম তিয়াই থৈ দিলে এই ফাইটিক এচিড বাহিৰ হৈ যায়৷ ইয়াৰ ফলত শৰীৰৰ পুষ্টিগুণ বাঢ়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here