মধুমেহ ৰোগত আক্ৰান্ত হ’লে ইয়াক নিয়ন্ত্ৰণ কৰাটো অতি জৰুৰী হৈ পৰে৷ মধুমেহ ৰোগীসকলে বিশেষ কিছু সাৱধানতা অৱলম্বন কৰি তথা এটা হেল্থি ডায়েট অনুসৰণ কৰি ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰে৷ শেহতীয়াকৈ নিউট্ৰিশ্যনিষ্ট নমামী আগৰৱালে ব্লাড ছুগাৰ লেভেল নিয়ন্ত্ৰণ কৰিব পৰা কিছু বিশেষ মছলাৰ কথা জানিবলৈ দিছে৷
(১) নিউট্ৰিশ্যনিষ্টৰ মতে হালধিত থকা কাৰ্কুউমিন এবিধ শক্তিশালী এণ্টিঅক্সিডেণ্ট, যিয়ে ডায়েবেটিছ ৰোগৰ জটিলতাসমূহ নিয়ন্ত্ৰণ কৰিব পাৰে৷
(২) মেথি গুটিয়ে ব্লাড ছুগাৰ লেভেল নিয়ন্ত্ৰণ কৰিব পাৰে৷ টাইপ-২ ডায়েবেটিছ ৰোগীৰ বাবে মেথি গুটি উত্তম, কিয়নো মেথি গুটিয়ে কাৰ্বহাইড্ৰেটৰ হজম আৰু শোষণ প্ৰক্ৰিয়াৰ গতি কমাই দিয়ে৷ ফলত ব্লাড ছুগাৰ লেভেল উন্নত হয়৷
(৩) ডালচেনিত থকা Methyl Hydroxychalcone হৈছে একপ্ৰকাৰৰ উপাদান, যিয়ে ইনছুলিনৰ দৰে কাম কৰে৷ গৱেষণা অনুসৰি ডালচেনিয়ে টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা যথেষ্ট হ্ৰাস কৰিব পাৰে৷
(8) একেদৰে জিৰাও ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী৷ দৈনিক জিৰা সেৱন কৰিলে জাংকফুড, ফাষ্টফুড আদি খোৱাৰ ফলত বৃদ্ধি পোৱা কলেষ্টৰেল, ব্লাড ছুগাৰ লেভেল হ্ৰাস পোৱাত সহায়ক হয়৷