গলৰ বিষৰ কাৰণে কৰক এইকেইটা ব্যায়াম

0
1050
আমাৰ ৰাজহাড়ৰ আটাইতকৈ ফ্লেক্সিবল অংশটো হৈছে গলধনৰ হাড়৷ যাক ইংৰাজীত cervical spine বুলি কোৱা হয়৷ মূৰ ওপৰ-তল কৰা, বাওঁফালে-সোঁফালে ঘূৰোৱা আদি বিভিন্ন ধৰণৰ কাৰ্য সমাধা কৰে ৰাজহাড়ৰ এই অংশটোৱে৷ সেয়েহে অনৱৰতে এই অংশটো লৰচৰ কৰি থকাৰ বাবে কেতিয়াবা গল অংশ ফুলি উঠে আৰু অসহ্য বিষ উঠা দেখা যায়৷ সেয়েহে আজি আমি লৈ আহিছোঁ কেইটামান গলৰ ব্যায়াম, যিয়ে এই সমস্যাৰ পৰা আপোনাক পৰিত্ৰাণ দিব পাৰে৷

(১) Cat pose : এই আসনত মেকুৰীৰ দৰে গাৰ ভংগী কৰি পিঠি আৰু গলৰ মাংসপেশী কোঁচ খুৱাব চেষ্টা কৰিব লাগে৷ এই আসন কৰিলে পিঠি আৰু গলৰ বিষ ভাল হয়৷

Improve posture and spinal health with Yoga's Cat-Cow stretch or Chakravakasana | Health - Hindustan Times


(২) অধোমুখ শৱাসনেও (Downward-facing Dog Pose) গলৰ বিষ, পিঠিৰ বিষ আদি নিৰাময় কৰে৷ ইয়াৰ বাবে প্ৰথমে থিয় হৈ লৈ লাহে লাহে পিঠিখন হাউলাই দি হাত দুখনেৰে মাটি স্পৰ্শ কৰিবলৈ চেষ্টা কৰিব লাগে৷

Downward Dog Pose (How to, Variations, Partnering) // Lessons.com


(৩) অধোমুখ শৱাসনৰ দৰে ঊধৰ্বমুখ শৱাসনেও (Upward Facing Dog) গলৰ বিষৰ পৰা আপোনাক পৰিত্ৰাণ দিয়াব পাৰে৷ ইয়াৰ বাবে আপুনি তলমুৱা হৈ শুই ল’ব৷ ইয়াৰ পাছত লাহে লাহে হাতৰ ওপৰত জোৰ দি মূৰ আৰু পিঠিৰ অংশ ওপৰলৈ দাঙিব চেষ্টা কৰিব লাগে৷

Yoga Pose Spotlight: Upward Facing Dog | LiveWell Collective


(8) বালাসন বা শিশু আসন (Child’s Pose)
কৰিবলৈ অতি সহজ৷ বালাসন কৰিবলৈ আপুনি প্ৰথমে বজ্ৰাসনত বহি ল’ব লাগিব৷ ইয়াৰ পাছত লাহে লাহে হাত দুখনৰ সৈতে মূৰটো মাটিত লগাই দিব লাগে৷ এনেদৰে নিয়মিত এই ব্যায়ামসমূহ কৰিলে আপুনি নিশ্চয় গলৰ বিষৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰিব৷

Child Pose (Balasana): How to Do, Benefits and Precautions - Fitsri

LEAVE A REPLY

Please enter your comment!
Please enter your name here