আম আদা দেখিবলৈ আদাৰ নিচিনা৷ কিন্তু এই আদাৰ গোন্ধ কেঁচা আমৰ দৰে৷ অৱশ্যে ইয়াৰ সোৱাদ আমৰ দৰে নহয়৷ বহুতেই আম আদাৰ চাটনি, আম আদা আৰু বিলাহীৰ টক, আম আদাৰ মাছৰ জোল, আম আদাৰ আচাৰ আদি বনাই খায়৷ আদাৰ দৰে আম আদাৰো আছে কিছু ঔষধি গুণ৷
(১) আম আদা চাটনি কৰি খালে অভোক, অৰুচি, বমি ভাব দূৰ হয়৷
(২) বহুমূত্ৰ ৰোগীয়ে দিনে দুচামুচকৈ আম আদাৰ ৰস খালে তেজত চুক্ৰজৰ পৰিমাণ হ্ৰাস পায়৷
(৩) আম আদাই হজম শক্তি বৃদ্ধি কৰি পেট ফুলা, পেটৰ যিকোনো সমস্যা নিৰাময় কৰে৷
(৪) হাড়ৰ বিষত আম আদাৰ ৰস এচামুচ অলপ পানীৰ লগত মিলাই খাব লাগে৷
(৫) শৰীৰৰ কোনো অংশত বিষ হ’লে আম আদা পিচি লগালে সুফল পোৱা যায়৷
এনেধৰণে আম আদাক নিজৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰি শৰীৰ সু্স্থ কৰি ৰাখো আহক৷