আপুনি নিজকে ভাল পায়নে ? যদি ভাল পায়– কিমান ভাল পায় ? আৰু যদি বেয়া পায়– তেন্তে কিমান বেয়া পায় আৰু কিয় বেয়া পায় ?
ৰ’ব, অন্য এটা প্ৰসংগৰ যোগেদি এই কথাখিনিলৈ আহোঁ। সদ্যপ্ৰয়াত প্ৰথিতযশা সাহিত্যিক তথা সাংবাদিক শ্ৰদ্ধেয় হোমেন বৰগোহাঞি ছাৰৰ কোনোবা এটা লেখাত এগৰাকী মহিলাৰ এটা সাক্ষাৎকাৰৰ কথা পঢ়িছিলোঁ। মহিলাগৰাকীৰ সাক্ষাৎকাৰ লৈ থকা ব্যক্তিগৰাকীয়ে কোনোবা এবাৰত সুধিছিল– “জীৱন-যন্ত্ৰণাৰ মাজতো আপুনি কেতিয়া অকণমান সুখ অনুভৱ কৰে ?” উত্তৰত মহিলাগৰাকীয়ে কৈছিল– “মই এখন ধৰ্মগ্ৰন্থ পঢ়ি অনন্য সুখ অনুভৱ কৰোঁ। কিন্তু তাতোকৈ বেছি সুখ অনুভৱ কৰোঁ নিজকে সাজি-কাচি লৈ পৰিপাটিকৈ এযোৰ নতুন সাজ পিন্ধি অথবা মোৰ প্ৰিয় সাজযোৰ পিন্ধি।”
জীৱনত সুখী হ’বলৈ হ’লে আপুনি প্ৰকৃতিক ভাল পাবই লাগিব। ভাল পাব লাগিব প্ৰকৃতিৰ বিধানবোৰো। প্ৰকৃতিক সন্মান কৰিব পাৰিবই লাগিব আপুনি। কাৰণ প্ৰকৃতিয়েই সৰ্বশক্তিমান– ঈশ্বৰস্বৰূপ। প্ৰকৃতিৰ তুলনাত আমি মানুহ তেনেই শক্তিহীন– দুৰ্বল। প্ৰকৃতিৰ বিৰুদ্ধে গ’লেই আপোনাৰ ধ্বংস অনিবাৰ্য। এয়া যে অমোঘ সত্য।
আপুনিও প্ৰকৃতিৰ দ্বাৰাই সৃষ্ট। অৰ্থাৎ আপুনিও প্ৰকৃতিৰ এটি বিন্দুসম অংশ। গতিকে প্ৰকৃতিক ভাল পাবলৈ প্ৰথম অনুশীলনটো নিজৰ পৰাই আৰম্ভ কৰক। নিজক ভাল পাবলৈ শিকক। নিজৰ যত্ন লওক। নিজক ভাল পালেই প্ৰকৃতিক ভাল পোৱাৰ প্ৰথম পাঠ(lesson)টো আৰম্ভ কৰা হয়। নিজকে পৰিপাটিকৈ ৰাখক। বিজ্ঞান(science) আৰু আধ্যাত্মিকতা(spiritualism)ৰ মাজত সন্তুলন বজাই ৰাখক। অৰ্থাৎ বিজ্ঞানৰ জ্ঞান তথা চৰ্চা আমাৰ বাবে যিমান প্ৰয়োজন, সিমানেই প্ৰয়োজন অকণমান আধ্যাত্মিক চিন্তাৰো।
এই বিজ্ঞান আৰু আধ্যাত্মিকতাৰ মাজত সন্তুলন বজাই ৰাখিবলৈ আমাক মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱ গুৰুজনাই হয়তো সেই তাহানিতেই শিকাবলৈ যত্ন কৰিছিল। সেয়েহে তেখেতে ক’ব পাৰিছিল–
“কুক্কুৰ, শৃগাল, গৰ্দ্দভৰো আত্মাৰাম।
জানিয়া সবাকো পৰি কৰিবা প্ৰণাম।”
গছ-গছনি, জীৱ-জন্তু সকলোৰে স’তে প্ৰেম তথা মৰম-চেনেহ বিনিময় কৰিবলৈ শিকো আহকচোন। “কুক্কুৰ, শৃগাল, গৰ্দ্দভৰো আত্মাৰাম।”– গুৰুজনাৰ এই বাণীৰে সকলো জীৱতে ঈশ্বৰৰ উপস্থিতিৰ কথা জানি সকলো জীৱকে মৰম-চেনেহৰ দৃষ্টিৰে চাওঁ আহকচোন। তেনে কৰিলে নিশ্চয়কৈ আমি একোটাহঁত সুন্দৰ মনৰ অধিকাৰী হৈ উঠিব পাৰিম।
মগু মাহ, বুট, কল, নাৰিকল, আদা, কুঁহিয়াৰ আদিক একেলগে ঈশ্বৰৰ ওচৰত অৰ্পণ আৰু শাস্ত্ৰপাঠ অথবা নাম-কীৰ্তনৰ অন্তত প্ৰসাদ হিচাপে তাক গ্ৰহণ কৰিবলৈ শিকোৱাটো তেখেতৰ বিজ্ঞান-মনস্তত্ত্বৰ আন এক আৰ্হি নাছিল জানো ? বৰগীত আৰু অংকীয়া নাট অসমীয়া জাতিলৈ গুৰুজনাৰ এক অমূল্য উপহাৰ, আপুৰুগীয়া অৱদান। এই কথা শিলৰ ৰেখাৰ দৰে সত্য যে “সাহিত্য-কলা-সংস্কৃতিৰ সাধনাই এজন ব্যক্তিক তেওঁৰ ভিতৰৰ উন্মাদ মানুহটোক শিকলিৰে বান্ধি তলা মাৰি ৰখাত সহায় কৰে।” গুৰুজনাই মানুহক গীত-নাট-সাহিত্যৰ জড়িয়তে মনোৰঞ্জন তথা চিন্তাৰ খোৰাক দিবলৈ চেষ্টা কৰিছিল। গীত-নাট-ভাওনা আদি পৰিৱেশন কৰোঁতে ব্যৱহাৰ কৰা হৈছিল নানা ধৰণৰ বাদ্য, যেনে– খোল, তাল, ডবা, নাগাৰা, কাঁহ, শংখ, মৃদংগ আদি। এই বাদ্যবোৰ তৈয়াৰ কৰা গোটেই প্ৰক্ৰিয়াটোত বিজ্ঞান জড়িত হৈ থকা নাছিল জানো ?
মানুহক একত্ৰিত কৰিবলৈ গুৰুজনাই গীত-নাট-ভাওনা আদিৰ সহায় লৈছিল। সু-সংহতিৰে মিলি-জুলি সকলোৱে একেলগে তাক পৰিৱেশন কৰিব পৰাকৈ গুৰুজনাই উদ্ভাৱন কৰিছিল নামঘৰ। একবিংশ শতিকাৰ বিজ্ঞানৰ এই জয়জয় ময়ময় সময়তো আজিও নামঘৰটোৰ ওচৰ পালে ভক্তিত আপোনাৰ মূৰটো দোঁ খাই নাযায়নে ? কিয় তেনে হয় ? এয়া আপোনাৰ ভিতৰত থকা বিজ্ঞান আৰু আধ্যাত্মিকতাৰ সন্তুলিত মনোভাৱৰ বহিঃপ্ৰকাশ নহয়নে ?
চাবচোন, বিজ্ঞানৰ এই জয়জয় ময়ময় সময়তো কেতিয়াবা আপুনি মানসিক ভাৰসাম্য হেৰুৱাই পেলোৱাৰ উপক্ৰম হৈছে। তেনে সময়ত এখন ধৰ্মগ্ৰন্থৰ কিছু সুন্দৰ কথা বা বাণীয়ে অথবা এটা কাহিনীয়ে আপোনাৰ মনটোক আকৌ নতুনকৈ জীয়াই তুলিব পাৰে। পুনৰ নতুন শক্তিৰে জীৱনটোৰ মুখামুখি হ’বলৈ আপোনাক প্ৰেৰণা যোগাব পাৰে। আপোনাৰো কেতিয়াবা নিশ্চয় এনে হয় যে সময়বোৰ নাযায়-নোপোৱায় লাগে– নহয়নে ? কোনোবা সময়ত আমনি আৰু তিক্ততাই চূড়ান্ত ৰূপ লয়। জীৱনৰ অৰ্থহীনতাৰ মিছা উপলব্ধিৰে আপুনি দগ্ধ হৈ পৰে। সেই সময়তে যদি সুবিধা হয় আপোনাৰ ঘৰৰ বা পৰিয়ালৰ নাইবা ওচৰ-চুবুৰীয়া কোনো জ্যেষ্ঠজনৰ সহায়ত ধৰ্মগ্ৰন্থৰ কিছু ভাঙনি মন দি শ্ৰৱণ কৰিবচোন, আপোনাৰ মনৰ ভিতৰত থকা বিষাদ ওলাই লৰ মাৰিব। আপুনি দূৰদৰ্শন বা ইউটিউবত মহাভাৰত বা ৰামায়ন অথবা তেনে ধৰ্মমূলক কাহিনীবোৰো উপভোগ কৰি চাব পাৰে। সময়বোৰ কেনি পাৰ হৈ যাব গমেই নাপাব।
বাইবেল, কোৰান আদি ধৰ্মগ্ৰন্থবোৰৰ আধাৰতো ধৰ্মমূলক অনেক সুন্দৰ সুন্দৰ কথা-কাহিনী আছে। এটা সুন্দৰ জীৱন গঢ়িবলৈ কিমানবোৰ যে উপদেশমূলক অনুপম অনুপম কথা-কাহিনী ভৰি আছে পৃথিৱীৰ ধৰ্মগ্ৰন্থবোৰত। শৰীৰটোক সুস্থ তথা শক্তিশালী কৰি ৰাখিবলৈ যেনেকৈ শাৰীৰিক ব্যায়ামৰ প্ৰয়োজন, তেনেকৈ মনটোক সুস্থ-সবল কৰি ৰাখিবলৈও মানসিক ব্যায়ামৰ প্ৰয়োজন। প্ৰকৃততে আধ্যাত্মিক চিন্তাই মনৰ ব্যায়ামৰ দৰে কাম কৰে। সেয়েহে ক’ব খুজিছোঁ– বিজ্ঞানৰ এই জয়জয়কাৰ সময়তো আমি অকণমান আধ্যাত্মিক চিন্তাৰ স’তে যুক্ত হৈ থাকিলে সেয়া একো বেয়া কথা নহয়। কাজেই আমাৰ মনৰ সুস্থতাৰ বাবে বিজ্ঞান আৰু আধ্যাত্মিক চিন্তাৰ সন্তুলন অতি প্ৰয়োজন।
অত্যন্ত ব্যস্ততাৰ অজুহাতত নিজৰ শাৰীৰিক তথা মানসিক যত্ন ল’বলৈ আমাৰ সময় নোলায়। শৰীৰ আৰু মন দুয়োটাকে আমি ইমানকৈ খটাওঁ, কিন্তু যত্নহে নলওঁ! এয়া কিমান অন্যায় ভাবকচোন। যি শৰীৰ আৰু মনে আমাক ধন-টকা-পইছা দিছে, সন্মান দিছে, জীৱন দিছে, সেই শৰীৰটোক, সেই মনটোক অকণমান সময় দিবলৈ আমি কিয় নোৱাৰোঁনো ? তেন্তে আহকচোন– আজিৰ পৰাই সুন্দৰকৈ নিজৰ দেহ আৰু মনৰ যত্ন লওঁ। দিনটোত অতিকমেও ২০ মিনিট সময় ব্যায়াম(physical exercise) অথবা যোগাসন (yoga) আৰু ১০ মিনিট সময় ধ্যান(meditation) কৰোঁ। গ্ৰীকসকলে কৈছিল– ‘এটা সুস্থ দেহতহে এটা সুস্থ মনৰ বিকাশ ঘটিব পাৰে।’
আহক আমি সকলোৱে নিজক ভাল পাবলৈ আৰম্ভ কৰোঁ। ক’ৰবালৈ ফুৰিবলৈ গ’লেহে কিয়— কেতিয়াবা খন্তেক সময়ৰ বাবে ঘৰতো নতুন সাজযোৰ নাইবা প্ৰিয় সাজযোৰ পিন্ধো আহকচোন। আপোনাৰ প্ৰিয়তম বা আপোনাৰ প্ৰিয়তমাৰ দৰে সেই প্ৰিয় সাজযোৰেও মুহূৰ্ততে আপোনাৰ শৰীৰ তথা মনৰ অৱসাদ-বিষাদবোৰ নিঃশেষ কৰি পেলাব। নিজৰ প্ৰিয় সাজযোৰৰ স্পৰ্শত আপোনাৰ মন নাচি উঠিব এক অনন্য-অনাবিল প্ৰশান্তিত। ভাগি পৰা মনটোক যদি আপুনি নতুনকৈ প্ৰাণ দিব পাৰিলে, তেন্তে আপোনাৰ নিচিনা শক্তিশালী মানুহ দ্বিতীয়জন এই পৃথিৱীত নাই!
আচলতে কি জানে, উৰুৱাব জানিলে– জীৱনটো এখন সুখৰ চিলা।
-অশোক কুমাৰ নাথ।