মাতৃদুগ্ধ হৈছে এটি শিশুৰ জীৱনৰ প্ৰথম খাদ্য, যাক মৰ্ত্যৰ অমৃতৰ লগত তুলনা কৰিব পাৰি৷ এটি নৱজাত শিশু মাতৃদুগ্ধ অবিহনে সম্পূৰ্ণ পৰিপুষ্ট নহয়৷ কিয়নো, শিশুৰ বাবে প্ৰয়োজনীয় সকলো পুষ্টি মাতৃদুগ্ধত পোৱা যায়৷
[১] মাতৃদুগ্ধৰ পৰা নিৰ্গত হোৱা Colostrum-এ শিশুটিক ৰোগ প্ৰতিৰোধ ক্ষমতা প্ৰদান কৰে৷
[২] এই Colostrum-এ শিশুটিৰ জণ্ডিচ বা কোনো খাদ্যবস্তুৰ পৰা হ’ব পৰা এলাৰ্জিক প্ৰতিৰোধ কৰে৷
[৩] প্ৰয়োজন অনুপাতে যদি শিশুটিক মাতৃদুগ্ধ পান কৰোৱা নহয়, তেন্তে ভৱিষ্যতে শিশুটিৰ ডায়েবেটিছ, উচ্ছ ৰক্তচাপ, থাইৰয়েডৰ সমস্যা, কৰ্কট ৰোগৰ সম্ভাৱনা বৃদ্ধি হ’ব পাৰে৷
[8] ছমাহৰ পৰা দুবছৰ বয়সলৈ যদি শিশুটিক মাতৃদুগ্ধ পান কৰোৱা নহয়, তেন্তে তাৰ ফলত শিশুটিৰ যি দৈহিক, মানসিক আৰু মগজুৰ ক্ষতি হয়, সেয়া জীৱনত কেতিয়াও পূৰণ কৰিব পৰা নাযায়৷
[৫] সেয়েহে শিশুটিক প্ৰয়োজন অনুপাতে মাতৃদুগ্ধ পান কৰোৱা উচিত৷ ই শিশুটিক পুষ্টিহীনতাৰ পৰাও সুৰক্ষা প্ৰদান কৰে৷
[৬] মাতৃদুগ্ধ পানে শিশুৰ দেহত এণ্টিবডীৰ সৃষ্টি কৰে, যিয়ে প্ৰতিটো বীজাণুৰ আক্ৰমণৰ পৰা শিশুটিক সুৰক্ষা দি থাকে৷
[৭] মাতৃদুগ্ধত থকা ফেটি এচিডে শিশুটিৰ আই কিউ [IQ] বিকাশত অৰিহণা যোগায়৷
[৮] মাতৃদুগ্ধত থকা প্ৰ’টিন, কেলচিয়াম, আইৰন, ভিটামিন আদিয়ে এটি শিশুৰ হাড়ৰ সক্ষমতা বৰ্তাই ৰাখে৷
সেয়েহে নৱজাত শিশুটিক পৰ্যাপ্ত পৰিমাণে মাতৃদুগ্ধ সেৱন কৰিবলৈ দিয়ক৷