সূৰ্যৰ পৰা পোৱা পোহৰ আৰু তাপে পৃথিৱীত জীৱৰ সৃষ্টি সম্ভৱ কৰিলে। ক'বলৈ গ'লে সূৰ্য অবিহনে পৃথিৱীৰ অস্তিত্ব শূন্য। শেহতীয়াকৈ বিজ্ঞানীসকলে এইবুলি আশংকা প্ৰকাশ কৰিছে যে কেইবা কোটি বছৰৰ পাছত সূৰ্যৰ বিনাশ হ’ব আৰু তেতিয়া ই পৃথিৱীখনক সৌৰজগতৰ আটাইতকৈ বেয়া স্থানলৈ পৰিৱৰ্তিত কৰিব৷ সেই সময়ত সূৰ্যৰ আকাৰ ইমানেই বৃদ্ধি পাব যে ই পৃথিৱীৰ উপৰি বুধ আৰু শুক্ৰ গ্ৰহকো গ্ৰাস কৰিব৷ বিজ্ঞানীসকলে কৰা অনুমান মতে সৃৰ্যৰ বৰ্তমান বয়স ৪৬০ কোটি বছৰ৷
সূৰ্যৰ জীৱনকাল হ’ল আনুমানিক প্ৰায় ১০০০ কোটি বছৰ৷ আন কথাত সূৰ্যৰ প্ৰায় আধা বয়স পাৰ হৈছে৷ আৰু প্ৰায় ৫৪০ কোটি বছৰৰ পাছত সূৰ্যৰ শক্তিৰ প্ৰধান উৎস হাইড্ৰজেন ইন্ধন শেষ হৈ পৰিব৷ তেতিয়া শক্তি সৃষ্টিৰ বাবে গধুৰ দ্ৰব্যসমূহৰ সহায় ল’ব৷ সেই সময়ত সূৰ্যৰ অনুক্ৰম পৰ্যায়ৰ অন্ত পৰিব আৰু নক্ষত্ৰটোৰ আকাৰৰ অস্বাভাৱিক পৰিৱৰ্তন দেখিবলৈ পোৱা যাব৷ ফলত সূৰ্যৰ আকাৰ বৰ্তমানৰ এশ গুণৰ অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷ প্ৰসাৰিত সূৰ্যই সৌৰমণ্ডলৰ বুধ, শুক্ৰ আৰু পৃথিৱীক গ্ৰাস কৰিব৷ সেই সময়ত আন কোনো সৌৰমণ্ডলৰ পৰা সূৰ্যক ৰঙা ৰঙৰ এটা ডাঙৰ নক্ষত্ৰ ৰূপে দেখা পোৱা যাব৷ সূৰ্যৰ আকাৰ সলনি হোৱাৰ পাছত ইয়াৰ ভিতৰত বিভিন্ন ধৰণৰ ফিউজন ৰিয়েকশ্যন আৰম্ভ হ’ব৷ ইয়াৰ বাহিৰৰ আৱৰণে হাইড্ৰজেনক ইন্ধনৰূপে জ্বলাব আৰু তাৰ পৰা উৎপন্ন হোৱা পদাৰ্থই সূৰ্যৰ কেন্দ্ৰক শক্তিৰ যোগান ধৰিব৷ ফলত কেন্দ্ৰৰ মূল ভাগটো অধিক সংকুচিত হোৱাৰ লগতে প্ৰায় উষ্ণতা ১০ কোটি ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি পাব৷ ফলত তাত থকা হিলিয়াম জ্বলিবলৈ ধৰিব আৰু অক্সিজেন আৰু কাৰ্বনৰ ফিউজন হ’বলৈ ধৰিব৷ ইয়াৰ ফলত সূৰ্য কেইলাখমান বছৰৰ বাবে সংকুচিত হ’লেও তাৰ পাছত প্ৰায় ১০ কোটি বছৰৰ বাবে ফুলি উঠিব৷ নাছাৰ বিজ্ঞান অভিযান সঞ্চালকালয়ৰ জ্যোতিৰ্বিদ এছ এলন ষ্টাৰ্নে কয় যে ফুলি উঠা সূৰ্যই আমাৰ সৌৰজগতৰ কেইবাটাও গ্ৰহক জ্বলাই ছাইত পৰিণত কৰিব৷ সৌৰজগতৰ পানী আৰু বৰফ থকা সকলো স্থান নোহোৱা হৈ পৰিব৷ সেই সময়ত প্লুটোৰ উষ্ণতাও বৃদ্ধি পাব বুলি তেওঁ কয়৷