কিয় আতৰাই দিয়া হল গৌহাটী চিকিৎসা মহাবিদ্যালয়ৰ সকলো অক্সিজেন চিলিণ্ডাৰ?

0
1806

নিউজ হে’লথ্ প্লাছ, ১৪ ছেপ্টেম্বৰ, ২০২০: গৌহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অক্সিজেন চিলিণ্ডাৰসমূহ আতৰাই দিয়া হৈছে। অক্সিজেন চিলিণ্ডাৰৰ সলনি চিকিৎসালয় প্ৰাংগণত স্থাপন কৰা হৈছে দুটাকৈ প্ৰকাণ্ড অক্সিজেন টেংক। এতিয়াৰে পৰা ৰোগীৰ বিচনাৰ কাষত স্থাপন কৰা ভ্ৰাম্যমাণ গাইগুটীয়া চিলিণ্ডাৰৰ সলনি টেংকৰ পৰা সংযুক্ত পাইপেৰে উমৈহতীয়াকৈ অক্সিজেন যোগানৰ ব্যৱস্থা কৰা হৈছে।

অতি সম্প্ৰতি ৰাজ্যত অক্সিজেনৰ নাটনি বুলি বাতৰি প্ৰকাশ হোৱাৰ পিছতেই ক’ৰোনাকৃত পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰে এই অত্যাধুনিক ব্যৱস্থা সংযুক্ত কৰা বুলি জানিব পৰা গৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here