তিনি হাজাৰ ব’ডী বেগৰ নিবিদা আহ্বান NHM অসমৰ ? কিন্তু কি এই ব’ডী বেগ ? কিয় চৰ্চালৈ আহিছে ব’ডী বেগৰ প্ৰসংগ ?

0
2340

১২ ছেপ্টেম্বৰ, ২০২০; স্বাস্থ্যবাৰ্তাঃ সঘনাই চৰিত্ৰ সলাইছে ক’ৰোনা ভাইৰাচে। ৰাজ্যত ক্ৰমাৎ ভয়াবহ ৰূপ ধাৰণ কৰিছে ইয়াৰ সংক্ৰমণে। সংক্ৰমণৰ সমান্তৰালভাৱে ৰাজ্যত বৃদ্ধি পাইছে মৃত্যুৰ সংখ্যাও। কেৱল গুৱাহাটীতেই প্ৰতিদিনে গড়ে ৫০০ লোক আক্ৰান্ত হ’বলৈ ধৰিছে। সমান্তৰালভাৱে বৃদ্ধি পোৱা মৃত্যুৰ সংখ্যাই চৰকাৰ-প্ৰশাসনৰ একপ্ৰকাৰ মূৰৰ কামোৰণি হৈ পৰিছে। ইতিমধ্যে স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অক্টোবৰ-নৱেম্বৰত হ’ব পৰা সাম্ভাৱ্য সংক্ৰমণ আৰু মৃত্যুৰ ভয়াবহতাৰ কথা সংবাদমেলযোগে উল্ল্যেখ কৰি সকলোকে সচেতন হ’বলৈ আহ্বান জনাইছে।

তাৰ মাজতে যোৱা ২৫ আগষ্ট তাৰিখে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ সঞ্চালক ডাঃ  লক্ষ্মনন এছ, আই এ এছে স্বাক্ষৰ সম্বলিত এক পত্ৰযোগে ৩০০০ “ব’ডী বেগ”ৰ বাবে নিবিদাৰ আহ্বান জনাইছে।

ক’ৰোনা ৰোগীৰ মৃত্যু হ’লে চিকিৎসালয়ৰ পৰা মৃতদেহ শ্মশানলৈ লৈ যাবৰ বাবে ব্যৱহাৰ কৰা হয় এই ব’ডী বেগ। মৃতদেহৰ পৰাও সংক্ৰমণৰ সম্ভাৱনা নুই কৰা নাই বিশ্ব স্বাস্থ্য সংস্থাই। তেনেস্থলত মৃত্যুৰ পিছত ক’ৰোনা ৰোগী এগৰাকীৰ মৃতদেহটো এই ব’ডী বেগত ভৰাই ব’ডী ভানেৰে শ্মশানলৈ লৈ যোৱা হয় আৰু তাতেই বিশেষ সাৱধানতাৰে বিজ্ঞানসন্মতভাৱে মৃতদেহৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়। গতিকে  একে আষাৰে ক’বলৈ গ’লে ব’ডী বেগ হ’ল ক’ৰোনা ৰোগীৰ মৃতদেহ পেকিং কৰি বিজ্ঞানসন্মতভাৱে শ্মশানলৈ লৈ যোৱা এটা আহিলা।

অনাগত অদুৰ দিনত যে ৰাজ্যত ক’ৰোনাত হাজাৰোধিক লোকৰ মৃত্যু ঘটিব পাৰে, শেহতীয়াকৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে ৩০০০ ব’ডী বেগৰ নিবিদা আহ্বান কৰা কাৰ্যই তাৰেই ইংগিত বহন কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here