মহাজাগতিক ঘটনা সূৰ্যগ্ৰহণৰ সময়ত বিশ্বৰ মানুহে বিস্ময় প্ৰকাশ কৰে৷ এনে অস্বাভাৱিক অৱস্থা তথা পৰিঘটনাক স্বচক্ষে বিভিন্ন ধৰণে দেখাৰ চেষ্টা কৰে৷ এনে সময়ত অৱশ্যে কুসংস্কাৰক বিশ্বাস কৰি কিছু নিয়ম-নীতি মানি চলে৷ বিপৰীতে বহুতেই বিজ্ঞানৰ পৰামৰ্শ মানি চলি নিজৰ মতে এই বিৰল পৰিঘটনা উপভোগ কৰে৷ কিন্তু প্ৰাণীজগতৰ আন আন প্ৰাণীবোৰে এই অস্বাভাৱিক ঘটনাৰ সময়ত কি কৰে, সেয়াও জানিবলগীয়া৷ বিজ্ঞানীয়ে জনোৱা মতে এনে মহাজাগতিক পৰিঘটনা দিনৰ ভাগতে বা ৰাতি অন্ধকাৰতে হওক, প্ৰাণীবোৰৰ মাজত অস্থিৰতাই বিৰাজ কৰে৷ এই সময়ত প্ৰাণীৰ ভিতৰত ঠিক কি চলি থাকে, সেয়া যথাৰ্থভাৱে কোৱাটো কঠিন যদিও এনে মহাজাগতিক পৰিঘটনাৰ সময়ত প্ৰাণীবোৰে অস্থিৰতা প্ৰকাশ কৰে৷ আন প্ৰাণীয়ে মানুহৰ দৰে ঘড়ীৰ সহায়ত প্ৰতিটো সময় পাৰ নকৰে৷ কিন্তু সিহঁতে নিজৰে জৈৱিক ঘড়ী মানি চলি ২৮ ঘণ্টা পাৰ কৰে৷ যাক বিজ্ঞানৰ ভাষাত কোৱা হয় ছাৰ্কাডিয়ান ৰিডম বুলি৷ এই জৈৱিক ঘড়ী মানি চলিয়েই নিৰ্দিষ্ট সময়ত খোৱা, জিৰণি লোৱা, চিকাৰ ধৰা আদি কামবোৰ সমাধা কৰে৷ ইয়াৰ মাজেদিয়ে দিন-ৰাতিৰ সময়বোৰ পাৰ কৰে৷ ইয়াৰ ব্যতিক্ৰম হ’লেও সিহঁত ভয় খাই আতংকিত হৈ পৰে আৰু বেলেগ ধৰণৰ আচৰণ কৰিবলৈ লয়৷
মহাজাগতিক ঘটনাৰ সময়ত প্ৰাণীবোৰৰ আচৰণগত পৰিৱৰ্তনক লৈ ছুইডেনৰ লুল্ড বিশ্ববিদ্যায়লৰ পৰিৱেশবিদ ছিছিলিয়া নিলছনে অধ্যয়ন কৰিছিল৷ তেওঁ কৈছিল যে পোহৰ হৈছে এনে এটা বস্তু, যাক গছ-গছনিৰ পৰা আৰম্ভ কৰি প্ৰতিটো প্ৰাণীৰ ওপৰত প্ৰভাৱ পেলায়৷ গতিকে পোহৰৰ অস্বাভাৱিকভাৱে হোৱা পৰিৱৰ্তন অৰ্থাৎ দিনতে ভয়াৱহ আন্ধাৰ পৰিৱেশত প্ৰাণী শংকিত হৈ পৰে৷ আনহাতে ২০০৭ চনত কৰা এটা গৱেষণাত জনা গৈছিল যে সূৰ্যগ্ৰহণৰ সময়ত যি অন্ধকাৰ পৰিৱেশ হয়, তেতিয়া ছাউথ কেৰোলিনাৰ চিৰিয়াখানাৰ জিৰাফে ভয়ত বিতত হৈ দ্ৰুতভাৱে যেনিয়ে তেনিয়ে দৌৰিবলৈ লৈছিল৷ সেই সময়ত আনকি মৌমাখিৰ শব্দও বন্ধ হৈ গৈছিল৷ সূৰ্যগ্ৰহণৰ সময়ত পানীত থকা মাছবোৰেও বেলেগ আচৰণ কৰিবলৈ লয়৷ গভীৰ তলত থকা মাছবোৰ হঠাতে ওপৰলৈ উঠি আহি জঁপিয়াবলৈ ধৰে৷ আনকি মকৰাবোৰেও তেওঁলোকৰ সূতা নষ্ট কৰি পেলায়৷ এই সকলো প্ৰক্ৰিয়াৰ প্ৰধান কাৰণ পৃথিৱীত হঠাতে হোৱা পৰিৱৰ্তন, য’ত সকলো ফালে অন্ধকাৰ দেখি৷ অৰ্থাৎ স্বাভাৱিক জীৱন যাত্ৰাৰ সময়ত হঠাতে অস্বাভাৱিক পৰিৱৰ্তনে প্ৰাণীবোৰৰ আচৰণত প্ৰভাৱ পেলায়৷