বহু শিশুৰ মাজত সৰু কালৰ পৰাই আঙুলি চোবাই থকাৰ অভ্যাস দেখা পোৱা যায়৷ বিশেষকৈ টোপনি মৰা সময়ত, আনৰ কোলাত উমলি থকাৰ সময়ত বা আন সময়তো এইদৰে থাকে৷ কাৰোবাৰ ক্ষেত্ৰত আকৌ বয়স বঢ়াৰ লগে লগে এই অভ্যাসটো থাকি যায়৷ যিকোনো সময়তে নিজৰ আঙুলি চোবোৱা, কিবা কাম মনোযোগেৰে কৰিব লগা হ’লে, কিবা কামত ভয় খালে, সুখ বা দুখৰ মুহূৰ্ততো এই অভ্যাস স্পষ্ট ৰূপত প্ৰকাশ পায়৷ এইধৰণৰ কুঅভ্যাস গঢ় লৈ উঠাৰ ফলত পাছত গৈ কেৰিয়াত ব্যাঘাত জন্মায়৷ বহু অভিভাৱকে তেওঁলোকৰ সন্তানৰ এই কুঅভ্যাস এৰাবলৈ বহু চেষ্টা কৰিলেও সুফল নাপায়৷ মনত ৰখা ভাল যে সন্তানৰ ক্ষেত্ৰত সকলোতকৈ প্ৰিয় বা বিশ্বাসভাজন মানুহ হ’ল তেওঁলোকৰ পিতৃ-মাতৃ৷ মাক-বাপেকৰ পৰা প্ৰতিমুহূৰ্ততে সমৰ্থন বিচাৰে সন্তানে৷ সেয়ে পিতৃ-মাতৃয়েও এই দিশলৈ নজৰ দিয়া একান্তই প্ৰয়োজন৷ মাক-বাপেকৰ সন্তানৰ লগত বিভিন্ন ক্ষেত্ৰত মিল থাকে৷ পিতৃ-মাতৃয়ে সন্তানৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়িবলৈ চেষ্টা কৰক৷ যাতে সন্তানে আপোনাৰ লগত সকলো কথাই চেয়াৰ কৰে৷ তেনে অৱস্থাত জানি লওক কেতিয়া শিশুৰ এনে কাম কৰিবলৈ ইচ্ছা জন্মে৷ সন্তানে আঙুলি চোবাই থকাৰ সময়ত মোটিভেট কৰিবলৈ চেষ্টা কৰক৷ তেনে সময়ত আন কামত মন বহুৱাবলৈ কামত লগাই দিয়ক৷ মনত ৰাখিব যেতিয়া শিশুৱে চোবাবলৈ মুখলৈ আঙুলি নিয়ে, সেই সময়ত বেয়া ব্যৱহাৰ বা ডাবি-ধমকি নিদিব৷ সিহঁতক বুজাবলৈ চেষ্টা কৰক ইয়াৰ ফলত হ’ব পৰা ক্ষতিৰ বিষয়ে৷ আগত দিনত শিশুৱে মুখত আঙুলিৰে চোবালে নিম পাত লগাই দিছিল৷ যাতে নখত নিমপাত লাগি তিতা অনুভৱ কৰে আৰু এই বদভ্যাস পৰিত্যাগ কৰে৷ অৱশ্যে শিশুৰ অজানিতে এনে ব্যৱস্থাও কৰিব পাৰে৷ আপোনাৰ শিশুক কেতিয়াও লোভ নেদেখুৱাব৷ কিবা উপহাৰৰ বিনিময়ত লোভ দেখুৱাই এই অভ্যাস ত্যাগ কৰিবলৈ চেষ্টা নকৰিব৷ কেৱল ইয়াৰ কুফলৰ বিষয়ে বুজনিহে দিয়ক৷