বিশ্বৰ বিভিন্ন স্থানত কেতিয়াবা নভবা-নিচিন্তা ঘটনা সংঘটিত হয়৷ যিবোৰ প্ৰাকৃতিকভাৱে নহৈ অস্বাভাৱিকভাৱে হয় আৰু সকলোকে এবাৰ হ’লেও ভবাই তোলে যে পৃথিৱীত এনে ঘটনাই ঘটিব পাৰে নেকি? তেনে এক অস্বাভাৱিক ঘটনাই ঘটে অষ্ট্ৰেলিয়াত ৷ উত্তৰ অষ্ট্ৰেলিয়াৰ এটা স্থানত যোৱা সপ্তাহত হঠাৎ মাছৰ বৰষুণ হ’বলৈ আৰম্ভ কৰে৷ এই দৃশ্য দেখি স্থানীয় লোকসকলেও আচৰিত হৈ পৰে৷ এই ঘটনাটো ঘটে উত্তৰ অষ্ট্ৰেলিয়াৰ লাজামানুত৷ যোৱা সপ্তাহত লাজামানুত বৰষুণ আৰু বা-মাৰলী হৈছিল৷ এই বৰষুণতে হঠাতে আকাশৰ পৰা মাছ সৰিবলৈ আৰম্ভ কৰে৷ স্থানীয় লোকে বৰষুণ এৰাৰ পাছত যথেষ্ট মাছ ধৰে৷ উল্লেথ্য যে লাজামানু উত্তৰ অষ্ট্ৰেলিয়াৰ তনামী মৰুভূমিৰ কাষতে থকা এখন চহৰ৷ আকাশৰ পৰা মাছ সৰা সন্দৰ্ভত স্থানীয় লোকে কয় যে চহৰখনত অলপতে বা-মাৰলী আহিছিল৷ তেওঁলোকে বা-মাৰলীৰ লগতে ধাৰাসাৰ বৰষুণো আহিব বুলি ভাবিছিল৷ কিন্তু কেইমুহূৰ্তমানৰ ভিতৰতে যি ঘটি গ’ল তাৰ দেখি তেওঁলোকে আচৰিত হৈ পৰে৷ হোৰাহোৰে আকাশৰ পৰা শ শ মাছ তললৈ সৰি পৰে৷ ডেইলী মেইলে এই বাতৰি দিছে৷ আনহাতে বতৰ বিজ্ঞানীসকলৰ মতে শক্তিশালী ধুমুহাত নদী, জলাশয়ৰ পানীৰ লগতে ইয়াত থকা মাছো ওপৰলৈ উঠি যায় আৰু কেইবাশ কিলোমিটাৰ দূৰৈত বৰষুণৰ পানীৰ লগত তললৈ সৰি পৰে৷