বিৰল গৰ্ভাৱস্থা ঃ জন্ম দিলে MoMo twins সন্তান : ক’ত?

0
199


হয়, ঠিকেই পঢ়িছে৷ মোমো যমজ বা MoMo twins৷ যাক ত্তপ্সত্ত্বপ্স-ত্তপ্সত্ত্বপ্স বুলিও কোৱা হয়৷ অবিকল দেখাত একেই যমজ সন্তান৷ চিকিৎসাৰ পৰিভাষাত ইয়াক identical twins বুলি কোৱা হয়৷ এইদৰে জন্ম হোৱা যমজ সন্তানৰ জন্মৰ প্ৰক্ৰিয়া অত্যন্ত জটিল৷ গৰ্ভাৱস্থাৰ পৰা মাতৃৰ গৰ্ভৰ বিদৰে দুটা ভ্ৰূণ বাঢ়িব, তাৰ ওপৰতেই নিৰ্ভৰ কৰে গৰ্ভকালীন জটিলতাৰ কথা৷ মোমো যমজৰ ক্ষেত্ৰত ব্যাপাৰতা সেইৰকমৰেই৷ চিকিৎসকৰ মতে মোমো যমজৰ গৰ্ভাৱস্থা অন্যন্ত বিৰল৷ প্ৰতি ৬০ হাজাৰ মহিলাৰ মাজত মাত্ৰ এগৰাকীৰ ক্ষেত্ৰতহে এই গৰ্ভাৱস্থা দেখিবলৈ পোৱা যায়৷ সেইবাবে এইধৰণৰ গৰ্ভাৱস্থাৰ ক্ষেত্ৰত নানা জটিলতাই দেখা দিব পাৰে৷ গৰ্ভস্থ সন্তান সুস্থভাৱে জন্ম লাভ কৰিবনে নাই বা বাচিবনে নাই, সেইটো চিন্তাৰ কাৰণ হৈ পৰে৷ বিভিন্ন সময়ত গৰ্ভস্থ দুই সন্তানৰ লগ লাগি গ’লে কনজয়েণ্ড টুইনছ প্ৰস্তুত হয়৷ এইধৰণৰ শিশুৰ ক্ষেত্ৰত শৰীৰৰ বিভিন্ন অংশ লগ লাগি থাকে৷ সাধাৰণতে গৰ্ভ থকা প্ৰতিটো শিশুৰ বাবে বেলেগ থলী, বেলেগ প্লাচেণ্টা বা ফুল থাকে৷ কিন্তু এইক্ষেত্ৰত সাধাৰণতে এখন প্লাচেণ্টা আৰু এখন এমনিঅ’টিক থলী থাকে৷ যমজ সন্তানৰ ক্ষেত্ৰত মাতৃৰ শৰীৰ থকা তৰল একেখন প্লাচেণ্টাৰ পৰা ভাগ কৰি লয়৷ এই প্লাচেণ্টাই ভ্ৰূণ আৰু মাতৃৰ জৰায়ুৰ প্ৰাচীৰৰ ঘনিষ্ঠভাৱে সংযোগ স্থাপন কৰে৷ যাৰ জৰিয়তে মাক আৰু ভ্ৰূণৰ মাজত বিভিন্ন পদাৰ্থৰ আদান প্ৰদান হয়৷ অৰ্থাৎ মাকৰ শৰীৰত থকা জৰায়ুৰ ফুলেৰ যোগেদি ভ্ৰূণে বিকাশ লাভ কৰে৷ মানুহকে ধৰি আন প্ৰাণীৰ ক্ষেত্ৰতো শুক্ৰাণু আৰু ডিম্বাণুৰ মিলনৰ ফলত জাইগোট প্ৰস্তুত হয়৷ এই প্ৰক্ৰিয়াটোক নিষেচন বোলে৷ লাহে লাহে জাইগোটৰ বিভাজনৰ মাধ্যমেৰে এটা পূৰ্ণাংগ জীৱৰ অৱয়ৱ ধাৰণ কৰে৷ এটা ভ্ৰূণৰ ক্ষেত্ৰত প্ৰক্ৰিয়াটো সঠিক যদিও কিন্তু গৰ্ভস্থ যমজ সন্তানৰ ক্ষেত্ৰত এই প্ৰক্ৰিয়াত নানা ভিন্নতা পোৱা যায়৷ যমজ সন্তান মূলতঃ দুই ধৰণৰ– মনোজাইগোটিক বা আইডেণ্টিকেল যমজ আৰু ডাইজাইগোটিক যমজ৷ কেতিয়াবা দুটা শুক্ৰাণু আৰু দুটা ডিম্বাণুৰ মিলনত দুটা জাইগোট তৈয়াৰ হয়৷ তেতিয়া এই দুটা জাইগোটৰ বিভাজনৰ ফত যি যমজ সন্তানৰ জন্ম হয় তাক ডাইজাইগোটিক যমজ বোলে৷ আনহাতে মনোজাইগোটিক ক্ষেত্ৰত এটা মাত্ৰ জাইগোটিক ফলত সন্তানৰ জন্ম হয়৷ ৭০ শতাংশ মনোজাইগোটিক যমজ সন্তান এটা মাত্ৰ অমৰাৰ মাধ্যমেৰে মাতৃৰ দেহৰ সৈতে যুক্ত থাকি খাদ্য, পুষ্টি সংগ্ৰহ কৰে৷ ভ্ৰূণৰ বিকাশ হৈ এইদৰে ক্ৰমে মাতৃগৰ্ভত বাঢ়িবলৈ ধৰে৷ আমেৰিকাৰ এলাবামা চহৰত ব্ৰিটনি নামৰ মহিলাগৰাকীয়ে এইদৰে মনোকোৰিঅ’নিক যমজ সন্তান জন্ম দিয়ে৷ একেবাৰে বিৰল এই গৰ্ভাৱস্থা প্ৰথমৰ পৰাই আছিল জটিলতাৰে ভৰা৷ গৰ্ভপাত, ভ্ৰূণৰ জন্মগত ত্ৰুটী, সন্তানৰ জন্ম লাভৰ সময়ত নানাধৰণৰ সমস্যা আদি হোৱাৰ আশংকা আছিল৷ কিন্তু শেষমুহূৰ্তত ব্ৰিটনিয়ে দুই সম্পূৰ্ণ সুস্থ যমজ সন্তান প্ৰসৱ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here