পথত চলা গাড়ীয়ে যিমানখিনি প্ৰদূষণৰ সৃষ্টি কৰে, সিমানখিনি প্ৰদূষণ হয়তো আন কোনো মাধ্যমেৰে সৃষ্টি নহয়৷ পৰিৱেশ প্ৰদূষণৰ অন্যতম কাৰক হ’ল গাড়ীৰ পৰা ওলোৱা ধোঁৱা৷ গাড়ীৰ পৰা ধোঁৱাৰ লগতে কাৰ্বন ডাই অক্সাইডো উৎপন্ন হয়৷ সেয়েহে বিভিন্ন দেশত এতিয়া চাইকেল চলোৱাৰ প্ৰৱণতা বৃদ্ধি পাইছে৷ সেয়ে চাইকেল চলোৱাৰ অভিযান আৰম্ভ হৈছে৷ আনকি কেইবাখনো দেশত এতিয়া চাইকেল চলালে আৰ্থিক সাহায্যও দিয়া হয়৷ এই ক্ষেত্ৰত সকলোৰে আগত আছে ইউৰোপৰ দেশসমূহ৷ ইউৰোপৰ দেশবোৰত চাইকেল চলাই কাৰ্যালয়লৈ যোৱাৰ অভিযান চলাই থকা হৈছে৷ আনহাতে বেলজিয়ামত চাইকেল চলাই কাৰ্যালয়লৈ গ’লে চৰকাৰৰ ফালৰ পৰা পুৰস্কাৰ দিয়াৰ কথা ঘোষণা কৰা হৈছে৷ দেশখনত চাইকেল চলাই কাৰ্যালয়লৈ যোৱা কৰ্মচাৰীক প্ৰতি কিলোমিটাৰত ০.২২ ইউৰোকৈ দিয়া হয়৷ আনহাতে অহা মে’ মাহৰ পৰা এই ধনৰাশি পৰিমাণ বঢ়াই ০.২৭ ইউৰো কৰা হ’ব৷ দেশখনত ২০১৭-১৮ বৰ্ষত প্ৰায় ১১ শতাংশ লোকে চাইকেল চলাবৰ বাবে ব্যৱহাৰ কৰিবলৈ লৈছে৷ আনহাতে নেদাৰলেণ্ডত প্ৰতিদিনে দহ ঘণ্টাকৈ চাইকেল চলালে বছৰি ৪৮০ ইউৰোকৈ দিয়া হয়৷ ইটালিত আকৌ চাইকেল চলাই কাৰ্যালয়লৈ গ’লে কৰ্মচাৰীক মাহে ২৫ ইউৰোকৈ দিয়া হয়৷ আনহাতে ব্ৰিটেইনত চাইকেল ক্ৰয় কৰিব বিচাৰে চৰকাৰৰ ফালৰ পৰা কম সুতত ঋণ দিয়াৰ ব্যৱস্থা আছে৷ একেদৰে লাক্সেমবাৰ্গত ৬০০ ইউৰোৰ অধিক দামৰ চাইকেল কিনিলে ৫০ শতাংশ ৰেহাইৰ দিয়াৰ ব্যৱস্থা আছে৷ এইদৰে বিশ্বৰ বিভিন্ন ঠাইত প্ৰদূষণ ৰোধৰ বাবে চাইকেল চলোৱাৰ পৰামৰ্শ দিয়া হৈছে৷ আনহাতে চাইলেক চলালে পুৰস্কাৰৰো ব্যৱস্থা কৰা হৈছে৷