সমুদ্ৰৰ উচ্চতা বৃদ্ধিৰ ফল : সাগৰত বিলীন হ’ব ভাৰতৰ দুই মহানগৰ

0
202


সমুদ্ৰপৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ ফলত ভাৰতৰ দুখন মহানগৰ ক্ৰমে তামিলনাডুৰ ৰাজধানী চেন্নাই আৰু পশ্চিম বংগৰ ৰাজধানী কলকাতা সাগৰত বিলীন হৈ যাব পাৰে৷ এটা নতুন অধ্যয়নত এই আশংকা প্ৰকাশ কৰা হৈছে৷ অধ্যয়নটোত কোৱা হৈছে যে চলিত শতিকাত সমুদ্ৰৰ জলস্তৰৰ উচ্চতা বৃদ্ধিয়ে এছিয়াৰ কেইবাখনো আগশাৰীৰ মহানগৰৰ লগতে বিষুৱীয় মণ্ডলৰ পৰা প্ৰশান্ত সাগৰীয় দ্বীপসমূহ আৰু দক্ষিণ ভাৰত মহাসাগৰত থকা দ্বীপসমূহৰ প্ৰতিও ভাবুকিৰ সৃষ্টি কৰিব৷ নেচাৰ ক্লাইমেট চেঞ্জ নামৰ পত্ৰিকাখনত প্ৰকাশিত প্ৰতিবেদনত এই কথা প্ৰকাশ কৰা হৈছে৷ ইয়াৰ গৱেষকসকলে এইবুলি কয় যে যদিহে উচ্চ হাৰত গ্ৰীন হাউছ গেছৰ নিৰ্গমণ অব্যাহত থাকে, তেন্তে এছিয়াৰ কেইবাখনো বৃহৎ মহানগৰ ভাবুকিৰ সন্মুখীন হ’ব৷ চেন্নাই আৰু কলকাতাৰ উপৰি য়াংগন, বেংকক, হো চি মিন চিটি আৰু মেলিনাও ইয়াৰ ভিতৰত আছে৷ অধ্যয়নটো মতে ভাৰতৰ মুম্বাই, কোচি, মেংগালুৰু, চেন্নাই, বিশাখাপট্টনম আৰু তিৰুৱনন্তপুৰমৰ একাংশ অঞ্চল ২০৫০ চনৰ ভিতৰত সাগৰৰ পানীত বুৰ যাব৷ নতুন অধ্যয়নটোত প্ৰকাশ পোৱা মতে আভ্যন্তৰীণ জলবায়ু পৰিৱৰ্তনৰ ফলত কিছুমান স্থানত সমুদ্ৰৰ জলস্তৰ ২০-৩০ শতাংশলৈ বৃদ্ধি পাব পাৰে আৰু অত্যধিক হাৰত বানপানীৰ ঘটনা বৃদ্ধি পাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here